গেছৰ সংকটত খৰি ব্যৱহাৰ কৰিবলৈ বাধ্য হোটেল ব্যৱসায়ী : সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্যৰ দাম বৃদ্ধি
হঠাৎ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে । ফলত বহুতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগা হৈছে নাইবা খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।

Published : March 16, 2026 at 1:51 PM IST
অমৰাৱতী : মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ বাবে তেল আৰু গেছৰ সংকটে বিশ্বৰ প্ৰায়কেইখন দেশকে প্ৰভাৱিত কৰিছে । বিশ্বৰ বিভিন্ন ঠাইত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে । আনহাতে, এল পি জি চিলিণ্ডাৰৰ নাটনিয়েও দেখা দিছে । অৱশ্যে ইয়াৰ মাজতে ভাৰত চৰকাৰে আশ্বাস দিছে যে দেশত পেট্ৰ'ল-ডিজেল আৰু এল পি জিৰ কোনো ঘাটি হোৱা নাই বা সংকট সমস্যাও হোৱা নাই ।
লগতে এই সম্পৰ্কে উৰাবাতৰি নিবিয়পাবলৈ বা অনাহকত আতংকৰ সৃষ্টি নকৰিবলৈও সকীয়নি দিছে । কিন্তু ইমানৰ পিছতো প্ৰকৃত ছবিখন সম্পূৰ্ণ বিপৰীত দেখা গৈছে । দেশত যে ৰন্ধন গেছৰ নাটনি ঘটিছে তাৰ উদাহৰণ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে । এইবাৰ এল পি জি চিলিণ্ডাৰৰ নাটনিৰ বাবে তীব্ৰ সংকটত পৰিছে অন্ধ্ৰপ্ৰদেশৰ হোটেল ব্যৱসায় ।
হঠাৎ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাবলৈ আৰম্ভ কৰিছে । যাৰ ফলত বহু হোটেল আৰু পথৰ কাষৰ খাদ্য বিক্ৰেতাই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগা হৈছে নাইবা পৰম্পৰাগত কাঠৰ চৌকালৈ ঘূৰি যাবলগীয়া হৈছে । আমেৰিকা, ইজৰাইল, ইৰাণৰ সৈতে জড়িত বিশ্বজনীন উত্তেজনাৰ সৈতে জড়িত এই নাটনিৰ ফলত যোগানৰ সমস্যাৰ সৃষ্টি হৈছে, যিটো এতিয়া বিজয়াৱাড়া, গুণ্টুৰ, বিশাখাপট্টনম, তিৰুপতি, নেল্লোৰকে ধৰি কেইবাখনো চহৰত অনুভৱ কৰা হৈছে ।
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ অভাৱৰ বাবে বাজী, পানীপুৰী, ফ্ৰাইড ৰাইচ আদি জনপ্ৰিয় ফাষ্টফুডসমূহৰ ষ্টল বহু বিক্ৰেতাই সাময়িকভাৱে বন্ধ কৰি দিছে । আনহাতে, ইয়াৰ মাজতো নিজৰ ব্যৱসায় অব্যাহত ৰখা সৰু সৰু হোটেল আৰু খাদ্যৰ দোকানসমূহে বৰ্ধিত ব্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ খাদ্যসামদ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । ব্ৰেকফাষ্টৰ সামগ্ৰী যেনে ইডলি, ডোচা, পুৰী, চাপাটি আৰু ৱড়াৰ মূল্য ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে । চাহ-কফিৰ মূল্যও তীব্ৰ বৃদ্ধি পাইছে । বহু ঠাইত এই মূল্যবৃদ্ধি একেকোবে ১৫ টকাৰ পৰা প্ৰায় ২৫ টকালৈ জাঁপ মাৰিছে ।
