ETV Bharat / bharat

ভাৰতৰ কথাঃ ম'হৰ প্ৰকৃত গৰাকী নিৰ্ণয় কৰিবলৈ ডিএনএ পৰীক্ষা

বিষয়ে নিশ্চিত নোহোৱালৈকে ম’হটো আৰক্ষীৰ জিম্মাতেই থাকিব, বিহাৰৰ আজৱ ঘটনাৰ বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Gaya buffalo theft case Magadh IG Vikas Vaibhav ordered DNA test of the buffalo
ম'হৰ প্ৰকৃত গৰাকী নিৰ্ণয় কৰিবলৈ ডিএনএ পৰীক্ষা (Canva)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 6:27 PM IST

4 Min Read
Choose ETV Bharat

গয়া (বিহাৰ): এটা ম'হে দুই পক্ষক লটিঘটি কৰিছে । এতিয়া বিষয়টো এনে এক পৰ্যায়ত উপনীত হৈছে যে প্ৰকৃত গৰাকী কোন সেয়া নিৰ্ণয় কৰিবলৈ ম'হ ডিএনএ পৰীক্ষা কৰিবলগীয়া হৈছে।

ম'হটোৰ প্ৰকৃত মালিক চিনাক্ত কৰিবলৈ মগধ ৰেঞ্জৰ আইজি বিকাশ বৈভৱে ডিএনএ টেষ্টৰ নিৰ্দেশ দিছে ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে এতিয়া গ্ৰাম্য আৰক্ষী অধীক্ষকক ম’হটো পৰীক্ষাৰ অন্ততহে প্ৰকৃত মালিকক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে । এই বিষয়ে নিশ্চিত নোহোৱালৈকে ম’হটো আৰক্ষীৰ জিম্মাতেই থাকিব।

Gaya buffalo theft case Magadh IG Vikas Vaibhav ordered DNA test of the buffalo
সুৰজ যাদৱৰ সমৰ্থকসকলে আই জিলৈ আহিছিল এজাহাৰ দাখিল কৰিবলৈ (ETV Bharat)

এই ঘটনা সন্দৰ্ভত মগধৰ আই জি বিকাশ বৈভৱে কয়, "আটাৰীত এটা ম'হক লৈ দুই পক্ষৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে । দুয়োপক্ষই ম'হটো নিজৰ বুলি দাবী কৰি আহিছে । সেয়েহে ম'হটোৰ প্ৰকৃত মালিক নিৰ্ণয় কৰিবলৈ ডিএনএ পৰীক্ষা কৰা হ'ব ।"

কাহিনীটো কি ?

গয়া জিলাৰ আটাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছেউতাৰৰ বাসিন্দা সুৰজ যাদৱৰ ম’হটো এদিন হেৰাইছিল । তেওঁলোকৰ ঘৰৰ দুৱাৰমুখৰ পৰা ম’হটো নোহোৱা হোৱা দেখি পৰিয়ালটো চিন্তিত হৈ বিচাৰ-খোচাৰ কৰে যদিও বিচাৰি নাপালে । ইয়াৰ মাজতেই তেওঁলোকে ম’হটো নৌৰাংগা টোলীৰ প্ৰকাশ মাঞ্জীৰ ঘৰত বান্ধি থোৱা প্ৰত্য়ক্ষ কৰে ।

দুটা পক্ষৰ বিবাদ

এই তথ্য লাভ কৰাৰ লগে লগে সুৰজ যাদৱে প্ৰকাশ মাঞ্জীৰ ঘৰলৈ গৈ ম'হটো নিজৰ বুলি দাবী কৰি ঘৰলৈ নিয়ে । সুৰজ যাদৱে ইয়াৰ পিচতেই থানাত উপস্থিত হৈ ম'হটো নিজৰ বুলি দাবী কৰে।

আটাৰী থানাৰ মুৰব্বী অজয় ​​কুমাৰে সুৰজ যাদৱক থানালৈ মাতি আনি সোধা-পোছাৰ অন্তত আৰক্ষীয়ে ম’হটোক থানালৈ লৈ আহে । থানাতেই দুদিন ধৰি ম’হটো বান্ধি থয় । আৰক্ষীয়ে ম’হটোক থানালৈ অনাৰ পিছতে সুৰজ যাদৱৰ সমৰ্থকসকলে হুলস্থুল কৰে ।

