ETV Bharat / bharat

দেশৰ ভিতৰতে প্ৰথমটো মেকুৰী সংগ্ৰহালয় চাই আহো আহক

মেকুৰীয়ে আকৰ্ষণ কৰিছে পৰ্যটকক । দেশৰ ভিতৰে প্ৰথমবাৰৰ বাবে স্থাপন কৰা মেকুৰীৰ সংগ্ৰহালয়টো চাবলৈ এতিয়া পৰ্যটকৰ ভিৰ ।

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
দেশৰ প্ৰথমটো মেকুৰীৰ সংগ্ৰহালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 2:00 PM IST

4 Min Read
Choose ETV Bharat

মহীশূৰ(কৰ্ণাটক): সুন্দৰ মহল, চামুণ্ডী পাহাৰ আৰু বৃন্দাবন গাৰ্ডেন আদিৰ বাবে বিখ্যাত মহীশূৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হৈছে আন এক আকৰ্ষণীয় স্থান । দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে মহীশূৰে । য'ত পৰ্যটকে ঘৰুৱা মেকুৰী আৰু মেকুৰীৰ জীৱন শৈলী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে ।

মেকুৰীপ্ৰেমী শৰথে প্ৰথমবাৰৰ বাবে নাংজুং পথৰ মধুৱনাৰ সন্মুখত মেকুৰী সংগ্ৰহালয়টো স্থাপন কৰে । উদ্বোধনৰ পিছৰ পৰাই সংগ্ৰহালয়টোৱে পৰ্যটক তথা ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছে, যি মেকুৰীবোৰক কেৱল পোহনীয়া জীৱ হিচাপে চোৱাৰ বিপৰীতে সিহঁতৰ বিষয়ে ভালকৈ বুজাৰ জিজ্ঞাসা জগাই তোলে ।

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
মেকুৰীৰ জীৱন শৈলী অনুভৱ কৰিব পাৰিব নিচেই কাষৰ পৰা (ETV Bharat Assam)

ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত শৰথে কয়, "মানুহৰ সৈতে মেকুৰীৰ সম্পৰ্ক প্ৰাচীণ কালৰে পৰা । মেকুৰীক আন জীৱৰ পূৰ্বে পোহনীয়া কৰা হৈছিল আৰু সদায় মানুহৰ কাষত আছে । সাধাৰণতে মেকুৰীক গাঁওবোৰত ভঁৰালৰ শস্য ৰখীয়া হিচাপে দেখা যায় । চহৰত মেকুৰীক শিশুৰ সৈতে খেলিবলৈ আৰু পৰিয়ালৰ অংশ হিচাপে পালন কৰা হয় ।"

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
এইদৰেই সোমাই যাব পাৰি সংগ্ৰহালয়টোৰ ভিতৰলৈ (ETV Bharat Assam)

শৰথে জনাই যে এই গভীৰ সম্বন্ধ আৰু মেকুৰীৰ মাজত তেওঁ ব্যক্তিগত ৰুচি বিচাৰি পায় আৰু দুখবোৰৰ কিছু পৰিমাণে শাম কটাব পাৰে । বৰ্তমান সংগ্ৰহালয়টোত ২০ টাতকৈও অধিক মেকুৰী আছে, যি ১৩ ৰ পৰা ১৪ টা প্ৰজাতিক প্ৰতিনিধিত্ব কৰে । ইয়াৰোপৰি ৭-৮ টা মেকুৰী ভাৰতীয় ।

তেওঁ কয়,"বিশ্বত কুকুৰৰ দৰে মেকুৰীৰো ৫০ৰ পৰা ৬০ টা প্ৰজাতি আছে । বেছিভাগ লোকে এটা বা দুটা প্ৰজাতিৰ বিষয়েহে জানে, কিন্তু বহুত কম লোকে বাস্তৱতে সিহঁতৰ গুণ, জীৱনকাল আৰু চোৱাচিতা কৰাটো জৰুৰী বুলি ভাবে । এই সংগ্ৰহালয় সিহঁতৰ বিষয়ে জানিবলৈ আৰু মেকুৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ বনোৱা হৈছে ।"

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
মেকুৰীয়ে আকৰ্ষণ কৰিছে পৰ্যটকক (ETV Bharat Assam)

শৰথে জনোৱা অনুসৰি এই সংগ্ৰহালয়লৈ অহাসকলক, বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক, বিশ্বৰ বিভিন্ন প্ৰান্তত পোৱা মেকুৰীৰ প্ৰজাতিৰ বিষয়ে জ্ঞাত কৰাৰ লক্ষ্য বান্ধি লৈছে । শৰথে স্পষ্ট কৰে যে এই সংগ্ৰহালয়ে মেকুৰী বিক্ৰী নকৰে । তেওঁ কয়,"আমি কেবল মেকুৰীৰ বিষয়ে জনাওঁ । মানুহ আহিব পাৰে আৰু শিকিব পাৰে ।"

