অস্ত্ৰ এৰি খোজ দিলে ৰেম্পত: নক্সালবাদী শিবিৰৰ পৰা ফেশ্বন জগতলৈ অবিশ্বাস্য যাত্ৰা!
নক্সালবাদ ত্যাগ কৰি মূলসুঁতিলৈ: ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ৰেম্পত খোজ দিলে আত্মসমৰ্পণকাৰী প্ৰাক্তন মহিলা নক্সালবাদীয়ে ৷

By ETV Bharat Entertainment Team
Published : August 13, 2026 at 5:58 PM IST
হায়দৰাবাদ : এসময়ত বাষ্টাৰৰ ঘন অৰণ্যত হাতত অস্ত্ৰ তুলি লোৱা প্ৰাক্তন মহিলা নক্সালপন্থীসকল এতিয়া সমাজৰ মূল সূঁতিলৈ ঘূৰি আহিছে । ৰায়পুৰত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত এই মহিলাসকলে আকৰ্ষণীয় খোজেৰে (ৰেম্প ৱাক), আকৰ্ষণীয় ভংগীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
এই ফেশ্বন অনুষ্ঠানত উপস্থিত থকা সকলোৱে এসময়ৰ বিপ্লৱীক জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই তেওঁলোকক মূলসূতিত জীৱন-যাপন কৰিবলৈ বিপুলভাৱে আদৰণি জনায় ।
#WATCH | Raipur, Chhattisgarh: Former women Naxals, who once carried weapons in the dense forests of Bastar, walked the ramp to huge applause at a National Handloom Day event in Raipur after joining the mainstream. (07.08) pic.twitter.com/51mc8lEXWE
— ANI (@ANI) August 13, 2026
ছত্তীশগড় জিলাৰ বাষ্টাৰত আত্মসমৰ্পণ কৰা প্ৰাক্তন মহিলা নক্সালবাদীসকলে ঘন অৰণ্য়ত আত্মগোপন কৰি থাকি, কষ্ট কৰি যাপন কৰা জীৱনৰ মাধ্য়মত অন্য় এক সপোন দেখিছিল ৷ সমাজৰ পৰা পৃথক হৈ তেওঁলোকে এক অবাস্তৱ সপোনক বাস্তৱ কৰাৰ সংগ্ৰামত লিপ্ত আছিল ৷
কিন্তু কেন্দ্ৰ চৰকাৰৰ বিশেষ তৎপৰতাত এতিয়া এসময়ৰ নক্সালবাদী সাধাৰণ নাগৰিক হৈ সমাজলৈ ঘূৰি আহিছে, আৰু বিভিন্ন পেছাৰ সৈতে জড়িত হৈ পৰিছে ৷ একাংশ তেনে প্ৰাক্তন মহিলা নক্সালবাদী সদস্য়ই এতিয়া পিন্ধি লৈছে পৰম্পৰাগত ৰেচমৰ বসন বা আদিবাসী কাপোৰ ৷ ফেশ্বন জগতৰ অংশ হৈ পৰিছে।
উল্লেখ্য যে, দীনদয়াল উপাধ্যায় প্ৰেক্ষাগৃহত আয়োজিত এক ফেশ্বন শ্ব'ৰ জৰিয়তে এই প্ৰাক্তন নক্সাল সদস্য়সকলে তেওঁলোকৰ সংস্কাৰ, শান্তি আৰু আত্মনিৰ্ভৰশীলতা পথ উদযাপন কৰা দেখা যায়। ঘন জংঘলত মাৰাণাস্ত্ৰৰে সজ্জিত মহিলাসকল এতিয়া হৈ পৰিছে ফেশ্বনৰ অলংকাৰ।
