ETV Bharat / bharat

গুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল; শীঘ্ৰে শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে

এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে গুৱাহাটী-কলকাতা পথক নিৰ্বাচন কৰা হৈছে ।

VANDE BHARAT SLEEPER TRAIN
গুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল (ANI)
author img

By ANI

Published : January 1, 2026 at 6:06 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী : বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে এক সুখবৰ । দেশৰ ৰে'ল মানচিত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপনৰ বাবে অগ্ৰসৰ হৈছে গুৱাহাটী । কিয়নো দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল গুৱাহাটী-কলকাতাৰ মাজত চলিবলৈ আগবাঢ়িছে ।

বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে । এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত । ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে এই ঘোষণা কৰে ।

VANDE BHARAT SLEEPER TRAIN
বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ যাত্ৰাপথ (Railway Ministry)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই প্ৰথমখন শ্লীপাৰ ৰে'লৰ যাতায়াতৰ শুভাৰম্ভ কৰিব বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ কয়, "দীৰ্ঘদিন ধৰি এক নতুন প্ৰজন্মৰ ৰে’লৰ দাবী আছিল । ভাৰতীয় ৰে’লৱেত বন্দে ভাৰতৰ চেয়াৰ কাৰে নতুন যুগ আৰম্ভ কৰিলে । মানুহে ইয়াক বহুত ভালপাবলৈ আৰম্ভ কৰিলে । বন্দে ভাৰত ৰে’ল চলোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দাবী লাভ কৰা হৈছে ।"

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বন্দে ভাৰত শ্লীপাৰ ৰে'লখন হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ যাত্ৰাৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে । এই ৰে'লে দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক দ্ৰুত, আৰামদায়ক আৰু আধুনিক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব । বন্দে ভাৰত শ্লীপাৰত উন্নত সুৰক্ষা বৈশিষ্ট্য, উন্নত ছাচপেনচন ব্যৱস্থা আৰু বিশ্বমানৰ শ্লীপাৰ দবাৰে সজ্জিত কৰা হৈছে, যাতে নিশাৰ যাত্ৰা অধিক সুবিধাজনক হয় ।"

VANDE BHARAT SLEEPER TRAIN
ৰে'লখনৰ এৰ'-ডায়নেমিক এক্সটেৰিয়ৰ লুক (Railway Ministry)

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ৰে'লখনত গুৱাহাটী-হাওৰা পথৰ ভাড়া প্ৰায় ২৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে । "সাধাৰণতে গুৱাহাটী-হাওৰা পথত বিমান ভাৰা ৬,০০০ৰ পৰা ৮,০০০ টকাৰ ভিতৰত হয় আৰু কেতিয়াবা ১০,০০০ টকা পৰ্যন্ত হয় । বন্দে ভাৰত শ্লীপাৰত গুৱাহাটীৰ পৰা হাওৰালৈ ৩এ চিৰ ভাৰা প্ৰায় ২,৩০০ টকা, যিটো সাধাৰণ যাত্ৰীৰ বাবে যথেষ্ট বহনযোগ্য ।

VANDE BHARAT SLEEPER TRAIN
উন্নত আসনৰ সৈতে এৰগ’নমিকভাৱে ডিজাইন কৰা বাৰ্থ (Railway Ministry)

ইফালে, ২এ চিৰ ভাৰা প্ৰায় ৩০০০ টকা হ'ব । ইয়াৰ উপৰি মধ্যবিত্ত শ্ৰেণীৰ কথা মনত ৰাখি, প্ৰথম এ চিৰ ভাৰা প্ৰায় ৩৬০০ টকা প্ৰস্তাৱ কৰা হৈছে ।" তেওঁ কয় ।

বৈষ্ণৱৰ মতে, চলিত বৰ্ষৰ শেষৰ ফালে প্ৰায় ১২ খন বন্দে ভাৰত শ্লীপাৰ ৰে’ল সাজু হ'ব আৰু ৰে’ল নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ পিছত অহা বছৰ তাৰ সম্প্ৰসাৰণ দ্ৰুতগতিত বৃদ্ধি কৰা হ’ব ।

