মুম্বাইত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন; প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বহিব এক গুৰুত্বপূৰ্ণ বৈঠকত
চতুৰ্থবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে ৷ মঙলবাৰে মুম্বাইত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী ৷

Published : February 17, 2026 at 12:07 PM IST
মুম্বাই : মঙলবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰন ৷ মুম্বাই বিমানবন্দৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলা ব্ৰীজিট মেক্ৰনক উষ্ম আদৰণি জনায় মহাৰাষ্ট্ৰৰ গৱৰ্ণৰ আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰনে ১৯ ফেব্ৰুৱাৰীলৈকে ভাৰততে থাকিব বুলি জানিব পৰা গৈছে ৷
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । দুয়োগৰাকী নেতাই "উদ্ভাৱনৰ বছৰ ২০২৬" (Year of Innovation 2026) লঞ্চ কৰিব । এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক ত্বৰান্বিত কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এক্সত পোষ্টত উল্লেখ কৰিছে ।
En route to India!
— Emmanuel Macron (@EmmanuelMacron) February 16, 2026
Three days from Mumbai to New Delhi to take our strategic partnership even further.
On board with me: business leaders and the economic, industrial, cultural and digital players who give real, tangible life to the ties between India and France.… pic.twitter.com/k3Q9fSckWs
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মেক্ৰনৰ এয়া চতুৰ্থটো ভাৰত ভ্ৰমণ । এই ভ্ৰমণৰ জৰিয়তে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ ধাৰাবাহিকতা অব্যাহত ৰখা হৈছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা (AI) সহযোগিতা আৰু নতুন প্ৰযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ।
ফ্ৰান্সৰ দূতাবাসৰ মতে, এই বৈঠকে নতুন দিল্লী আৰু পেৰিছৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত কৰিছে । প্ৰতিৰক্ষা, মহাকাশ, নাগৰিক পাৰমাণৱিক শক্তি, জলবায়ু কাৰ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অংশীদাৰিত্ব গভীৰ হোৱাৰ সময়তে তেওঁলোকে এই ভ্ৰমণ কৰে ।
২০১৮ চনত মেক্ৰনে প্ৰথম ভাৰত ভ্ৰমণ কৰে ৷ তাৰ পিছত ২০২৩ চনৰ জি-২০ শীৰ্ষ সন্মিলনত তেওঁ অংশগ্ৰহণ কৰে ৷ ২০২৪ চনত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ বাবে মুখ্য অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ভ্ৰমণ কৰে । এই মাইলৰ খুঁটিৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ২০২৬ চনক ভাৰত-ফ্ৰান্স উদ্ভাৱন বছৰ বুলি ঘোষণা কৰে, যিটো এই ভ্ৰমণৰ সময়ত তেওঁলোকে যৌথভাৱে মুম্বাইত উদ্বোধন কৰিব এক ভৱিষ্যতমুখী পদক্ষেপ ।
বৰ্তমানৰ ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে হৰাইজন ২০৪৭ ৰ’ডমেপৰ অধীনত পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে ১৭ ফেব্ৰুৱাৰীত মুম্বাইত বিস্তৃত আলোচনাত মিলিত হ’ব । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো নেতাসকলে মত বিনিময় কৰিব, যিয়ে ক্ৰমবৰ্ধমান কৌশলগত অভিসৰণৰ প্ৰতিফলন ঘটাব ।
🇮🇳🇫🇷
— Devendra Fadnavis (@Dev_Fadnavis) February 16, 2026
Bienvenue à Mumbai!
A very warm welcome to the President of France, H.E. Emmanuel Macron and First Lady Brigitte Macron as they arrive in Mumbai!
Maharashtra welcomes you!
Wishing Hon President Macron and the entire French delegation a pleasant stay and a successful… pic.twitter.com/h0CrOc90OG
মুম্বাইত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ পিছত প্ৰতিনিধি দলটোৱে ভাৰত এআই ইমপেক্ট ছামিট ২০২৬ (India AI Impact Summit)ৰ বাবে দিল্লীলৈ যাত্ৰা কৰিব । ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো হৈছে গ্ল’বেল চাউথত অনুষ্ঠিত হোৱা প্ৰথমটো বিশ্বব্যাপী এআই শীৰ্ষ সন্মিলন ।
India AI Impact Summit ক তিনিটা মৌলিক স্তম্ভ : মানুহ, গ্ৰহ আৰু প্ৰগতিৰ ওপৰত ভিত্তি কৰি পাঁচদিনীয়া কাৰ্যসূচী হিচাপে ডিজাইন কৰা হৈছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণে দুয়োখন দেশে নতুন প্ৰযুক্তিৰ প্ৰতি থকা গুৰুত্বক প্ৰতিফলিত কৰে ৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পেৰিছত মেক্ৰনৰ সৈতে অনুষ্ঠিত হোৱা AI Action Summit-ৰ সহ-অধ্যক্ষ প্ৰধানমন্ত্ৰী মোদী ৷