#WATCH | Raipur, Chhattisgarh: Former women Naxals, who once carried weapons in the dense forests of Bastar, walked the ramp to huge applause at a National Handloom Day event in Raipur after joining the mainstream. (07.08) https://t.co/BtUfHIUsHs pic.twitter.com/ClHzGcRWp1
— ANI (@ANI) August 13, 2026
ঘন জংঘলত অস্ত্ৰ লৈ ফুৰা আৰু সাধাৰণ সমাজৰ পৰা আঁতৰি থকা সশস্ত্ৰ বিদ্ৰোহীৰ পৰিচয় সলনি কৰি এই মহিলাসকলে মূলসুঁতিলৈ উভতি অহাৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে । তেওঁলোকৰ এই আত্মবিশ্বাসী ৰূপ আৰু জীৱনৰ পৰিৱৰ্তনে ইণ্টাৰনেটত চৰ্চা লাভ কৰিছে ।
প্ৰাক্তন মহিলা নক্সালবাদীসকলে কছা ৰেচম আৰু হস্ততাঁতৰ আকৰ্ষণীয় সাজ-পোছাক পিন্ধি অঞ্চলটোৰ চহকী বস্ত্ৰশিল্পৰ ঐতিহ্য প্ৰদৰ্শন কৰে । কেৱল এটা ফেশ্বন শ্ব' নহয়, এই অনুষ্ঠানটোৱে সংঘাতময় জীৱন এৰি মূলসুঁতিৰ সমাজত আত্মনিৰ্ভৰশীল হোৱা মহিলাসকলৰ পুনৰসংস্থাপন আৰু সবলীকৰণৰ প্ৰতীক হিচাপে ধৰা দিছে । ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সায়েও এই অনুষ্ঠানত ভাগ লোৱা মহিলাসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকৰ ভৱিষ্যত যাত্ৰাৰ বাবে শুভকামনা জনায় ।
বৰ্তমান এই মহিলাসকলে বিভিন্ন সামাজিক সংস্থাৰ সৈতে কাম কৰি, সামাজিক কাম-কাজত ভাগ লৈ এক নতুন কেৰিয়াৰ গঢ়াত মনোনিবেশ কৰিছে । মঞ্চত তেওঁলোকৰ এই আত্মবিশ্বাসী উপস্থিতিয়ে প্ৰমাণ কৰে যে, সমাজলৈ উভতি অহাৰ সিদ্ধান্তই জীৱনত নতুন সম্ভাৱনা আৰু আশাৰ সঞ্চাৰ কৰিব পাৰে । এই অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু মহিলাসকলৰ এই অভূতপূৰ্ব পৰিৱৰ্তন দেখি নেটিজেনে ব্যাপক প্ৰশংসা কৰিছে ।
এজন ‘X’ ব্যৱহাৰকাৰীয়ে লিখে, "অবিশ্বাস্য দৃশ্য ! কেইবছৰমান আগতে এনে হ’ব বুলি মই কেতিয়াও ভবা নাছিলোঁ । এয়াই হৈছে আটাইতকৈ প্ৰকৃত নাৰী সবলীকৰণ ।" আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, "যদি এইয়া সঁচা হয়, তেন্তে জড়িত সকলোকে ধন্যবাদ । তেওঁলোকক অলপো প্ৰাক্তন নক্সালবাদী যেন লগা নাই । এনেকুৱা কাহিনীবোৰে কিয় বেছি প্ৰসাৰ লাভ নকৰে ?" আন এগৰাকী মন্তব্যকাৰীয়ে উল্লেখ কৰে যে, দশক দশক ধৰি উগ্ৰপন্থী জৰ্জৰিত অঞ্চলৰ পৰা অহা এই মহিলাসকলৰ ৰেম্প ৱাকে প্ৰমাণ কৰে যে মূলসুঁতিৰ অংশ হ’লে জীৱনলৈ কেনেকৈ নতুন সুযোগ আহে?
লগতে পঢ়ক : বহুভাষিক এআই সম্প্ৰসাৰণ চুক্তিত স্বাক্ষৰ ভাষিণী আৰু নিটি আয়োগৰ