Gaya buffalo theft case Magadh IG Vikas Vaibhav ordered DNA test of the buffalo
প্ৰাক্তন বিধায়ক অজয় ​​যাদৱে আই জিৰ ওচৰত আবেদন দাখিল কৰিবলৈ আহিছিল ৷ (ETV Bharat)

সাংবাদিকৰ প্ৰশ্ন

ইফালে, এজন সাংবাদিকে কি ভিত্তিত ম’হটো থানালৈ আনিছে বুলি প্ৰশ্ন কৰে । ইয়াৰ পিছতে থানাৰ মুৰব্বীজনে ম’হটো সুৰজ যাদৱৰ হাতত গতাই দিয়ে । আৰক্ষীৰ এই সিদ্ধান্তত প্ৰকাশৰ খং উঠে । পিচত তেওঁ সুৰজ যাদৱৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতিৰ গোচৰ ৰুজু কৰে ।

প্ৰাক্তন বিধায়কৰ হস্তক্ষেপ

বিবাদ ইমানেই তীব্ৰতৰ হয় যে আটাৰীৰ আৰজেডিৰ প্ৰাক্তন বিধায়ক অজয় ​​যাদৱ ওৰফে ৰঞ্জিত যাদৱে মগধৰ মহাপৰিদৰ্শক বিকাশ বৈভৱৰ ওচৰ চাপি বিষয়টো সন্দৰ্ভত তেওঁ এখন আবেদন দাখিল কৰে । বিকাশ বৈভৱে প্ৰাক্তন বিধায়কগৰাকীক তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়ে । ইয়াৰ পিছতে ৰাইজ শান্ত হৈ ঘৰলৈ উভতি আহে ।

ভাৰপ্ৰাপ্ত বিষয়াৰ কৰ্মশৈলী সন্দৰ্ভত প্ৰশ্নঃ

এই ​​গোচৰত প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰে যে আটাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী দীৰ্ঘদিন ধৰি বিতৰ্কৰ মাজত আছে । তেওঁ বালিৰ ব্যৱসায়ত অসৎ কামত লিপ্ত হৈছে । সুৰজ যাদৱৰ বিৰুদ্ধে যি ধৰণে গোচৰ ৰুজু কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা আৰু তেওঁ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধেও তদন্তৰ আবেদন জনায় ।

Gaya buffalo theft case Magadh IG Vikas Vaibhav ordered DNA test of the buffalo
আই জিৰ কাৰ্যালয়ত উপস্থিত হ’ল হাম পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ (ETV Bharat)

ইটিভিৰ আগত আৰজেডিৰ প্ৰাক্তন বিধায়ক অজয় ​​যাদৱে কয়, "সুৰজ যাদৱ অতি দুখীয়া । তেওঁ গোচৰটোৰ বিৰুদ্ধে যুঁজিব নে পৰিয়ালটোক পোহপাল দিব ? আৰক্ষী থানাৰ মুৰব্বীক জেৰা কৰা সাংবাদিকজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে ।"

সোমবাৰে এই সন্দৰ্ভত হাম পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্যাম সুন্দৰ শৰণে মহাপৰিদৰ্শক বিকাশ বৈভৱৰ সৈতে সাক্ষাৎ কৰে । শ্যাম সুন্দৰ শৰণৰ মতে, ম’হটোৰ প্ৰকৃত মালিক চিনাক্ত কৰিবলৈ আই জিয়ে ডিএনএ পৰীক্ষাৰ নিৰ্দেশ দিছে । ম’হটোৰ নিজ নিজ জাতৰ বংশৰ সৈতে ডিএনএ পৰীক্ষা কৰি প্ৰকৃত মালিক চিনাক্ত কৰাত কিছু সফলতা হ’ব পাৰে ।

লগতে পঢ়ক:ডঃ ৰুবুল মাউতৰ নামত আমেৰিকাৰ বিশ্বশ্রেষ্ঠ গৱেষণা প্ৰতিষ্ঠানত লেব স্থাপন

আপোনাৰ এনেকুৱা আচৰণৰ কথা হিমন্ত বিশ্ব শৰ্মাজীক লগাই দিম... ! পৱন খেড়াক ৰিজিজুৰ ধমক