মধ্যপ্ৰাচ্যত অস্থিৰতা : ৪০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল
ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষৰ বাবে মধ্যপ্ৰাচ্যৰ বহু দেশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে । তেনেস্থলত বাতিল হৈছে ইখনৰ পিছত সিখন আন্তঃৰাষ্ট্ৰীয় বিমান ।

Published : March 1, 2026 at 4:58 PM IST
নতুন দিল্লী: ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষৰ ফলত মধ্যপ্ৰাচ্যত অস্থিৰতাই বিৰাজ কৰিছে । ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ডুবাই, আবুধাবি, বাহৰেইন আদিত কৰা আক্ৰমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইফালে মধ্যপ্ৰাচ্যত আকাশমাৰ্গ বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশে বিমান সেৱা বাতিল কৰিছে । ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে মধ্যপ্ৰাচ্যৰ এনে পৰিস্থিতিৰ ফলত ভাৰতীয় বিমান সংস্থাসমূহে ১ মাৰ্চত ৪৪৪ খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰিছে ।
দেওবাৰে পুৱা এক্সৰ এটা পোষ্টত মন্ত্ৰালয়ে কয় যে ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশৰ ওপৰত আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে ২৮ ফেব্ৰুৱাৰীত ঘৰুৱা বিমান সেৱাৰ ৪১০ খন বিমান বাতিল কৰা হৈছিল আৰু ১ মাৰ্চত ৪৪৪ খন বিমান বাতিল হোৱাৰ সম্ভাৱনা আছে ।
Due to airspace restrictions over Iran and parts of the Middle East, 410 flights of domestic carriers were cancelled on 28 February, and 444 flights are expected to be cancelled on 1 March.
— MoCA_GoI (@MoCA_GoI) February 28, 2026
DGCA is maintaining close coordination with airlines to ensure full compliance with…
বিমান নিয়ন্ত্ৰক ডি জি চি এই বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ স্থাপন কৰি সুৰক্ষা আৰু কাৰ্যকৰী নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলাটো নিশ্চিত কৰিছে । লগতে সম্ভাৱ্য যাত্ৰা পথ সলনিৰ পৰিচালনা আৰু নিৰৱচ্ছিন্ন যাত্ৰীৰ সুবিধা নিশ্চিত কৰিবলৈ প্ৰধান বিমানবন্দৰসমূহ কাৰ্যকৰী সতৰ্কতাত আছে । মন্ত্ৰালয়ে জনোৱা মতে যাত্ৰীসকলৰ সহায়, বিমান সংস্থাৰ সমন্বয় আৰু টাৰ্মিনেলৰ ভিৰ ব্যৱস্থাপনা আদি তীক্ষ্ণ নিৰীক্ষণ কৰা হৈছে ।
বিবৃতিত কোৱা হৈছে যে যাত্ৰী সহায় নিয়ন্ত্ৰণ কক্ষই (পিএচিআৰ) যাত্ৰীসকলৰ সমস্যাসমূহ নিৰীক্ষণ কৰি তৎকালীন সমাধানৰ ব্যৱস্থা কৰিছে । বিবৃতিত উল্লেখ কৰিছে, "২৮ ফেব্ৰুৱাৰীত এয়াৰসেৱাই ২১৬ টা অভিযোগ পাইছিল আৰু একে সময়তে ১০৫ টা অভিযোগৰ সমাধান কৰা হয় ।
Any Indian passengers in the Kingdom of Saudi Arabia facing travel disruptions due to airspace closures or flight cancellations, can contact the Embassy through our various 24*7 helpline numbers. Various Indian air carriers have assured that necessary measures are being…
— India in Saudi Arabia (@IndianEmbRiyadh) February 28, 2026
ইফালে ৰিয়াদত থকা ভাৰতৰ দূতাবাসে উল্লেখ কৰিছে যে যাত্ৰাত বাধাৰ বাবে ছৌদি আৰৱত আবদ্ধ হৈ থকা যিকোনো ভাৰতীয় যাত্ৰীয়ে বিভিন্ন হেল্পলাইন নম্বৰৰ জৰিয়তে দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰে ।
দূতাবাসে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাই জাৰি কৰা আপডেটসমূহ মানি চলিবলৈ আহ্বান জনাইছে । মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ পিছতে শনিবাৰে ডি জি চি এই বিমান সংস্থাসমূহক ইৰাণ, চৌদি আৰব, ইউ এ ইকে ধৰি ১১ খন দেশৰ আকাশমাৰ্গ ২ মাৰ্চলৈকে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে ।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশত একাধিক আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষা আৰু বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰিছে ।
In view of the evolving situation in the Middle East, I chaired a comprehensive review meeting with @MoCA_GoI officials, @DGCAIndia , @AAI_Official , airlines, and airport operators.
— Ram Mohan Naidu Kinjarapu (@RamMNK) February 28, 2026
Passenger and crew safety remains our highest priority.
Indian carriers have been advised to… pic.twitter.com/zjc9oZWB1J
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে যে য'তেই প্ৰয়োজন হয় বিশ্বব্যাপী সুৰক্ষা প্ৰট'কল আৰু প্ৰতিষ্ঠিত আকস্মিক পৰিকল্পনা পদ্ধতিৰ অনুসৰি কঠোৰভাৱে বিমান সেৱাৰ সময়মতে নতুন পথ বা পথ সলনি নিশ্চিত কৰক ।
ইয়াৰ উপৰিও সমগ্ৰ দেশৰ বিমানবন্দৰসমূহক সম্ভাৱ্য বিমানৰ যাত্ৰা পথ সলনি, নিৰ্ধাৰিত নোহোৱা অৱতৰণ আৰু যাত্ৰীসকলৰ সুবিধা প্ৰদানৰ প্ৰয়োজনীয়তাসমূহ পৰিচালনা কৰিবলৈ অপাৰেশ্যনেল এলাৰ্টত ৰখা হৈছে । প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ আৰু ব্যক্তিগত বিমানবন্দৰ পৰিচালকসকলক প্ৰয়োজন অনুসৰি গ্ৰাউণ্ড হেণ্ডলিং, পাৰ্কিং বে, যাত্ৰীৰ সুবিধা, ক্ৰু লজিষ্টিক আৰু সহায়ৰ বাবে বিমান সংস্থাসমূহৰ সৈতে বৰ্ধিত সমন্বয় বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে । বিমান সংস্থাসমূহেও বাতিল হোৱাৰ বিমানৰ টিকট পুনৰ নিৰ্ধাৰণ আৰু বাতিলৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰিছে ।