হোটেলৰ মালিকসকলে কয় যে বিগত দুদিনত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বজাৰৰ পৰা বাণিজ্যিক এল পি জি চিলিণ্ডাৰ কাৰ্যতঃ নোহোৱা হৈ গৈছে । বিক্ৰেতাসকলে দাবী কৰে যে বৰ্তমান গেছ ক্ৰয় কৰাৰ একমাত্ৰ উপায় হ’ল ক’লা বজাৰ । কিন্তু ক’লা বজাৰত ১৯ কিলোগ্ৰামৰ এটা বাণিজ্যিক চিলিণ্ডাৰ অত্যধিক মূল্যত ৪,৫০০ টকাৰ পৰা ৫,০০০০ টকা পৰ্যন্ত বিক্ৰী হৈছে । এনে ব্যয় বহন কৰিব নোৱৰা বহু ক্ষুদ্ৰ বিক্ৰেতাই পৰম্পৰাগত খৰি ব্যৱহাৰ কৰি কৰা ৰন্ধন পদ্ধতিলৈ ঘূৰি আহিবলৈ বাধ্য হৈছে ।
অৱশ্যে অসামৰিক যোগান বিভাগৰ বিষয়াসকলে কয় যে ৰাজ্যত গেছ চিলিণ্ডাৰৰ আনুষ্ঠানিকভাৱে অভাৱ নাই । কিন্তু এই দাবীসমূহৰ পিছতো তৃণমূল পৰ্যায়ৰ বিক্ৰেতাসকলে এই সংকটে বাস্তৱিক আৰু দৈনন্দিন কাৰ্যকলাপত প্ৰভাৱ পেলোৱা বুলি দৃঢ়তাৰে কয় ।
বিশেষকৈ নেল্লোৰ জিলাত পৰিস্থিতি ভয়াৱহ যেন দেখা গৈছে । ঈনাডু-ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ষ্টেট ষ্টাৰ হোটেল এছোচিয়েচনৰ সভাপতি আৰ ভি স্বামীয়ে কয় যে বাণিজ্যিক চিলিণ্ডাৰৰ উপলব্ধতা ভয়ংকৰভাৱে হ্ৰাস পাইছে । "মাত্ৰ এটা বাণিজ্যিক চিলিণ্ডাৰো বৰ্তমান উপলব্ধ নহয় । যদিহে শীঘ্ৰে যোগান ব্যৱস্থাৰ উন্নতি নহয়, তেন্তে সোমবাৰৰ পৰা পৰিস্থিতি অধিক কঠিন হৈ পৰিব পাৰে ।" তেওঁ সতৰ্কবাণী দি কয় ।
ইফালে, খৰিৰ দ্বাৰা ৰন্ধা-বঢ়া ব্যৱস্থালৈ ঘূৰি অহাৰ ফলত আন এক মূল্যবৃদ্ধিৰ সূচনা হৈছে । হঠাৎ বৃদ্ধি পোৱা চাহিদাৰ বাবে বহু অঞ্চলত খৰিৰ দাম দুগুণলৈ বৃদ্ধি পাইছে । বিশাখাপট্টনমত খৰিৰ দাম পূৰ্বৰ হাৰ ৩,৫০০ টকাৰ পৰা ৪,০০০ টকাৰ তুলনাত প্ৰতি টনত প্ৰায় ১০,০০০ টকাত উপনীত হৈছে । তিৰুপতিত আকৌ প্ৰতি টনত ৬৫০০ টকাতকৈও অধিক মূল্যত বিক্ৰী হৈছে ।
পাইকাৰী ব্যৱসায়ীসকলে কয় যে স্ক্ৰেপ বা পেলনীয়া কাঠকে ধৰি যিকোনো ধৰণৰ খৰি তাৎক্ষণিকভাৱে ক্ৰয় কৰা হৈছে । কৃষি অৱশিষ্ট আৰু কাঠৰ গুড়িৰ পৰা তৈয়াৰী ব্ৰিকেটৰ চাহিদাও তীব্ৰভাৱে বৃদ্ধি পাইছে । কাৰণ হোটেল আৰু ৰাজপথৰ বিক্ৰেতাসকলে বিকল্প ৰন্ধন ইন্ধনৰ বাবে হাবাথুৰি খাইছে ।
বিজয়াৱাড়াৰ এগৰাকী হোটেল মালিকে কয়, "যদিহে গেছ যোগানৰ সমস্যা অব্যাহত থাকে তেন্তে খাদ্যৰ দাম আৰু বৃদ্ধি পাব পাৰে । লগতে অধিক ক্ষুদ্ৰ বিক্ৰেতাই নিজৰ ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হ’ব পাৰে ।"

