১০০ দিন পাৰ হ’ল, এতিয়াও সম্পূৰ্ণৰূপে নিমাত ধনখড়: কংগ্ৰেছ
ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ আঁৰৰ কাৰণসমূহ তেওঁ সদৰী কৰা স্বাস্থ্যজনিত সমস্যাতকৈ বহুত বেছি গভীৰ - এই দাবী কংগ্ৰেছৰ ৷

Published : October 29, 2025 at 6:33 PM IST
নতুন দিল্লী: দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগৰ ১০০ দিন পাৰ হ’ল ৷ পিছে পদত্যাগ সন্দৰ্ভত ধনখড়ে আজিও প্ৰকাশ নকৰিলে প্ৰতিক্ৰিয়া ৷
বুধবাৰে কংগ্ৰেছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগৰ ১০০ দিন উকলি যোৱাৰ পিছতো তেওঁ বিষয়টোত সম্পূৰ্ণ নিমাত হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে বিৰোধী দলটোৱে আঙুলিয়াই দিয়ে যে তেওঁ পূৰ্বৰ সকলো ৰাষ্ট্ৰপতিৰ দৰেই অন্ততঃ বিদায়ী অনুষ্ঠানৰ যোগ্য ৷
যোগাযোগ বিভাগৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ এক অভূতপূৰ্ব ঘটনা সংঘটিত হোৱাৰ ঠিক ১০০ দিন পাৰ হ’ল ।
‘‘আকস্মিক আৰু চাঞ্চল্যকৰভাৱে ২১ জুলাইৰ নিশা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰিলে । তেওঁ দিনে-নিশাই প্ৰধানমন্ত্ৰীৰ গুণগান গালেও তেওঁ যে তেনে কৰিবলৈ বাধ্য হৈছিল, সেয়া স্পষ্ট আছিল’’, ৰমেশে সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত কয় ৷ কিন্তু ইয়াৰ আঁৰৰ কাৰণ আজিও ‘‘নীৰৱ, অস্পষ্ট আৰু অদৃশ্য ৷’’
It has been exactly 100 days since an unprecedented event in Indian political history took place. Suddenly and shockingly, in the late hours of the night on July 21st, the Vice President of India Shri Jagdeep Dhankar resigned. That he was forced to do so - even though he sang the…
— Jairam Ramesh (@Jairam_Ramesh) October 29, 2025
কংগ্ৰেছ নেতা ৰমেশে লগতে কয় যে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী বিৰোধীৰ কোনো মহান বন্ধু নাছিল । ৰমেশে কয়, ‘‘তেওঁ পূৰ্বে বিৰোধী দলক অহৰহ আৰু অন্যায়ভাৱে সকলো কথাতে টানি আনিছিল । তথাপিও গণতান্ত্ৰিক পৰম্পৰা অনুসৰি বিৰোধীয়ে কৈ আহিছে যে তেওঁৰ পূৰ্বৰ সকলোৰে দৰে অন্ততঃ বিদায়ী অনুষ্ঠানৰ যোগ্য । সেয়া এতিয়াও হোৱা নাই ।’’
ধনখড়ৰ পদত্যাগৰ পিছত কংগ্ৰেছে দাবী কৰিছিল যে তেওঁ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ আঁৰৰ কাৰণ তেওঁ উল্লেখ কৰা স্বাস্থ্যজনিত সমস্যাতকৈ বহুত বেছি গভীৰ ।
বিৰোধী দলটোৱে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল । আকস্মিকভাৱে লোৱা এক সিদ্ধান্তৰে ধনখড়ে চিকিৎসাজনিত কাৰণত ২১ জুলাইত পদত্যাগ কৰে । তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰা বুলি পত্ৰত উল্লেখ কৰে ।
৭৪ বছৰীয়া ধনখড়ে ২০২২ চনৰ আগষ্ট মাহত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল । তেওঁ ৰাজ্যসভাৰ অধ্যক্ষও আছিল আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই পদত্যাগ কৰিছিল ।
ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে পালন কৰা কাৰ্যকালত ধনখড়ৰ বিৰোধীৰ সৈতে কেইবাবাৰো বাকবিতণ্ডা হৈছিল ৷ আনকি তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱো উত্থাপন কৰিছিল বিৰোধীয়ে । স্বাধীন ভাৰতত উপ-ৰাষ্ট্ৰপতিক অপসাৰণৰ এইটোৱেই আছিল প্ৰথম প্ৰস্তাৱ, যিটো পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে নাকচ কৰে ।

