ETV Bharat / bharat

অপাৰেশ্যন সেন্দূৰৰ পাঁচ মাহ পিছত ৰাফেল যুদ্ধবিমানত চফৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সেন্দূৰৰ সময়ত ৰাফেল জেট বিমান ব্যৱহাৰ কৰা হৈছিল ।

Prez Murmu Rafale Fighter Sortie
বুধবাৰে হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিত ৰাফেল যুদ্ধ বিমানেৰে উৰণৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (YT/President of India)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 1:58 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : বুধবাৰে হাৰিয়ানাৰ আম্বালা বায়ুসেনা ষ্টেচনত ৰাফেল যুঁজাৰু বিমানত চফৰ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ লগে লগে তেওঁ আই এ এফৰ অত্যাধুনিক যুঁজাৰু বিমানত উৰণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় ।

উল্লেখ্য যে ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰা ‘অপাৰেশ্যন সেন্দূৰ’ৰ সময়ত নিয়োজিত ৰাফেলক ৪.৫ প্ৰজন্মৰ যুঁজাৰু বিমান হিচাপে গণ্য কৰা হয় । লগতে ই অতুলনীয় অস্ত্ৰ ব্যৱস্থা আৰু বহু ভূমিকাৰ ক্ষমতাসম্পন্ন ছেন্সৰেৰে সজ্জিত । আম্বালাৰ পৰা লাভ কৰা ভিডিঅ'ত দেখা গৈছে যে ৰাষ্ট্ৰপতিয়ে উৰণৰ বাবে বিমানখনত উঠিছে ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনে মঙলবাৰে এক বিবৃতিত উল্লেখ কৰিছিল যে বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাফেলত উঠি আকাশত উঠিব । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ ৰাষ্ট্ৰপতিয়ে অন্তিমবাৰৰ বাবে তেজপুৰ বায়ুসেনা ঘাটিত যোৱা ৮ এপ্ৰিলত সুখয়-৩০ এম কে আই যুদ্ধ বিমানত উঠিছিল ।

ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আৰু প্ৰতিভা পাটিলে ক্ৰমে ২০০৬ চনৰ ৮ জুন আৰু ২০০৯ চনৰ ২৫ নৱেম্বৰত পুনেৰ সমীপৰ লোহেগাঁৱৰ বায়ুসেনা ঘাটিত সুখয়-৩০ এম কে আই যুদ্ধবিমানত যাত্ৰা কৰিছিল ।

উল্লেখ্য যে ১৮ অক্টোবৰত ৰাষ্ট্ৰপতিয়ে আম্বালা ভ্ৰমণ কৰাৰ কথা আছিল যদিও কোনো অজ্ঞাত কাৰণত তেওঁৰ ভ্ৰমণ পিছুৱাই দিবলগা হয় । আনহাতে, এই ভ্ৰমণৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাৰ অন্যতম পুৰণি ঘাটিত উপস্থিত হয়, য’ত ৰাফেল যুদ্ধবিমান স্কোৱাড্ৰন আছে ।

ফ্ৰান্সৰ এৰোস্পেচ মেজৰ ডাছল্ট এভিয়েশনে নিৰ্মাণ কৰা এই ৰাফেল যুদ্ধবিমানক ২০২০ চনৰ ছেপ্টেম্বৰ মাহত আম্বালাৰ বায়ুসেনা ঘাটিত ভাৰতীয় বায়ুসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয় । ২০২০ চনৰ ২৭ জুলাইত ফ্ৰান্সৰ পৰা অহা প্ৰথম পাঁচখন ৰাফেল বিমানক ১৭ স্কোৱাড্ৰন ‘গ'ল্ডেন এৰৌছ’ত অন্তৰ্ভুক্ত কৰা হয় ।

Prez Murmu Rafale Fighter Sortie
বুধবাৰে হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিত ৰাফেল যুদ্ধ বিমানেৰে উৰণৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (YT/President of India)

আনহাতে, পূৰ্বে ঘোষণা কৰাৰ দৰে ভাৰত অতি সোনকালেই 'অ'ৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰ' বা অ’ ই এম নোহোৱাকৈ ৪.৫ প্ৰজন্মৰ যুঁজাৰু বিমান উৎপাদন কৰা প্ৰথমখন দেশ হ’ব পাৰে । কিয়নো ফ্ৰান্সৰ ডাছ’ল্ট এভিয়েশ্যনে ভাৰতীয় নৌসেনা আৰু বায়ুসেনাৰ অৰ্ডাৰ অনুসৰি ভাৰতত ৰাফেল এছেম্বলী লাইন নিৰ্মাণৰ পৰিকল্পনা কৰিছে ।

ডাছল্টৰ ওচৰত বৰ্তমান প্ৰায় ২০০ খন ৰাফেলৰ অৰ্ডাৰ আছে । ইয়াৰ ভিতৰত ইউ এ ইৰ বাবে ৮০ খন, ইণ্ডোনেছিয়াৰ বাবে ৪২ খন, ক্ৰ’ৱেচিয়াৰ বাবে ১২ খন, ইজিপ্তৰ বাবে ৫৪ খন, গ্ৰীচৰ বাবে ২৪ খন, কাটাৰৰ বাবে ৩৬ খন আৰু ভাৰতীয় নৌসেনাৰ বাবে সম্ভাৱ্য ২৬ খন বিমানৰ বাবে বাকী থকা ডেলিভাৰীসমূহ অন্তৰ্ভুক্ত আছে ।

সূত্ৰৰ উদ্ধৃতি দি আই এ এন এছে প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ ক্ষমতা বছৰি ২৪ খন বিমানত সীমাবদ্ধ হৈ থকা ডাছ’ল্টে ভাৰতৰ যৌথ উদ্যোগ ডাছ’ল্ট ৰিলায়েন্স এৰ’স্পেচ লিমিটেডত (ডি আৰ এল) অতিৰিক্ত উৎপাদন লাইন স্থাপন কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে যুদ্ধ বিমানৰ ক্ষেত্ৰত ভাৰত এখন ডাঙৰ বজাৰ । ভাৰতীয় বায়ুসেনাই ১১৪ খন যুদ্ধবিমান ক্ৰয় কৰাৰ দিশত লক্ষ্য ৰাখিছে । ইয়াৰ বাবে আগন্তুক ছমাহত Request For Proposal এক হোৱাৰ সম্ভাৱনা আছে । বিশ্বৰ যিকোনো স্থানত যুঁজাৰু বিমানৰ বাবে এইটো হ’ব অন্যতম বৃহৎ অৰ্ডাৰ । আগন্তুক ছমাহৰ ভিতৰত ২৬ খন বিমানৰ বাবে ভাৰতীয় নৌসেনাৰ অৰ্ডাৰো চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ডেলিভাৰী ২০২৭ চনৰ পৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক :কৃত্ৰিম বৰষুণৰ দ্বিতীয়টো পৰীক্ষণ সফলতাৰে সমাপ্ত
লগতে পঢ়ক :অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