শৰথে কয়,"মই মহীশূৰৰ বাসিন্দা । ইয়াত পৰ্যটন যথেষ্ট বৃদ্ধি পাই আহিছে আৰু স্থানীয় লোকো বাঢ়ি আহিছে । মই ভাবো এই চহৰখন শৈক্ষিক স্থানৰ বাবে আদৰ্শ ।" তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃয়েও এই কামক সমৰ্থন কৰি আহিছে ।

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
আঁৰি থোৱা আছে মেকুৰীৰ বিষয়ে বিভিন্ন তথ্য সম্বলিত প'ষ্টাৰ (ETV Bharat Assam)

সংগ্ৰহালয়টোত মেকুৰীবোৰক চোৱাচিতা কৰাটোত অত্যন্ত ধ্যান দিয়া হয়, ই এনে এক ক্ষেত্ৰ য'ত শৰথ প্ৰতি মুহূৰ্ততে সজাগ হৈ থাকিব লাগে । তেওঁ কয়, "বহু মানুহেই টীকাকৰণ, খাদ্য আৰু সুৰক্ষাৰ প্ৰতি জ্ঞাত নহয় । মেকুৰীবোৰক ৭-৮ মাহ বয়সত টীকাকৰণ কৰিব লাগে । টীকাকৰণ নকৰিলে মেকুৰী বেমাৰৰ প্ৰতি সংবেদনশীল হৈ পৰে ।"

তেওঁ জনাই যে, যদি ভালদৰে চোৱাচিতা কৰা হয় তেন্তে মেকুৰীবোৰ সাধাৰণতে ১২-১৮ বছৰলৈকে জীয়াই থাকে । প্ৰায় বহু মেকুৰীৰ খুব সোনকালে মৃত্যু হয়, কিয়নো সিহঁতক টীকাকৰণ কৰা নহয়, পথ দুৰ্ঘটনাৰ বলি হয় বা ঘৰৰ পৰা বাহিৰলৈ ওলালেই কুকুৰে আক্ৰমণ কৰে । তেওঁ উল্লেখ কৰে,"মৃত্যুৰ আশংকা এবছৰৰ পৰা দুবছৰৰ মাজত অধিক হয় ।"

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয় (ETV Bharat Assam)

দৰ্শনাৰ্থীক মেকুৰীৰ দিনচৰ্যাৰ বিষয়েও জ্ঞাত কৰোৱা হয় । প্ৰতিদিনে পুৱা পানী খাবলৈ দিয়ে, ইয়াৰ পিছত শুকান খাদ্য দিয়া হয় । মেকুৰীবোৰ গোটেই ঘৰটোত স্বাধীনভাৱে ঘূৰি ফুৰিব পাকে, গৰম দিনত ভিতৰত আৰাম কৰে আৰু ঠাণ্ডাত বাহিলৰৈ ওলাই । শৰথে কয়,"মেকুৰীবোৰ সাধাৰণতে এদিনত প্ৰায় ১২-১৬ ঘণ্টালৈকে শোৱে, যিটো প্ৰায়ভাগ মানুহে নাজানে । বিশুদ্ধ বায়ু আৰু প্ৰাকৃতিক পোহৰ সিহতৰ পচণ্ডৰ আৰু আমি এই বিষয়ত গুৰুত্ব দি ইয়াৰ ডিজাইন কৰিছোঁ ।"

From Palace City to Pet Education Hub: India's First Cat Museum Launched in Mysuru
মেকুৰীবোৰৰ বাবে খেলাৰ স্থান (ETV Bharat Assam)

মেকুৰীবোৰৰ মূল্য সন্দৰ্ভত শৰথে জনাই যে প্ৰজাতি অনুসৰি যথেষ্ট পৃথক পৃথক হয়, কিছুমান লোকে এক লাখ টকাৰ পৰা বহু লাখ টকা মূল্য কয় । কিন্তু সংগ্ৰহালয়টোৰ বাবে এটাও মেকুৰী ক্ৰয় কৰা নাই বুলি জনাই তেওঁ । তেওঁ কয়,"আমাক মেকুৰীবোৰ মৰমত দিয়ে । আমি মেকুৰী নিকিনো আৰু বিক্ৰিও নকৰোঁ ।"

লগতে পঢ়ক: মাতৃক বিচাৰি দিশহাৰা হোৱা গঁড় পোৱালিক উদ্ধাৰ

Interview | এতিয়া অলপ বিশ্ৰাম ল'ব বিচাৰিছো- অৱসৰৰ পাছত সুনীতা উইলিয়ামছে কি কৰিছে ?