অভিযোজন, উদ্ভাৱন আৰু উৎকর্ষ : কামেঙত ১৬,০০০ ফুটত গজৰাজ ক'ৰ্পছৰ ঐতিহাসিক সফলতা
হিমালয়ৰ ১৬,০০০ ফুটত গজৰাজ ক'ৰ্পছৰ ঐতিহাসিক সফলতা । অৰুণাচলৰ কামেঙত মন'ৰে'ল ব্যৱস্থা ভাৰতীয় সেনাৰ । প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত সম্ভৱ হ'ব সেনাৰ সামগ্ৰী পৰিবহণ ।

Published : November 15, 2025 at 3:03 PM IST
তেজপুৰ : সাগৰপৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত অৱস্থিত অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰত ভাৰতীয় সেনাবাহিনীৰ বীৰ জোৱানসকলক হিমালয়ৰ প্ৰচণ্ড শিলাময় কঠিন পৰ্বত, অস্থিৰ বতাহ আৰু ঠাণ্ডাই সদায়েই জটিলতা সৃষ্টি কৰে । বহু সময়ত প্ৰচণ্ড হিমপাতৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে । যাৰ ফলস্বৰূপে সীমান্তৰ চকীসমূহলৈ সময়মতে সামগ্ৰী পঠিওৱাটো দীৰ্ঘসময় ধৰি এক কঠিন আৰু বৃহৎ প্ৰত্যাহ্বান হৈ পৰে । এতিয়া সেই সমস্যাৰ সমাধান কৰিলে ভাৰতীয় সেনাই । ভাৰতীয় সেনাই কামেঙত সফলতাৰে আৰম্ভ কৰিছে মন'ৰে'ল সেৱা ।
এই সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল অতুল শ্ৰীধৰণে কয়, "এই কঠিন বাস্তৱতাক প্ৰত্যাহ্বান জনাই ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ ক'ৰ্পছে উদ্ভাৱন কৰিলে এক যুগান্তকাৰী সমাধান । ক'ৰ্পছে নিজাববীয়া চিন্তা-চৰ্চাৰে সম্পূৰ্ণ দেশীয় পদ্ধতিৰে অতি উচ্চ উচ্চতাত মন'ৰে'ল ব্যৱস্থা (High Altitude Mono Rail System) সফলতাৰে উন্নয়নসাধন আৰু সংস্থাপন কৰিছে । বৰ্তমান ই ১৬,০০০ ফুট উচ্চতাত সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু ব্যৱহাৰযোগ্য হৈ পৰিছে ।"
শ্ৰীধৰণে লগতে কয়, "সৰ্বমুঠ ৩০০ কিলোগ্ৰামতকৈ অধিক ওজন এবাৰ যাত্ৰাত বহন কৰিবলৈ সক্ষম এই উদ্ভাৱনী ব্যৱস্থা এতিয়া দূৰৱৰ্তী সেনাৰ চকীসমূহৰ বাবে এক জীৱনৰেখা হৈ উঠিছে । এই দুৰ্গম পৰ্বতৰ এলেকাত, য’ত পৰম্পৰাগত কোনো পৰিবহণ মাধ্যম চলিব নোৱাৰে, হেলিকপ্টাৰ সেৱা আগবঢ়োৱাটো কঠিন হৈ পৰে, এতিয়া সেই পথেদি গোলা-বাৰুদ, ৰেচন, ইন্ধন, ইঞ্জিনীয়াৰিং সঁজুলি আৰু আন অভিযানগত সামগ্ৰীসমূহ সুৰক্ষিতভাৱে পঠিয়াব পৰা হৈছে । দিনে-নিশাই বা বতাহ-বৰষুণ যিকোনো ধৰণৰ পৰিৱেশত এই ব্যৱস্থা সমানভাৱে ব্যৱহাৰযোগ্য হৈ উঠিছে ।"

তেওঁ কয়, "ইয়াৰ গৌৰৱ কেৱল ইয়াতেই সীমাবদ্ধ নহয় । এই মন'ৰে'ল ব্যৱস্থাই জৰুৰীকালীন সময়ত যিকোনো দুৰ্ঘটনাত আহতসকলক দ্রুতগতিত উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে । বিশেষকৈ যিবোৰ অঞ্চলত সহজে হেলিকপ্টাৰ যাব নোৱাৰে আৰু সময়সাপেক্ষে পথেদি আহতসকলক উদ্ধাৰ কৰাটো বিপজ্জনক হয় ।"
এই সম্পূৰ্ণ উদ্ভাৱন ভাৰতীয় সেনাৰ গজৰাজ ক'ৰ্পছৰ দক্ষতা, অধ্যৱসায় আৰু অবিৰাম উদ্ভাৱনশীলতাৰ এক উজ্জ্বল দৃষ্টান্ত । ই দুৰ্গম অঞ্চলসমূহত অপাৰেশ্যনেল সক্ষমতা শক্তিশালী কৰাৰ লগতে উচ্চ পৰ্বতীয় চকীসমূহৰ সৈতে যোগাযোগ নিশ্চিত কৰাৰ দিশত সেনাৰ গভীৰ প্ৰতিশ্ৰুতিৰ প্ৰদৰ্শন ।

শ্ৰীধৰণে কয়, "কামেঙৰ অতি উচ্চতাত, য'ত বৰফে যেতিয়া সম্পূৰ্ণ পথ ঢাকি পেলায় আৰু প্ৰকৃতিয়ে সদায়ে পৰীক্ষা লয়, তাত কিন্তু এতিয়া নতুন আশা আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে । উদ্ভাৱনৰ পৰা সৃষ্টি হোৱা এই দায়িত্ববোধ হৈছে গজৰাজ ক'ৰ্পছৰ সেনাৰ উদ্দেশ্যে উৎসৰ্গিত এই মন'ৰে'ল ।"

