চৰকাৰী বিদ্যালয়ত কিয় উৰুওৱা নহয় ৰাষ্ট্ৰীয় পতাকা, কিয় গোৱা নহয় জন-গণ-মন ? জবাব লাগে মানৱ অধিকাৰ আয়োগক
মুখ্য সচিবলৈ আয়োগে জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ জবাব বিচাৰিছে ৷

By ANI
Published : August 19, 2026 at 10:24 AM IST
|Updated : August 19, 2026 at 11:14 AM IST
নতুন দিল্লী: পাকিস্তান সীমান্তৰ সমীপৰ পঞ্জাৱৰ চৰকাৰী বিদ্যালয়সমূহত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা বা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কোনো এটা কামেই স্বাধীনতা দিৱসৰ দিনটোত কৰা নহয় ৷ এই বিষয়টোক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷
ইতিমধ্যে পঞ্জাৱ চৰকাৰৰ মুখ্য সচিবলৈ আয়োগে জাননী জাৰি কৰি ইয়াৰ তাৎক্ষণিক জবাব বিচাৰিছে ৷ এ এন আইৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য প্ৰিয়াংক কানুনগোৱে ৷

তেওঁ কয়-"পাকিস্তান সীমান্তৰ ওচৰৰ পঞ্জাৱৰ চৰকাৰী বিদ্যালয়সমূহত পতাকা উত্তোলন আৰু জাতীয় সংগীত গোৱাকে ধৰি স্বাধীনতা দিৱস উদযাপন কৰা নহয় । এই ঘটনাই গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ মনত নেতিবাচক প্ৰভাৱ পেলাইছে , ভাৰতৰ সংবিধান আৰু পতাকা সংহিতা অনুসৰি তেওঁলোকৰ অধিকাৰ উলংঘা কৰা হৈছে ।"
তেওঁ লগতে কয়, "পঞ্জাৱ ৰাজ্য চৰকাৰে এই অনুষ্ঠানসমূহ আয়োজন কৰাত ব্যৰ্থ হোৱাটো এক প্ৰকাৰৰ চৰকাৰী অৱহেলা, ই এক দেশদ্ৰোহিতা, শিশুৰ মাজত দেশপ্ৰেমৰ সৃষ্টি কৰিব পৰা নাই পঞ্জাৱ চৰকাৰে ।"
কানুনগোৱে আৰু কয় যে পঞ্জাৱ চৰকাৰৰ মুখ্য সচিবক এই বিষয়ে বিতং প্ৰতিবেদন বিচৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশেৰে ইতিমধ্যে জাননী জাৰি কৰা হৈছে । বিষয়টো কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয় আৰু গৃহ মন্ত্ৰণালয়কো অৱগত কৰা হৈছে আৰু তেওঁলোকৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনোৱা হৈছে ।
পঞ্জাৱ চৰকাৰক ১৫ আগষ্টত স্বাধীনতা দিৱস পালনৰ সন্দৰ্ভত ৰাজ্যভিত্তিক, জিলাভিত্তিক আৰু বিদ্যালয়ভিত্তিক সবিশেষ তথ্য প্ৰদান কৰিবলৈ কোৱা হৈছে, য’ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা চৰকাৰী বিদ্যালয়ৰ সংখ্যা, ৰাষ্ট্ৰীয় সংগীত গোৱা, উদযাপনত ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা আদি তথ্যও প্ৰদান কৰিবলৈ কোৱা হৈছে । স্বাধীনতা দিৱস পালন নকৰা বিদ্যালয়সমূহ চিনাক্ত কৰি ইয়াৰ কাৰণসমূহো বুজাবলৈ চৰকাৰক কোৱা হৈছে ।
চাৰি সপ্তাহৰ ভিতৰত পঞ্জাৱৰ মুখ্য সচিবক বিশদ Action Taken/Compliance Report দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ পৰাও আয়োগৰ বিচাৰপীঠে প্ৰাসংগিক তথ্য বিচাৰিছে আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ক অৱগত কৰিছে ।
লগতে পঢ়ক: পি চিদাম্বৰম 'দিমাগী নক্সাল' নহয়, বৰং এগৰাকী প্ৰকৃত নক্সাল : হিমন্ত বিশ্ব শৰ্মা

