ETV Bharat / bharat

অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণ, ঠায়ে ঠায়ে ভূমিস্খলন

টাৱাঙত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ জৰুৰীকালীন পৰিস্থিতি নহ'লে টাৱাং পথেৰে যাত্ৰা নকৰিবলৈ যাত্ৰীক আহ্বান প্ৰশাসনৰ ৷

LANDSLIDE IN ARUNACHAL PRADESH
অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 5:23 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ধাৰাসাৰ বৰষুণ ৷ যাৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ ধাৰাসাৰ বৰষুণৰ বাবে বিশেষকৈ টাৱাং সংযোগী পথৰ একাধিক স্থানত ভূমিস্খলন হৈছে ৷ ফলত যাতায়ত ব্যাহত হোৱাৰ লগতে পথছোৱাত আবদ্ধ হৈ পৰিছে কেইবাখনো বাহন ৷ সেয়ে অতি প্ৰয়োজনীয় নহ'লে সেই পথেৰে যাত্ৰা নকৰিবলৈ সতৰ্কতা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

শেহতীয়া তথ্য অনুসৰি, ভূমিস্খলনৰ বাবে পদ্মা–ছেপাৰ কেম্প সংযোগী পথত ভূমিস্খলন হোৱাত পথ অৱৰোধ হৈ পৰিছে । ইফালে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন চমুকৈ বিআৰঅ'ই যুদ্ধকালীন তৎপৰতাৰে পথ মুকলি কৰাৰ কামত ব্যস্ত হৈ আছে । কিন্তু বৰষুণৰ বাবে অঞ্চলটো স্পৰ্শকাতৰ হৈ পৰিছে ৷ সেয়ে বৰষুণৰ বাবে পুনৰ ভূমিস্খলন হোৱাৰ আশংকা কৰিছে প্ৰশাসনে ৷

অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা (ETV Bharat Assam)

একেদৰে টাৱাং পথত কেইবাটাও স্পৰ্শকাতৰ স্থান চিনাক্ত কৰি অতি বিপদজনক হিচাপে চিহ্নিত কৰা হৈছে । ইয়াৰ ভিতৰত আছে পদ্মা–ছেপাৰ কেম্প, পশ্চিম কামেং দিশৰ চেলা টানেল সংযোগী পথ, ছাংগে ট্ৰানজিট কেম্প আৰু এছএছবি কেম্পৰ ওচৰৰ এলপি হোটেল অঞ্চল । প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সেই স্থানসমূহত যিকোনো সময়তে নতুনকৈ ভূমিস্খলনৰ বাবে পথ বন্ধ হ'ব পাৰে ।

LANDSLIDE IN ARUNACHAL PRADESH
অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা (ETV Bharat Assam)

জিলা প্ৰশাসন আৰু বিআৰঅ'ই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু বোকা, শিল আৰু গছেৰে অৱৰোধ হৈ থকা পথ মুকলি কৰি ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । তথাপিও বতৰৰ অনিশ্চয়তাৰ বাবে পাহাৰীয়া অঞ্চল ভ্ৰমণকাৰীসকলক অতি প্ৰয়োজন নহ'লে টাৱাং অভিমুখে যাত্ৰা নকৰিবলৈ জিলা প্ৰশাসনৰ পৰা আহ্বান জনোৱা হৈছে । লগতে যিসকলৰ যাত্ৰা একান্তই জৰুৰী, তেওঁলোকক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে শেহতীয়া পথ পৰিস্থিতিৰ তথ্য নিশ্চিত কৰি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ ধন আত্মসাতৰ গোচৰ: এছআইটিক তদন্তৰ খতিয়ান বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে