ETV Bharat / bharat

মাংগালুৰুত মঙলদৈৰ জেহেৰুলৰ জনপ্ৰিয়তা দেখিলে আপুনিও আচৰিত হ'ব !

স্থানীয় লোক, ভাষা আৰু পৰম্পৰাক আদৰি লৈ জেহেৰুলে সমাজলৈ অনন্য বাৰ্তা প্ৰেৰণ কৰিছে ।

Assam youth famous in Mangaluru
মাংগালুৰুত জনপ্ৰিয় মঙলদৈৰ জেহেৰুল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 24, 2025 at 1:26 PM IST

4 Min Read
Choose ETV Bharat

মাংগালুৰু : কামৰ সন্ধানত কৰ্ণাটকৰ মাংগালুৰুলৈ যোৱা অসমৰ এজন যুৱক আজি স্থানীয় চেলিব্ৰিটী । সমগ্ৰ মাংগালুৰুত তেওঁৰ জনপ্ৰিয়তা স্থানীয় নাগৰিকতকৈও বেছি । সকলোৰে মাজত জেমছ বুলি পৰিচিত তেওঁ । তেওঁ চাকৰি বা কামৰ বাবে জনপ্ৰিয়তা লাভ কৰা নাই । স্থানীয় তুলু ভাষাৰ ওপৰত থকা দক্ষতাৰ বাবেহে এই জনপ্ৰিয়তা লাভ কৰিছে দৰং জিলাৰ মঙলদৈৰ যুৱকজনে । অসমৰ পৰা মাংগালুৰুলৈ গৈ প্ৰথম অৱস্থাত ৰে'লৱেৰ ঠিকাভিত্তিত কাম কৰা যুৱকজন কেনেদৰে জনপ্ৰিয় হ'ল ?

যুৱকজন হৈছে অসমৰ দৰং জিলাৰ মঙলদৈৰ জেহেৰুল । জেহেৰুলৰ মাতৃভাষা অসমীয়া ৷ কিন্তু তেওঁ যিদৰে সাৱলীলভাৱে মাংগালুৰুৰ স্থানীয় তুলু ভাষা কয় আপুনি শুনি আচৰিত হ'ব । তেওঁৰ লগত কথা পাতিলে কোনেও ক'ব নোৱাৰিব যে তেওঁৰ আচলতে তুলু নহয় অসমীয়াহে মাতৃভাষা । তুলু ভাষাত তেওঁৰ দখল আৰু ভাষাটোৰ প্ৰতি থকা প্ৰেমে সমগ্ৰ দক্ষিণ কানাড়া, উডুপি আৰু কাছাৰগোড জিলাৰ স্থানীয়া তুলুভাষীসকলক আচৰিত কৰি তুলিছে ।

Assam youth famous in Mangaluru
মাংগালুৰুত জনপ্ৰিয় মঙলদৈৰ জেহেৰুল (ETV Bharat)

আজি জেহেৰুল কেৱল এজন সাধাৰণ কৰ্মচাৰীয়ে নহয়, ইউটিউবাৰো । ফেচবুক, ইনষ্টাগ্ৰাম আদিত সম্পূৰ্ণৰূপে তুলু ভাষাত কণ্টেণ্ট প্ৰস্তুত কৰা জনপ্ৰিয় ব্ল'গাৰ । তেওঁৰ ভিডিঅ'বোৰ তুলু অনুৰাগীসকলৰ মাজত অতি জনপ্ৰিয় । যাৰ বাবে তুলুভাষী লোকসকলে তেওঁলোকৰ ভাষাক আঁকোৱালি লোৱা আৰু প্ৰচাৰৰ বাবে কৰা তেওঁৰ প্ৰচেষ্টাক শলাগ লৈছে ।

মাংগালুৰুলৈ গৈ জেহেৰুলে প্ৰথমে ৰে'লৱেৰ ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিল । তেতিয়া তেওঁ সমস্যাত পৰিছিল । কাৰণ তেওঁৰ বহু সহকৰ্মীয়ে বিশেষকৈ মহিলাসকলে কেৱল তুলু ভাষাহে কয় আৰু হিন্দী বুজি নাপায় । তেওঁলোকৰ সৈতে কথা পাতিবলৈ যথেষ্ট অসুবিধা হয় । সেয়ে তেওঁ যিকোনো প্ৰকাৰে তুলু ভাষা শিকিবলৈ সিদ্ধান্ত ল'লে । তেওঁ ভালদৰে শুনি আৰু সাধাৰণভাৱে ব্যৱহৃত শব্দৰ অৰ্থ বুজি তুলু শিকিবলৈ আৰম্ভ কৰিলে । লাহে লাহে তেওঁ ভাষাটো শিকিলে আৰু সাৱলীলভাৱে ক'বলৈও ধৰিলে ।

