ONGC তেল কূপৰ অগ্নিকাণ্ড: দ্বিতীয়দিনাও বিস্ফোৰণ অব্যাহত, দিল্লী-মুম্বাইৰ দলৰ অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা
গেছ কূপটো অ’এনজিচিয়ে প্ৰত্যক্ষভাৱে পৰিচালনা নকৰে ৷ তাৰ সলনি আহমেদাবাদস্থিত কোম্পানী দীপ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ উৎপাদন বৃদ্ধিৰ ঠিকাদাৰে পৰিচালনা কৰে ।

Published : January 6, 2026 at 4:40 PM IST
ইৰুসুমণ্ডা(অন্ধ্ৰপ্ৰদেশ): অন্ধ্ৰপ্ৰদেশৰ কোনাছিমা জিলাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (Oil and Natural Gas Corporation, ONGC) মালিকানাধীন এটা কূপত মঙলবাৰে দ্বিতীয় দিনৰ বাবেও প্ৰাকৃতিক গেছৰ বিস্ফোৰণ অব্যাহত আছে । আনহাতে, অগ্নি নিৰ্বাপনৰ বাবে মুম্বাই আৰু দিল্লীৰ পৰা অ’ এন জি চিৰ বিশেষজ্ঞৰ দল আহি আছে ।
সোমবাৰে দুপৰীয়া প্ৰায় ১২.৪০ বজাত কূপটোত প্ৰায় ২০ মিটাৰ উচ্চতা আৰু ২৫ মিটাৰ প্ৰস্থৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । মালিকীপুৰম মণ্ডলৰ ইৰুসুমন্দা গাঁৱৰ উপকণ্ঠ অঞ্চলত অ’ এন জি চি আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সংকট ব্যৱস্থাপনা দলে জুই আৰু বিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিষয়াসকলৰ মতে, জুইৰ তীব্ৰতা হ্ৰাস পোৱা যেন লাগিছে আৰু তেওঁলোকে দিনটোৰ শেষলৈ পৰিস্থিতিৰ অধিক উন্নতি হোৱাৰ আশা কৰিছে । মোৰি-৫ নামেৰে চিনাক্ত কৰা কূপটোৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰি দি ৱৰ্কঅ'ভাৰ ৰিগ ব্যৱহাৰ কৰি মেৰামতিৰ কাম চলি থকাৰ সময়তে খাৰুৱা তেল মিশ্ৰিত গেছৰ হঠাতে বিস্ফোৰণ ঘটে ।
এক শক্তিশালী বিস্ফোৰণৰ কাৰণে অতি মাত্ৰাত গেছ খাৰুৱা তেলৰ সৈতে লগ লাগি বতাহত মিহলি হয় । ইৰুসুমন্দা আৰু ইয়াৰ আশে-পাশে থকা গাঁওবোৰত গেছ আৰু ধোঁৱাৰ ডাঠ ডাৱৰ ঘন কুঁৱলীৰ দৰে বিয়পি পৰে আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে ।
কৰ্তৃপক্ষই গাঁৱৰ পৰা ৫ শতাধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰিছে । অ’ এন জি চিয়ে জনোৱা মতে, কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । লগতে কোৱা হৈছে যে এই কূপটো প্ৰায় ৫০০-৬০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহৰ বাসস্থান নথকা দুৰ্গম অঞ্চলত অৱস্থিত ।

কূপটো অ’ এন জি চিৰ ঠিকাদাৰৰ দ্বাৰা পৰিচালিত হৈছিল
এই গেছ কূপটো প্ৰত্যক্ষভাৱে অ’ এন জি চিয়ে পৰিচালনা নকৰে । ইয়াৰ বিপৰীতে আহমেদাবাদস্থিত কোম্পানীটোৰ প্ৰডাকচন এনহেন্সমেণ্ট কণ্ট্ৰেক্টৰ (পি ই চি) দীপ ইণ্ডাষ্ট্ৰীজ লিমিটেডেহে পৰিচালনা কৰে ।
