ETV Bharat / bharat

মাওবাদী কমাণ্ডাৰৰ পৰিৱৰ্তনৰ যাত্ৰা: অস্ত্ৰ এৰি সমাজ সংস্কাৰৰ পথত

এসময়ত অস্ত্ৰ লৈ ঘূৰি ফুৰা মাওবাদী সদস্য়ই এতিয়া মহাৰাষ্ট্ৰত সমাজ সংস্কাৰকৰ ভূমিকা পালন কৰিছে ।

Mallojula Venugopal
অস্ত্ৰৰ এৰি সমাজ সংস্কাৰ : মাওবাদী কমাণ্ডাৰৰ পৰিৱৰ্তনৰ যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 4:17 PM IST

2 Min Read
Choose ETV Bharat

গড়চিৰোলি (মহাৰাষ্ট্ৰ) : মল্লোজুলা বেণুগোপাল ৰাও ওৰফে ভূপতি । এই নামটো মাওবাদী অধ্যুষিত অঞ্চলৰ এটা চিনাকি নাম । এসময়ৰ নিৰাপত্তাবাহিনীৰ মূৰৰ কামোৰণি আছিল এই মল্লোজুলা বেণুগোপাল ।

অস্ত্ৰৰ ব্যৱহাৰ আৰু মাওবাদী কাৰ্যকলাপৰ কৌশলৰ বাবে তেওঁ জনাজাত আছিল । এসময়ৰ মাওবাদীৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ আৰু আজিৰ তাৰিখত তেওঁৰ পৰিচয় সম্পূৰ্ণ পৃথক । এসময়ত অস্ত্ৰ চলোৱা এই লোকজন এতিয়া ব্যস্ত সমাজ সংস্কাৰত ।

তেওঁ বৰ্তমান জনজাতীয় লোকসকলক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কাম কৰে । মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত ঠিকাভিত্তিক পদ গ্ৰহণ কৰি তেওঁ এই কামত জড়িত হৈছে ।

পূৰ্বে মল্লোজুলাই চিপিআই (মাওবাদী) দলৰ পলিটব্যুৰ' আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এজন অতি প্ৰভাৱশালী কৌশলবিদ হিচাপে বিখ্যাত আছিল । তেওঁ দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰ-ছত্তীশগড় সীমান্তত দলীয় কাৰ্যকলাপৰ তদাৰক কৰিছিল আৰু এসময়ত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ৬ কোটি টকাৰ পুৰষ্কাৰো ঘোষণা কৰিছিল ।

কিন্তু তেওঁ এতিয়া জীৱনৰ পথ সলনি কৰিছে । বিগত বছৰৰ অক্টোবৰ মাহত মল্লোজুলাই ৬০ গৰাকী সহযোগী মাওবাদীৰ সৈতে মহাৰাষ্ট্ৰৰ গড়চিৰোলি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । এতিয়া তেওঁক স্থানীয় গণ্ডৱানা বিশ্ববিদ্যালয়ৰ জনজাতীয় অধিকাৰ সজাগতা কাৰ্যসূচী 'একাল'ৰ প্ৰশাসনিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

মূলসুঁতিলৈ ঘূৰি অহাৰ পিছত মল্লোজুলাই তৃণমূল পৰ্যায়ত কামৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ দ্বাৰা নিযুক্তি বিচাৰি 'একাল' সমন্বয়কৰ পদৰ বাবে আবেদন জনাইছিল । গড়চিৰোলিৰ এছপিএম ৰমেশে গণ্ডৱানা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰশান্ত বোকাৰেক মল্লোজুলাৰ আবেদনৰ পৰামৰ্শ দিয়ে ।

এক সাক্ষাৎকাৰৰ পিছত উপাচাৰ্যগৰাকীয়ে ৩ মাহৰ চুক্তিৰ ভিত্তিত এই পদৰ বাবে মল্লোজুলাক বাছনি কৰে । এই পদত থাকি তেওঁ মাহিলী ৩০,০০০ টকাৰ পাৰিশ্ৰমিক লাভ কৰিব ।

এতিয়া তেওঁ গাঁও সমিতি, গাঁওবাসী আৰু প্ৰশাসনৰ মাজত সমন্বয়ক হিচাপে কাম কৰিব । তেওঁ জিলাখনত চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত নিৰীক্ষণ কৰাৰ লগতে গৱেষণা সম্পৰ্কীয় কাম-কাজত অৰিহণা যোগাব ।

ইয়াৰ উপৰিও তেওঁ জনজাতীয় লোকসকলৰ মাজত পঞ্চায়ত অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ আইন (পিইএছএ) আইন আৰু বন অধিকাৰ আইনৰ অধীনত তেওঁলোকৰ বাবে থকা অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব । এজন প্ৰভাৱশালী মাওবাদীৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়কলৈ মল্লোজুলাৰ এই যাত্ৰাক লৈ এতিয়া মহাৰাষ্ট্ৰত ব্যাপক চৰ্চা চলিছে ।

লগতে পঢ়ক :

অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মালবাহী ট্ৰাক চলাচল বন্ধৰ কৰাৰ হুংকাৰ ট্ৰাক চালকৰ