ETV Bharat / bharat

অ’ এন জি চিৰ খাদত গেছ লিক হৈ বিধ্বংসী অগ্নিকাণ্ড

মেৰামতিৰ কামৰ সময়ত অ’ এন জি চিৰ এটা খাদত হোৱা বিস্ফোৰণে সৃষ্টি কৰে আতংকৰ । এই ঘটনাত শতাধিক নাৰিকল গছ জ্বলি যায় ৷

GAS LEAK AT ONGC DRILL SITE
অগ্নিকাণ্ডটো সংঘটিত হোৱা স্থানৰ দৃশ্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 11:44 PM IST

2 Min Read
Choose ETV Bharat

অমলাপুৰম(অন্ধ্ৰপ্ৰদেশ): অন্ধ্ৰপ্ৰদেশৰ ড৹ বি আৰ আম্বেদকাৰ কোনাছিমা জিলাত সোমবাৰে অ’ এন জি চিৰ তৈল কুঁৱাত গেছ নিৰ্গত হোৱাৰ ফলত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডই স্বাভাৱিকতে গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰে ৷

ইৰুসুমন্দা গাঁৱৰ মোৰি-৫ নং কুঁৱাত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ য’ত অ’ এন জি চিৰ ঠিকাদাৰী প্ৰতিষ্ঠান দীপ ইণ্ডাষ্ট্ৰীজ লিমিটেডে উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি আছিল ।

অ’ এন জি চিৰ বিষয়াসকলৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ খবৰ পোৱা নাই । জানিব পৰা মতে, নিশা প্ৰায় ১২.৩০ বজাত অগ্নিকাণ্ডটো সংঘটিত হয় । যেতিয়া চলি থকা কামৰ মাজতে পাইপলাইনৰ পৰা গেছ লিক হৈছিল ।

প্ৰায় ১০০ ফুটতকৈও অধিক ওপৰলৈ দেখা গৈছিল জুইৰ শিখা ৷ এই অগ্নিকাণ্ড ইমানে ভয়াবহ আছিল যে সমীপতে থকা নাৰিকলৰ বাগিচাবোৰক জুইৰ লেলিহান শিখাই আগুৰি ধৰে আৰু গাঁওবোৰলৈও বিয়পি যায় ডাঠ ক’লা ধোঁৱা ৷

ৰাজহমুন্দ্ৰিৰ পৰা অ’ এন জি চিৰ শীৰ্ষ বিষয়াসকল সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা কৰে । সমান্তৰালকৈ কোনাছিমা জিলা প্ৰশাসনেও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলায় ৷

সাৱধানতাস্বৰূপে প্ৰশাসনে উক্ত স্থানৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা লোকসকলক সেই স্থানৰ পৰা নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰে ৷ বিষয়াসকলে জনোৱা মতে, মাইকৰ জৰিয়তে ঘটনাস্থলীৰ সমীপৰ বাসিন্দাসকলক বিদ্যুৎ, চৌকা বা আন কোনো বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । জুই নিয়ন্ত্ৰণ কৰিবলৈয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷

অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৫০০ জোপা নাৰিকল গছৰ ক্ষতি হোৱাৰ উপৰিও ওচৰৰ মাছ পোহা পুখুৰীসমূহতো হোৱা ক্ষতিৰ বাবে স্থানীয় লোকৰ মাজত বৃদ্ধি পায় উদ্বেগ ৷

জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্থানীয় সাংসদে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাৰ পৰ্যালোচনা কৰি বিষয়াসকলক সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে । ৰাইজক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে গাঁওবাসীয়ে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ প্ৰতি নজৰ ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: টকাৰ বাণ্ডিলৰ সৈতে তৃণমূল নেতাৰ ভিডিঅ' ভাইৰেল; বংগত তীব্ৰ বিতৰ্ক