জেহেৰুলে তুলু ভাষা শিকাৰ এই যাত্ৰাক স্মৰণ কৰি কয়, "যেতিয়া মই প্ৰথম ইয়ালৈ আহিছিলো, তেতিয়া মোৰ সহকৰ্মীসকলে কি কৈছে সেয়া বুজিব পৰা নাছিলো । যিহেতু তেওঁলোকে হিন্দী নাজানিছিল ৷ গতিকে মোৰ হাতত তুলু শিকাৰ বাহিৰে আন কোনো বিকল্প নাছিল । শব্দ আৰু অভিব্যক্তিবোৰৰ লগত এবাৰ অভ্যস্ত হৈ পৰাৰ পিছত মই যথেষ্ট সহজ পাইছিলোঁ । এতিয়া স্থানীয় লোকৰ লগত তেওঁলোকৰ নিজৰ ভাষাত আৰামত কথা পাতিব পাৰো ।"

তুলু ভাষাত ভিডিঅ' পোষ্ট কৰিবলৈ আৰম্ভ কৰাৰ পিছত জেহেৰুল সামাজিক মাধ্যমত অধিক ব্যস্ত হৈ পৰিল । তেওঁৰ উচ্চাৰণ আৰু ভাষাটোৰ প্ৰতি থকা উৎসাহে স্থানীয় আৰু নেটিজেনৰ পৰা প্ৰশংসা লাভ কৰিছে ।

তেওঁৰ ভিডিঅ' ভালপোৱা এজন স্থানীয় যুৱক কিৰথানে কয়, "মই জেমছৰ তুলু ভিডিঅ' চাও । আমাৰ ভাষাৰ প্ৰতি তেওঁৰ প্ৰেম দেখি মোৰ সঁচাকৈয়ে আনন্দ লাগে । আমি সকলোৱে তেওঁক সমৰ্থন কৰা উচিত ।"

Assam youth famous in Mangaluru
জেহেৰুলে চুইগি ডেলিভাৰী পাৰ্টনাৰ হিচাপেও কাম কৰে (ETV Bharat)

ৰে'লৱেৰ কামৰ উপৰিও জেহেৰুলে আজৰি সময়ত চুইগি ডেলিভাৰী পাৰ্টনাৰ হিচাপেও কাম কৰে । তেওঁৰ তুলু ভাষা কোৱা দক্ষতাই তেওঁক গ্ৰাহক আৰু বাসিন্দাসকলৰ সৈতে অধিক সহজে সংযোগ স্থাপন কৰাত সহায় কৰিছে ।

তেওঁ এই যাত্ৰাৰ বিষয়ে কয়, "মই তুলু কওঁ বুলি ক'লে অসমৰ মানুহ আচৰিত হয় । তেওঁলোকে মোক সোধে যে মই কেনেকৈ শিকিলোঁ । মই তেওঁলোকক কওঁ যে স্থানীয় ভাষা এটা শিকিলে আপুনি বাস কৰা ঠাইৰ অংশ হ'বলৈ সহায় হয় ।"

ভাষাই যে সাংস্কৃতিক দূৰত্বক সংযোগ কৰিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ জেহেৰুলৰ এই কাহিনী । স্থানীয় পৰম্পৰাৰ প্ৰতি প্ৰকৃত কৌতুহল আৰু সন্মানে কেনেকৈ এজন প্ৰব্ৰজিত শ্ৰমিকক সমাজৰ প্ৰিয় সদস্যলৈ ৰূপান্তৰিত কৰিব পাৰে তাৰো এক সতেজ উদাহৰণ জেহেৰুল ।

লগতে পঢ়ক :মানসিক ৰোগীক সহায় কৰিবলৈ পত্নীৰ মংগলসূত্ৰ থ’লে বন্ধকত