বিহাৰ নিৰ্বাচনৰ পূৰ্বে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হেভিৱেট প্ৰাৰ্থী
বিহাৰৰ মোকামা সমষ্টিৰ জনতা দল ইউনাইটেডৰ হেভিৱেট প্ৰাৰ্থী অনন্ত সিঙক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Published : November 2, 2025 at 2:26 PM IST
পাটনা : বিহাৰত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ নিৰ্বাচনী প্ৰাৰ্থী । বিহাৰৰ মোকামা সমষ্টিৰ জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী তথা হেভিৱেট ৰাজনীতিবিদ অনন্ত সিঙক শনিবাৰে নিশা বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অঞ্চলটোৰ আন এজন শক্তিশালী ব্যক্তি দুলাৰচান্দ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ কৰা তেওঁলোকক ।
বিহাৰৰ মোকামা অঞ্চলত সংঘটিত হোৱা ৰাজনৈতিক হিংসা তথা নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন বিধায়ক তথা জেডিইউৰ প্ৰাৰ্থী অনন্ত সিঙক ।
#WATCH बिहार: JDU के मोकामा उम्मीदवार अनंत सिंह के घर की वीडियो, जहां से उन्हें दुलारचंद यादव हत्या मामले में पटना पुलिस ने गिरफ्तार किया। pic.twitter.com/DVzv9CpQ30
— ANI_HindiNews (@AHindinews) November 1, 2025
মাজনিশা গ্ৰেপ্তাৰ অনন্ত সিঙক :
বাঢ় অঞ্চলত গ্ৰেপ্তাৰ কৰা অনন্ত সিঙক আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছতেই পাটনালৈ অনা হয় । পাটনাৰ এছ এছ পি কাৰ্তিকেয় কে শৰ্মাৰ নেতৃত্বত এটা দলে চলাইছিল এই অভিযান । পাটনালৈ অনাৰ পথত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰবাবে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ।
কি কয় আৰক্ষীয়ে:
পাটনাৰ এছ এছ পি কাৰ্তিকেয়া কে শৰ্মাই কয়, "যোৱা ৩০ অক্টোবৰত প্ৰাৰ্থীৰ দুটা গোটৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । পৰৱৰ্তী সময়ত আৰম্ভ হয় শিলাবৰ্ষণ, য'ত কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হয় । এই ঘটনা শাম কটাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰ হয় এটা মৃতদেহ । মৃত ব্যক্তিগৰাকী সেইখন গাঁৱৰে ৭৫ বছৰীয়া দুলাৰচান্দ যাদৱ বুলি চিনাক্ত কৰা হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োপক্ষই এজাহাৰ দাখিল কৰে আৰু তদন্ত আৰম্ভ হৈছে ।"
#WATCH पटना, बिहार: पटना के SSP कार्तिकेय के शर्मा ने कहा, " एक दुर्भाग्यपूर्ण घटना हुई थी जिसमें मोकामा विधानसभा के 2 प्रत्याशियों के पक्ष आमने सामने आ गए थे। उनके बीच पत्थरबाजी की घटना हुई थी। इसमें एक व्यक्ति का शव बरामद हुआ था... इसमें अभी 3 गिरफ्तारियां हुई हैं। अन्य कई लोगों… pic.twitter.com/er7dAmNdg9
— ANI_HindiNews (@AHindinews) November 1, 2025
এছ এছ পি শৰ্মাই কয়, "প্ৰমাণ, প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰা হৈছে আৰু এইটো অতি গুৰুতৰ বিষয় । এই গোচৰৰ মূল অভিযুক্ত তথা প্ৰাৰ্থী অনন্ত সিঙৰ উপস্থিতিত এই ঘটনা সংঘটিত হৈছিল । অনন্ত সিঙক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ সহযোগী মণিকান্ত ঠাকুৰ আৰু ৰঞ্জিত ৰামকো গ্ৰেপ্তাৰ কৰা হৈছে । তিনিওজনকে দণ্ডাধীশৰ আগত হাজিৰ কৰা হ'ব আৰু সঠিক তদন্ত কৰা হ'ব ।"
কি কয় জিলা ন্যায়াধীশে :
