পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আশীষ বেনাৰ্জীৰ ৰহস্যজনক মৃত্যু
ৰামপুৰহাটস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰত নিথৰ অৱস্থাত বেনাৰ্জীৰ মৃতদেহটো পোৱা গৈছে ৷ এই কাৰ্যালয়টোৰ নিচেই সমীপতে তেওঁৰ ঘৰ ৷

Published : August 16, 2026 at 11:07 AM IST
ৰামপুৰহাট(পশ্চিমবংগ): পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আশীষ বেনাৰ্জীৰ ৰহস্যজনক মৃত্যু ৷ দেওবাৰে পুৱা বীৰভূম জিলাৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত চিপ লৈ ওলমি থকা অৱস্থাত বেনাৰ্জীৰ মৃতদেহটো আৰক্ষীয়ে প্ৰত্যক্ষ কৰে ৷ ৰামপুৰহাটত তেওঁৰ বাসগৃহৰ সমীপতে এই দলীয় কাৰ্যালয়টো অৱস্থিত ৷ মৃতদেহটোৰ সমীপতে আৰক্ষীয়ে এখন টোকাবহীও উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে ৷
পৰিয়ালৰ সূত্ৰ অনুসৰি, বেনাৰ্জীয়ে শনিবাৰে মাজনিশালৈকে পৰিয়ালৰ লোকসকলৰ সৈতে হাঁহি-তামাচাত ব্যস্ত হৈ আছিল ৷ কিন্তু দেওবাৰে পুৱা বেনাৰ্জীৰ পৰিয়ালৰ বহুকেইগৰাকী সদস্য আৰু ওচৰ-চুবুৰীয়াই ঘৰটোৰ ঠিক কাষতে থকা কাৰ্যালয়টোৰ ৰুমৰ দুৱাৰখন বন্ধ হৈ থকা দেখে । তাৰপিছতে তেওঁলোকে খিৰিকীৰে জুমি চাই অনাকাংক্ষিত ঘটনাটো ঘটা দেখিবলৈ পায় ৷
আনহাতে, পৰিয়ালৰ লোকৰ পৰা পোৱা খবৰৰ ভিত্তিত ঘটনাস্থলীত ৰামপুৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে ততালিকে টিএমচিৰ প্ৰাক্তন বিধায়কজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে কি কাৰণে বেনাৰ্জীয়ে এনেধৰণে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া এই মুহূৰ্তত পোহৰলৈ অহা নাই বুলি আৰক্ষীয়ে জনায় ৷
উল্লেখ্য যে, ২০০১-২০২৬ চনলৈকে তৃণমূল কংগ্ৰেছৰ এইগৰাকী প্ৰবীণ ৰাজনীতিকে ৰাজ্যখনৰ বিধানসভাত ধাৰাবাহিকভাৱে ৰামপুৰহাটক প্ৰতিনিধিত্ব কৰি আহিছিল । চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত ৰামপুৰহাটৰ পৰা তেওঁ টিএমচিৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও বিজেপিৰ ধ্ৰুৱ সাহাৰ বিৰুদ্ধে ২৪ হাজাৰৰো অধিক ভোটত পৰাজিত হৈছিল । এই পৰাজয়ৰ পিছৰে পৰাই বেনাৰ্জীক ৰাজনীতিত বিশেষ সক্ৰিয় হোৱা দেখা নগ’ল বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।
টিএমচিৰ শক্তিশালী নেতা অনুব্ৰত মণ্ডলে জিলা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বীৰভূমত দলটোৰ এগৰাকী বিশিষ্ট নেতা হিচাপে বেনাৰ্জী পৰিচিত আছিল । চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত টিএমচিৰ পৰাজয়ৰ পিছত পশ্চিমবংগৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হয় ৷ পশ্চিমবংগত মমতা বেনাৰ্জীৰ প্ৰায় ১৫ বছৰীয়া শাসনৰ অন্ত পৰাৰ বিপৰীতে বিজেপিয়ে শাসনৰ গুৰি ধৰাৰ সুযোগ লাভ কৰে ৷
ৰাজ্যখনত বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাক্তন বিধায়ক আৰু নেতাই দুৰ্নীতি সম্পৰ্কীয় তদন্ত আৰু গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে । আশীষ বেনাৰ্জীৰ ৰহস্যজনক মৃত্যু জীৱনৰ চৰম সিদ্ধান্ত নে এয়া কোনো পৰিকল্পিত হত্যাকাণ্ড, সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে নেতাগৰাকীয়ে এৰি যোৱা টোকাবহী আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে ৷
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আবেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্বনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)
লগতে পঢ়ক: ৰে’লষ্টেচনৰ খোৱাপানীত ই কোলাই বেক্টেৰিয়াৰ উপস্থিতি ! কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

