আদানি-শিৱকুমাৰৰ বৈঠক;ৰাজনৈতিক মহলত ব্যাপক চৰ্চা
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বাসগৃহত গৌতম আদানি । ২০ মিনিট ধৰি মুখ্যমন্ত্ৰীৰে বৈঠক । কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ ।

Published : August 23, 2026 at 6:51 PM IST
বেংগালুৰু : আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে দেওবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক সাক্ষাৎ কৰে । বেংগালুৰুৰ সদাশিৱনগৰস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত বিশিষ্ট উদ্যোগপতিগৰাকীয়ে তেওঁৰ সৈতে বৈঠকত মিলিত হয় । প্ৰায় ২০ মিনিট সময়ত তেওঁলোকে বৈঠকত মিলিত হয় ।
বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শিৱকুমাৰে কয়, "মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ মোক প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ ইয়ালৈ আহিছে । ইয়াত তেওঁলোকে বহুত নিযুক্তি দিছে । এয়া কেৱল সৌজন্যতামূলক সাক্ষাৎ আছিল ।"
Bengaluru, Karnataka: Adani Group Chairman Gautam Adani leaves the residence of Chief Minister DK Shivakumar after meeting him pic.twitter.com/z9gjSc5HHO
— IANS (@ians_india) August 23, 2026
ইফালে আদানি আৰু শিৱকুমাৰৰ এই বৈঠকে ৰাজনৈতিক মহলত তীব্ৰ কৌতুহলৰ সৃষ্টি কৰিছে । কিয়নো সচৰাচৰ কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু পুঁজিপতিৰ সম্পৰ্কক লৈ বিৰোধী কংগ্ৰেছে সমালোচনা কৰি থাকে । তেনে ক্ষেত্ৰত কংগ্ৰেছ শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক পুঁজিপতি আদানিয়ে সাক্ষাৎ কৰাত ৰাজনৈতিক মহলত চৰ্চা চলিছে ।
জানিব পৰা মতে আদানিয়ে প্ৰথমে 'আৰ্ট অৱ লিভিং' পৰিদৰ্শন কৰে । তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় । খবৰ অনুসৰি এই বৈঠকত ৰাজ্যখনত বিভিন্ন বিনিয়োগ সম্পৰ্কত আলোচনা হয় । বেংগালুৰুৰ প্ৰস্তাৱিত সুৰংগ প্ৰকল্প সম্পৰ্কতো আলোচনা হয় বুলি চৰ্চা চলিছে ।
কৰ্ণাটক চৰকাৰে হেবল আৰু ৰেচম ব'ৰ্ডৰ মাজত প্ৰায় ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণৰ পৰিকল্পনা কৰি আছে । নিবিদা প্ৰক্ৰিয়াত আদানি এণ্টাৰপ্ৰাইজ লিমিটেডে ২২,২৬৭ কোটি টকাৰ নিবিদাৰে সৰ্বনিম্ন নিবিদাকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে । এই বিষয়টোৰ ওপৰতো আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।
ইয়াৰ উপৰিও তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে আদানিৰ সৈতে বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছিল । যাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও আদানিৰ সৈতে বৈঠকত মিলিত হৈছে । সেয়ে নিশ্চিতভাৱে বিভিন্ন ৰাজনৈতিক নেতাই প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে ।
#WATCH | Bengaluru, Karnataka: Adani Group Chairman Gautam Adani leaves the residence of Chief Minister DK Shivakumar after meeting him pic.twitter.com/xv9niK9moR
— ANI (@ANI) August 23, 2026
বিজেপিৰ জ্যেষ্ঠ নেতা আৰ অশোকে এই বৈঠকক সমালোচনা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিৱকুমাৰক আদানিক সাক্ষাৎ কৰাৰ অনুমতি দিছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি অশোকে কয়, "কংগ্ৰেছে দিল্লীত আদানিৰ বিৰোধিতা কৰে আনহাতে কৰ্ণাটকত তেওঁৰ পক্ষত থাকে । এয়া দুমুখীয়া স্থিতি নহয়নে ?"
তেওঁ কয় যে কৰ্ণাটক চৰকাৰে আদানিক ৰঙা দলিচা পাৰি দিব বিছাৰিছে । অশোকে শিৱকুমাৰক ৰাহুল গান্ধীক এই কথা ক'বলৈও আহ্বান জনাইছে যে আদানি এগৰাকী ব্যৱসায়ী আৰু কেৱল ব্যৱসায় কৰি আছে ।
ইফালে অশোকে ৰাহুল গান্ধীৰ পৰিৱেশ সক্ৰিয়তাক লৈও সমালোচনা কৰে । তেওঁ ৰাহুল গান্ধীক বেংগালুৰুলৈ আহি প্ৰস্তাৱিত সুৰংগ পথৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা লালবাগ বা ছাংকে টেংকত গছ এজোপা সাৱটি ধৰিবলৈ আহ্বান জনাইছে । লক্ষণীয় যে বিজেপিয়ে এই সুৰংগ পথৰ তীব্ৰ বিৰোধিতা কৰি আছে । ইয়াৰ বিৰোধিতাৰে ইতিমধ্যে এজন সাংসদে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।
লগতে পঢ়ক :