VANDE BHARAT SLEEPER TRAIN
যাত্ৰীৰ আৰামৰ বাবে এৰগ’নমিক লেডাৰ (Railway Ministry)

ভাৰতীয় ৰে'লৱেয়ে ৰে'লৱে সুৰক্ষা আয়ুক্তৰ তত্ত্বাৱধানত থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা তীব্ৰবেগী বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ চূড়ান্ত পৰীক্ষামূলক কাম সফলতাৰে সমাপ্ত কৰিছে । কোটা-নাগদা অংশত এই পৰীক্ষা চলোৱা হৈছিল, য’ত ৰে’লখনে ঘণ্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ গতি লাভ কৰিছিল । ই উন্নত আৰু স্বাৱলম্বী ৰে’ল প্ৰযুক্তিৰ দিশত ভাৰতৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ।

VANDE BHARAT SLEEPER TRAIN
ৰে'লখনৰ ভিতৰৰ অংশ (Railway Ministry)

পৰীক্ষাৰ সময়ত যাত্ৰাৰ ভাৰসাম্য, দোলন, কম্পনৰ আচৰণ, ব্ৰেকিং কাৰ্যক্ষমতা, জৰুৰীকালীন ব্ৰেকিং ব্যৱস্থা, সুৰক্ষা ব্যৱস্থা আৰু অন্যান্য জটিল পৰিমাপসমূহৰ মূল্যায়নকে ধৰি বিস্তৃত কাৰিকৰী মূল্যায়ন কৰা হৈছিল । তীব্ৰ বেগত যাত্ৰা কৰাৰ সময়ত ৰে'লখনৰ প্ৰদৰ্শন সম্পূৰ্ণ সন্তোষজনক হিচাপে পৰিগণিত হৈছে আৰু চি আৰ এছে এই পৰীক্ষা সফল ঘোষণা কৰিছে ।

VANDE BHARAT SLEEPER TRAIN
বন্দে ভাৰত শ্লীপাৰ ৰে'লত আধুনিক শৌচাগাৰ (Railway Ministry)

ইয়াৰ পূৰ্বে অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত এই তীব্ৰবেগী পৰীক্ষাৰ ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত কোটা-নাগদা অংশত ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ সফল চি আৰ এছ পৰীক্ষাৰ ওপৰত আলোকপাত কৰা হয় । ভিডিঅ’টোত পানী-কাঁচৰ ভাৰসাম্য প্ৰদৰ্শনো দেখুওৱা হৈছিল, য’ত পানীৰে ভৰা গ্লাছবোৰ তীব্ৰ বেগতো ছিটিকি নোযোৱাকৈয়ে স্থিৰ হৈ থাকে, যিয়ে এই নতুন প্ৰজন্মৰ ৰে’লখনৰ উন্নত যাতায়াতৰ মান, উচ্চমানৰ ছাচপেনচন আৰু প্ৰযুক্তিগতভাৱে যে শক্তিশালী সেই দিশ উন্মোচিত কৰিছে ।

VANDE BHARAT SLEEPER TRAIN
যাত্ৰীৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন টক-বেক ব্যৱস্থা (Railway Ministry)

ট্ৰায়েলত ব্যৱহৃত ১৬ টা দবাযুক্ত বন্দে ভাৰত শ্লীপাৰ ৰে'লখন দীৰ্ঘ দূৰত্বৰ যাত্ৰীৰ যাত্ৰাৰ বাবে ডিজাইন কৰা হৈছে আৰু ইয়াত অত্যাধুনিক যাত্ৰীৰ সুবিধাসমূহো সজ্জিত কৰা হৈছে । ইয়াৰ ভিতৰত আৰামদায়ক শ্লীপাৰ বাৰ্থ, উন্নত ছাচপেনচন ব্যৱস্থা, স্বয়ংক্ৰিয় দুৱাৰ, আধুনিক শৌচাগাৰ, জুই ধৰা পেলোৱা আৰু সুৰক্ষা নিৰীক্ষণ ব্যৱস্থা, চিচিটিভি ভিত্তিক তত্ত্বাৱধান, ডিজিটেল যাত্ৰী তথ্য ব্যৱস্থা, শক্তি-দক্ষ প্ৰযুক্তি আদি অন্তৰ্ভুক্ত আছে ।