কোনাছিমাৰ যুটীয়া আয়ুক্ত টি নিশান্তিৰ উদ্ধৃতিৰে সংবাদ সংস্থা পি টি আয়ে কয়, "তেওঁলোকে (অগ্নিনিৰ্বাপক বাহিনীয়ে) উষ্ণতা হ্ৰাস কৰিবলৈ এক পানীৰ ছাতি তৈয়াৰ কৰিছে । কিন্তু এতিয়াও জুইৰ শিখা ওলাই আহি আছে । গতিকে বিশেষজ্ঞ দল আহিব আৰু তেওঁলোকে পৰিস্থিতিৰ মূল্যায়ন কৰিব আৰু সেই অনুসৰি তেওঁলোকে জুইৰ শিখা নুমুৱাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব ।"
তেওঁ কয় যে মুম্বাই আৰু দিল্লীৰ পৰা বিশেষজ্ঞ দল আহি আছে । অগ্নিনিৰ্বাপক বাহিনীয়ে পানী ছটিয়াই জুইৰ গ্ৰাসলৈ অহা চাৰিওফালে থকা সকলো গছ ঠাণ্ডা কৰা হৈছে । আনহাতে, সোমবাৰৰ তুলনাত জুইৰ শিখাৰ তীব্ৰতা হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে বুলিও তেওঁ কয় ।

তেওঁ কয়, "আমি আশা কৰিছোঁ যে জুই সোনকালেই নিয়ন্ত্ৰণলৈ আনিব পৰা যাব ।" লগতে কয় যে অগ্নি নিৰ্বাপনৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে । জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ কিমান সময় লাগিব বুলি জানিব বিচৰাত তেওঁ কয়, "তেওঁলোকে প্ৰথমে পৰিস্থিতিৰ মূল্যায়ন কৰিব আৰু কেৱল মূল্যায়নৰ ভিত্তিতহে তেওঁলোকে ক’ব পাৰিব ।"
ৰাজহ, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ লগতে অ’ এন জি চি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ) আৰু ৰেড ক্ৰছৰ জোৱানসকলে জুই নুমুৱাবলৈ কষ্ট কৰি আছে বুলিও তেওঁ লগতে কয় ।
পি টি আইৰ বাতৰি অনুসৰি, দীপ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ২০২৪ চনত অন্ধ্ৰপ্ৰদেশৰ অ’ এন জি চিৰ ৰাজহমুণ্ড্ৰী এছেটত উৎপাদন বৃদ্ধিৰ কামৰ বাবে ১৪০২ কোটি টকাৰ চুক্তি লাভ কৰিছিল । অ’ এন জি চিৰ এজন বিষয়াৰ উদ্ধৃতি দি কোম্পানীটোৱে জনোৱা মতে, প্ৰায় এবছৰ ধৰি মৰি-৫ কূপটো চলাই আহিছে ।
ক'নাছিমা জিলাৰ আয়ুক্ত মহেশ কুমাৰ আৰু আৰক্ষী অধীক্ষক ৰাহুল মীনাই অগ্নিনিৰ্বাপক অভিযানৰ তদাৰক কৰি আছে । অমলাপুৰমৰ সাংসদ হৰিশ মাথুৰ আৰু স্থানীয় বিধায়ক বাৰাপ্ৰসাদেও দুৰ্ঘটনাস্থলীৰ সমীপত শিবিৰ পাতি পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।
কূপটোৰ ইতিহাস আৰু কিহৰ বাবে অগ্নিকাণ্ড সংঘটিত হ'ল
১৯৯৩ চনৰ পৰা মaৰি-৫ স্থানত ড্ৰিলিং আৰম্ভ হৈছিল । সেই সময়ত প্ৰাকৃতিক গেছযুক্ত খাৰুৱা তেলৰ ভাণ্ডাৰক স্থানীয় গেছ সংগ্ৰহ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল । লাহে লাহে উক্ত কূপৰ অঞ্চলটোত থকা তেল ভাণ্ডাৰৰ চাপৰ মাত্ৰা কমি আহে আৰু অধিক পানী বৈ যাবলৈ আৰম্ভ কৰে ।
কূপটোৰ আন এক ক্ষেত্ৰৰ পৰা তৈলভাণ্ডাৰ উলিয়াবলৈ অ’ এন জি চিয়ে ২০২৪ চনত দীপ ইণ্ডাষ্ট্ৰীজক ছাইটটোক ঠিকাত দিয়ে । শেহতীয়াকৈ ২৭০০ মিটাৰ দ নতুন ক্ষেত্ৰত প্ৰৱেশৰ প্ৰক্ৰিয়াৰ সময়ত লগিং টুল পৰীক্ষণৰ জৰিয়তে বোমা বিস্ফোৰণৰ পদ্ধতি চলোৱা হৈছিল ।
