ETV Bharat / bharat

দেশজুৰি ধৰ্মঘট ফুড ডেলিভাৰী কৰ্মচাৰীৰ: আপুনি সময়মতে নাপাবও পাৰে খাদ্য

স্থবিৰ হৈ পৰিব পাৰে মিনিটতে ফুড ডেলিভাৰী সেৱা । দেশজুৰি ধৰ্মঘটত নামিছে ফুড ডেলিভাৰী কৰ্মচাৰী ।

Food delivery workers hold nationwide strike over pay insurance and working conditions
দেশজুৰি ধৰ্মঘট ফুড ডেলিভাৰী কৰ্মচাৰীৰ (ANI)
author img

By ANI

Published : December 31, 2025 at 2:42 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ইণ্ডিয়ান ফেডাৰেশ্যন অৱ এপ-বেচড ট্ৰান্সপ'ৰ্ট ৱৰ্কছ(IFAT) ৰ সৈতে জড়িত প্লেটফৰ্ম ভিত্তিক ডেলিভাৰী কৰ্মীসকলে বুধবাৰে দেশজুৰি ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী । কৰ্ম পৰিস্থিতি, কম মজুৰি আৰু সামাজিক সুৰক্ষাৰ অভাৱৰ অভিযোগ উত্থাপন কৰি ৰূপায়ণ কৰা ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে ডেলিভাৰী সেৱাত গুৰুতৰভাৱে ব্যাঘাত জন্মাব পাৰে বুলি সকীয়াই দিয়ে । ফুড ডেলিভাৰী এজেণ্টসকলৰ মতে, পথত বহু সময় কটোৱাৰ ফলত তেওঁলোকৰ আয় যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত তেওঁলোক আৰ্থিকভাৱে সংকটত পৰিছে ।

এজন ডেলিভাৰী এজেণ্টে কয় যে ডেলিভাৰীৰ সময়ত যি প্ৰত্যাহ্বানৰ সন্মুখীন নহওক কিয়, তেওঁলোক গ্ৰাহকৰ প্ৰতি ভদ্ৰ আৰু সৌজন্যশীল হৈ থাকিব লাগে । তেওঁ লগতে কয় যে তেওঁলোকে নজনা কাৰণত অৰ্ডাৰ বাতিল হ’লেও ৰাইডাৰসকলক শাস্তি দিয়া হয় ।

আন এজন ডেলিভাৰী এজেণ্টে কয়, "আমিও ধৰ্মঘটত অংশগ্ৰহণ কৰিছোঁ । ইয়াৰ বহু কাৰণ আছে । উদাহৰণস্বৰূপে ৰেট কাৰ্ড । আমি পৰ্যাপ্ত দৰমহা নাপাওঁ । কোম্পানীয়ে বীমা নিদিয়ে... আমি যেতিয়া গ্ৰাহকৰ ওচৰলৈ যাওঁ, আমি যিমানেই অসুবিধাত নপৰো, আমি হাঁহি হাঁহি কওঁ, 'ধন্যবাদ ছাৰ, অনুগ্ৰহ কৰি আমাক ৰেটিং দিয়ক ।' কোনো কাৰণত যদি কোনো অৰ্ডাৰ বাতিল কৰা হয়, তেন্তে জৰিমনা ৰাইডাৰৰ ওপৰত পৰে... এই বিষয়ত কোম্পানীয়ে ব্যৱস্থা ল’ব লাগে ৷ আমি দিনে দিনে ৰাতি ৰাতি কটাওঁ, আমি কৰা কামৰ পৰিমাণ অনুসৰি দৰমহা নাপাওঁ ।"

আন এজন ডেলিভাৰী কৰ্মীয়ে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত লাভৰ হাৰ যুক্তিসংগত আছিল যদিও শেহতীয়া পৰিৱৰ্তনে ৰাইডাৰসকলৰ বাবে উচিত আয় লাভ কৰাত ক্ৰমান্বয়ে অসুবিধাৰ সৃষ্টি কৰিছে । তেওঁ বাৰাখাম্বা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা এজন ৰাইডাৰৰ গোচৰৰ উদাহৰণ দাঙি ধৰে । যি কোম্পানীটোৰ পৰা কোনো ধৰণৰ বীমাৰ সহায় লাভ নকৰিলে ।

কৰ্মীগৰাকীয়ে লগতে অভিযোগ কৰে যে দলৰ নেতাসকলে প্ৰায়ে সঁহাৰি নিদিয়াকৈ থাকে আৰু কিছুমান ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিলে ৰাইডাৰৰ আই ডি ব্লক কৰে । তেওঁ লগতে কয়,"১৪ ঘণ্টা কাম কৰাৰ পিছত আমি কষ্টৰে ৭০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰোঁ । ইয়াৰ পিছতো আমাৰ বহুতেই গভীৰ নিশালৈকে কাম কৰি যাবলৈ বাধ্য হৈছোঁ ।"

আন এজন ডেলিভাৰী এজেণ্টে কয় যে প্ৰতিবাদৰ অংশ হিচাপে কেইবাটাও অঞ্চলত সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । তেওঁ কয়,"বৰ্তমান ডেলিভাৰী বন্ধ কৰা হৈছে... আমি শুনিছোঁ যে ধৰ্মঘট হৈছে, গতিকে আমি একেবাৰেই কাম কৰা নাই... আমি কৃতজ্ঞ যে কোম্পানীয়ে আমাক আৰম্ভণিতে বহুত দিছিল । কিন্তু এতিয়া, তেওঁলোকে দিয়া সকলোখিনি ঘূৰাই লৈছে... আন কোম্পানীয়ে প্ৰমোচন আগবঢ়াইছে, কিন্তু ইয়াত, আমি মাত্ৰ ডিম'চনহে পাইছোঁ... আমি ১৫-১৬ ঘণ্টা কাম কৰি জীৱন নিৰ্বাহ কৰিব লাগিব ।"

আনহাত এই প্ৰসংগত আপৰ এগৰাকী সাংসদে কয়,"আজিৰ সময়ত চুইগী, জ'মেট'ৰ ডেলিভাৰী বয়, ব্লিংকিট, জেপ্ট'ৰ ৰাইডাৰ, অ'লা, উবেৰৰ ড্ৰাইভাৰ, যিসকলৰ সাহসত আজি ডাঙৰ ক'ম্পেনী গঢ় লৈ উঠিব পাৰিছে, তেওঁলোকৰ মূল্য ডলাৰত । কিন্তু এই সমগ্ৰ ইক'চিষ্টেমত যদি কোনোৱে অত্যাধিক নিৰ্যাতিত হৈ আছে সেয়া এওঁলোক ।"

লগতে পঢ়ক: ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ দাবী: ট্ৰাম্পৰ পিছত এইবাৰ নাক ঘঁহাইছে চীনেও

নতুন বছৰৰ আৰম্ভণিতে দেশবাসীৰ বাবে সুখবৰ: বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত ভাৰত