VANDE BHARAT SLEEPER TRAIN
যাত্ৰাৰ সময়ত যাত্ৰী তথ্য ব্যৱস্থা সহায়ক হ’ব (Railway Ministry)

এই বৈশিষ্ট্যসমূহৰ লক্ষ্য হৈছে যাত্ৰীসকলক এক নিৰাপদ, আৰামদায়ক আৰু বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা ।

বন্দে ভাৰত শ্লীপাৰ ৰে'লত প্ৰদান কৰা বিস্তৃত প্ৰযুক্তিগত উন্নতি আৰু সুৰক্ষা বৈশিষ্ট্যসমূহ হৈছে :

  • কৱচ (KAVACH) সংযোগ
  • দুৰ্ঘটনা প্ৰতিৰোধী আৰু জোকাৰণিমুক্ত অৰ্ধ-স্থায়ী কেপলাৰ আৰু এণ্টি ক্লাইম্বাৰ
  • প্ৰতিটো দবাৰ শেষত অগ্নিনিৰ্বাপক দুৱাৰ
  • উন্নত অগ্নি সুৰক্ষা বৈদ্যুতিক কেবিনেট আৰু লেভেটৰীত এৰ'ছল ভিত্তিক জুই ধৰা পেলোৱা আৰু প্ৰশমন ব্যৱস্থা
  • শক্তিৰ কাৰ্যক্ষমতাৰ বাবে পুনৰুৎদনশীল ব্ৰেকিং ব্যৱস্থা
  • থলুৱাভাৱে বিকশিত ইউ ভি-চি লেম্প ভিত্তিক বীজাণুনাশক ব্যৱস্থাৰে সুসজ্জিত বাতানুকূল ইউনিট
  • কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত স্বয়ংক্ৰিয় প্লাগ দুৱাৰ আৰু সম্পূৰ্ণৰূপে ছীল কৰা বহল গেংৱে
  • সকলো দবাতে চিচিটিভি কেমেৰা
  • জৰুৰীকালীন অৱস্থাত যাত্ৰী আৰু ৰে'ল পৰিচালক/লোকো পাইলটৰ মাজত যোগাযোগৰ বাবে জৰুৰীকালীন টক-বেক ইউনিট
  • দিব্যাংগ যাত্ৰীসকলৰ বাবে প্ৰতিটো মূৰত ড্ৰাইভিং দবাত এটা বিশেষ শৌচালয়
  • যাত্ৰীসকলৰ সুবিধা যেনে এয়াৰ কণ্ডিচনাৰ, চেলুন লাইটিং আদিৰ উন্নত অৱস্থা নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় দবা নিৰীক্ষণ ব্যৱস্থা
  • ওপৰৰ বাৰ্থত সহজে উঠিবলৈ এৰগ'নমিকভাৱে ডিজাইন কৰা জখলা

চি আৰ এছৰ তীব্ৰবেগী পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হোৱাটো হৈছে এক বৃহৎ কাৰিকৰী কৃতিত্বৰ চিন স্বৰূপ আৰু ই বন্দে ভাৰত শ্লীপাৰ সেৱা প্ৰৱৰ্তনৰ পথ প্ৰশস্ত কৰে । এই বিকাশে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অধীনত ভাৰতীয় ৰে’লৱেৰ উদ্ভাৱন, সুৰক্ষা আৰু থলুৱা ৰে’ল উৎপাদনৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰে ।

VANDE BHARAT SLEEPER TRAIN
যাত্ৰাৰ সময়ত যাত্ৰী তথ্য ব্যৱস্থা সহায়ক হ’ব (Railway Ministry)
লগতে পঢ়ক :নৱবৰ্ষৰ উপহাৰ ! প্ৰথমটো দিনতে এল পি জি চিলিণ্ডাৰত বৃদ্ধি পালে ১১১ টকাকৈ
লগতে পঢ়ক :ভাত-ভৰি নাথাকিলে কি হ'ল, অদম্য ইচ্ছাশক্তিৰে পায়েলে কৰিলে অসাধ্য সাধন