সেই সময়ত অভাৱনীয়ভাৱে ২৫০০ চাপৰ মাত্ৰাৰে গেছ নিৰ্গত হয় । ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক বোকাৰ পাম্প প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল । কিন্তু অত্যন্ত উচ্চ চাপৰ মাত্ৰা আৰু বোকা পাম্পে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে হঠাতে গেছত বিস্ফোৰণ ঘটে ।

গেছৰ প্ৰবাহে ব্ল’আউট প্ৰিভেণ্টাৰৰ (BOP) ক্ষমতা অতিক্ৰম কৰাৰ বাবে কৰ্মচাৰীসকলে লগে লগে অঞ্চলটো খালী কৰে । বি অ’ পিত ঘৰ্ষণৰ ফলত দুবাৰকৈ জুইৰ শিখাৰ সংমিশ্ৰণ ঘটি সমগ্ৰ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডই বিস্ফোৰণ ঘটায় ।
পৰিস্থিতি তীব্ৰতৰ হোৱা দেখি কৰ্তৃপক্ষই প্ৰথমতে ৰাজহুৱাভাৱে ঘোষণা কৰে যে ওচৰৰ ইৰুসুমন্দা গাঁওখন খালী কৰিব লাগে । ইতিমধ্যে একাংশ লোক ঘৰৰ পৰা ওলাই গৈছিল । আনহাতে, বাকী বাসিন্দাসকলক কৰ্তৃপক্ষই খালী কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে ।
আমেৰিকাৰ বিশেষজ্ঞৰ পৰাও সহায় বিচাৰিব
সাংসদ হৰিশ মাথুৰে কয় যে তেওঁলোকে বিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ বিশেষজ্ঞৰ সহায়ো ল’ব । জিলা আয়ুক্ত মহেশ কুমাৰ, আৰক্ষী অধীক্ষক ৰাহুল মীনা, বিধায়ক দেৱ বাৰাপ্ৰসাদ আৰু অ’ এন জি চিৰ বিষয়াসকলে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ।
জনপ্ৰতিনিধি আৰু বিষয়াসকলে কয় যে তেওঁলোকে গুব্বালাপালেম আৰু লাক্কাভাৰমত স্থাপন কৰা পুনৰ্বাসন কেন্দ্ৰ দুটাত ৫৫০ জন লোকক আশ্ৰয় প্ৰদান কৰিছে আৰু তেওঁলোকক সকলো প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰি আছে । জুই নিয়ন্ত্ৰণ নোহোৱালৈকে ভুক্তভোগীসকলক সহায় কৰিব বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে ।
বিষয়াসকলে অনুমান কৰিছে যে বিস্ফোৰণৰ ফলত ইৰসুমন্দাৰ শ শ কোটি টকাৰ ক্ষতি হ’ব পাৰে । অগ্নিকাণ্ডত নষ্ট হোৱা অ’ এন জি চিৰ ৰিগ, লগিং টুল আৰু গধুৰ বাহনসমূহৰ মূল্য ২০-৩০ কোটি টকাৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে । স্থানীয় লোকে জনোৱা মতে, উচ্চ প্ৰাবল্যৰ অগ্নিকাণ্ডৰ ফলত ওচৰৰ প্ৰায় ৫০০ ডাল নাৰিকলৰ গছ জ্বলি গৈছে আৰু শস্য আৰু জলজ কৃষিৰ যথেষ্ট ক্ষতি হৈছে ।
বিষয়াসকলে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু অন্যান্য সঁজুলি জুই নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত নহয় । কূপটোত থকা গেছৰ চাপ কমি যোৱালৈকে জুইৰ শিখা নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব বুলি জানিবলৈ দিয়ে । ইৰসুমন্দা, লক্কাৱৰম, চিন্তালাপল্লী, গুব্বালাপালেমত বিদ্যুৎ যোগান আগতীয়াকৈ বন্ধ কৰি দিয়া হৈছিল, যাৰ ফলত এই গাঁওসমূহ অন্ধকাৰত ডুব গৈছে ।