পাটনাৰ জিলা ন্যায়াধীশ ড৹ ত্যাগৰাজন এছ এমে কয়, "মোকামা বিধানসভা সমষ্টিৰ ঘটনাটোক জিলা প্ৰশাসন আৰু আৰক্ষীয়ে অতি গুৰুত্বসহকাৰে লৈছে । গোচৰটোত আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ । প্ৰায় ৮০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নিৰ্বাচন আচৰণ বিধি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ এক শক্তিশালী স্তম্ভ । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আমি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । যদি দুস্কৃতিকাৰীয়ে আইন বা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিবলৈ চেষ্টা কৰে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
#WATCH बिहार: पटना के DM डॉ. त्यागराजन एसएम ने कहा, " यह एक गंभीर घटना है। हमने इसे काफी गंभीरता से लिया है... अभी स्थिति बहुत सामान्य है। हमने इसकी पूरी छानबीन की है... जो भी असामाजिक तत्व इसमें शामिल हैं उनके खिलाफ लगातार कार्रवाई की जा रही है। करीब 80 लोगों को गिरफ्तार किया गया… pic.twitter.com/m36kFReH6h
— ANI_HindiNews (@AHindinews) November 1, 2025
তেওঁ লগতে কয়, "আমি ১০০% অস্ত্ৰ জমা কৰাৰ নিৰ্দেশ দিছোঁ । শীঘ্ৰে সকলো বৈধ অস্ত্ৰ জমা কৰা হ'ব । প্ৰতিটো বিধানসভা সমষ্টিত ৫০ টাতকৈও অধিক চেকিং পইণ্ট স্থাপন কৰা হৈছে । চিএপিএফেও পৰীক্ষা কৰিব । পাটনাত সৰ্বাধিক জব্দ কৰা হৈছে । পৰ্যাপ্ত পৰিমাণৰ চিএপিএফৰ জোৱান নিয়োগ কৰা হৈছে । তেওঁলোকে আৰক্ষী আৰু দণ্ডাধীশৰ সৈতে সমন্বয়ত কাম কৰি আছে । অবৈধ অস্ত্ৰ জব্দ কৰিবলৈ অভিযান চলোৱা হৈছে ।"
জিলা ন্যয়াধীশৰ পৰা বিচৰা হৈছে প্ৰতিবেদন:
মোকামাত বৰ্তমান হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সেনা বাহিনী মোতায়েন কৰা হৈছে । উভয়পক্ষৰ অভিযোগকে ধৰি বৰ্তমানলৈ চাৰিখনকৈ এজাহাৰ দাখিল কৰা হৈছে । নিৰ্বাচন আয়োগে ২ নৱেম্বৰৰ ভিতৰত জিলা ন্যায়াধীশৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে । লগতে অঞ্চলটোত শান্তিৰ বাতাবৰণ বৰ্তাই ৰাখিবলৈ আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু কোনোৱে আইন উলংঘা কৰিলে কঠোৰ শাস্তি বিহিবলৈ সাজু হৈ আছে ।
দুলাৰচান্দ যাদৱ হত্যাকাণ্ড:
বৃহস্পতিবাৰে জেডিইউৰ প্ৰাৰ্থী অনন্ত সিং আৰু জন সূৰজৰ প্ৰাৰ্থী পীয়ুষ প্ৰিয়াদৰ্শী ওৰফে লল্লু মুখীয়াৰ সমৰ্থকৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষতে নিহত হয় দুলাৰচান্দ যাদৱ । প্ৰাৰম্ভিক প্ৰতিবেদনত বন্দুকৰ গুলীত আঘাত পোৱাৰ কথা জানিব পৰা গৈছে যদিও মৰণোত্তৰ পৰীক্ষাত দেখা গৈছে যে বাহনৰ খুন্দাতহে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
কঠোৰ নিৰ্বাচনী আয়োগ:
নিৰ্বাচন আয়োগে বিষয়টো গুৰুতৰ বুলি বিবেচনা কৰি বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । পাটনাৰ গ্ৰাম্য আৰক্ষী অধীক্ষক বিক্ৰম ছিহাগক বদলি কৰা হয়, আনহাতে এছডিপিঅ’ক নিলম্বন কৰা হয় । বাঢ়ৰ এছ ডি অ’ চন্দন কুমাৰৰ ঠাইত আই এ এছ আশীষ কুমাৰক নিযুক্তি দিয়া হয় ।
নতুন বিষয়া নিযুক্তি:
চিআইডিৰ ডিএছপি আনন্দ কুমাৰ সিঙক বাঢ়-১ এছডিপিঅ’ হিচাপে নিযুক্তি দিয়া হয় আৰু এটিএছৰ ডিএছপি আয়ুষ শ্ৰীবাস্তৱক বাঢ়-২ৰ এছডিপিঅ’ হিচাপে নিযুক্তি দিয়া হৈছে । ডিজিপি বিনয় কুমাৰে উল্লেখ কৰে যে আয়োগৰ নিৰ্দেশ অনুসৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । সমগ্ৰ পৰিস্থিতি আই জি জিতেন্দ্ৰ ৰাণাৰ নিৰীক্ষণত আছে বুলি জানিব পৰা গৈছে ।

