আপোনাৰ গাড়ীখন ঘাইপথত বেগেৰে গৈ থকা দেখি আমি অসমৰ মানুহে ঈৰ্ষা কৰিছিলো... ! গাডকাৰীক কিয় ক'লে গৌৰৱে ?
গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে অসমৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে সংসদৰ দৃষ্টি আকৰ্ষণ কৰে ৷

By ANI
Published : December 4, 2025 at 1:33 PM IST
নতুন দিল্লী: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে অসমৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে সংসদৰ দৃষ্টি আকৰ্ষণ কৰে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা সদুত্তৰ বিচাৰে ৷ লোকসভাত আজি প্রশ্নোত্তৰকালত গগৈয়ে ঘাইপথত গাড়ীত উঠি নীতিন গাডকাৰীক দেখুওৱা ভাইৰেল ভিডিঅ’ৰ কথা উল্লেখ কৰি ভিডিঅ’টোত দেখুওৱাৰ দৰে ভাল ঘাইপথ অসমত নাই বুলি অভিযোগ উত্থাপন কৰে ৷
গৌৰৱ গগৈয়ে কয়, "ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছিল, য'ত আপোনাৰ গাড়ীখন ঘাইপথত বেগেৰে গৈ থকা দেখা গৈছিল । অসমত আমি ঈৰ্ষা কৰিছিলো কিয়নো টোলগেট আছে আৰু আমি ঘণ্টাত ১০০-১৩০ কিলোমিটাৰ বেগত গাড়ী চলাব নোৱাৰো ৷ কাৰণ ৰাস্তাৰ অৱস্থা ইমানেই বেয়া । অসমৰ মানুহে টোল দি আছে যদিও আপোনাৰ ভিডিঅ'ৰ দৰে ভাল মানৰ হাইৱে লাভ কৰা নাই । বিশেষকৈ, যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি বেয়া । আপোনাৰ হস্তক্ষেপৰ পিছত জাঁজী অংশটো এতিয়া ভাল, কিন্তু তাৰ পিছৰ অংশৰ পৰা ৰাস্তা বেয়া হৈছে ।"
ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে প্ৰবল বৰষুণৰ ফলত ঘাইপথটো ক্ষতিগ্ৰস্ত হৈছে ।
সদনত নীতিন গাডকাৰীয়ে কয়, "সাংসদগৰাকীয়ে যি ক'লে সেয়া সত্য । বৰষুণৰ পিছত পথটোৰ ক্ষতি হৈছে । তদন্তও কৰা হৈছিল আৰু কথাবোৰ শুধৰণি কৰা হৈছিল । মোৰ বিশ্বাস পথটো ঠিক হৈ উঠিব ।"
উল্লেখ্য যে উত্তৰ ভাৰতৰ বায়ু প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী সাংসদসকলে দিয়া শ্লোগানেৰে আজি লোকসভাৰ কাৰ্যসূচী আৰম্ভ হয়।
ইফালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নেচনেল চিকিউৰিটী চেছ বিল 2205 আজি নিম্ন সদনত বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰাৰ সম্ভাৱনা আছে ।
বিধেয়কখনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাস্থ্যৰ ব্যয় পূৰণৰ বাবে সম্পদ বৃদ্ধি কৰা আৰু নিৰ্দিষ্ট সামগ্ৰী নিৰ্মাণ বা উৎপাদনৰ বাবে গ্ৰহণ কৰা মেচিন আৰু অন্যান্য প্ৰক্ৰিয়াৰ ওপৰত উক্ত উদ্দেশ্যৰ বাবে চেছ আৰোপ কৰা ৷

