এছ পি কাৰ্যালয়ৰ অপেক্ষা কক্ষত পুথিভঁৰাল: এক ব্যতিক্ৰমী পদক্ষেপ
জনসেৱাৰ উপৰি আৰক্ষীয়ে তেওঁলোকৰ অভ্যৰ্থনা কক্ষক এক অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে । আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত সৃষ্টি কৰিছে প্ৰথমটো পুথিভঁৰাল ।

Published : December 1, 2025 at 1:43 PM IST
বেৰহামপুৰ (ওড়িশা) : চাৰ্লছ ডব্লিউ এলিয়টে সঠিকভাৱেই কৈছিল, "বন্ধুৰ ভিতৰত আটাইতকৈ নিস্তব্ধ আৰু স্থিৰ হৈছে গ্ৰন্থ; পৰামৰ্শদাতাৰ ভিতৰত আটাইতকৈ সুলভ আৰু জ্ঞানী আৰু শিক্ষকৰ ভিতৰত আটাইতকৈ ধৈৰ্যশীল ।" এটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে এই কথাটোকে গুৰুত্বসহকাৰে লৈ অপেক্ষা কক্ষক (ৱেইটিং লাউঞ্জ) অধ্যয়ন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে ।
নিতৌ বৃহৎসংখ্যক লোকে গৈ ভিৰ কৰা অতি ব্যস্ততম কাৰ্যালয়টোত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ সময়ত তেওঁলোকে অধ্যয়নৰ বাবে নিজৰ পাল পৰালৈকে ৰৈ থাকে । এই ব্যতিক্ৰমী পদক্ষেপ লৈছে ওড়িশাৰ বেৰহামপুৰ এছ পি কাৰ্যালয়ে ।
ওড়িশাত এনেধৰণৰ প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰা 'ৱেইটিং লাউঞ্জ লাইব্ৰেৰী'ত প্ৰায় ২০-২৫ খন কিতাপ আছে । কাৰ্যালয়টোলৈ বিভিন্ন কামত অহা দৰ্শনাৰ্থীসকলে তেওঁলোকৰ কামৰ বাবে অপেক্ষা কৰিবলগীয়া সময়খিনিত এই গ্ৰন্থবোৰত চকু ফুৰাব পাৰে ।
ৰিচিপচন এলেকাত দেৱালৰ ৰেকত সজাই থোৱা গ্ৰন্থৰ সংকলনত মহান ব্যক্তিৰ আত্মজীৱনী আৰু ভাৰতৰ প্ৰেৰণাদায়ক সমাজকৰ্মীসকলৰ কাহিনীৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান, বন্যপ্ৰাণী আৰু সাধাৰণ জ্ঞানৰ গ্ৰন্থলৈকে আছে । এটা বিশেষ শাখাত হনুমান চলিছা, ৰামায়ণ, মহাভাৰত, চাৰিবেদকে ধৰি আধ্যাত্মিক গ্ৰন্থসমূহো সন্নিৱিষ্ট কৰা হৈছে ।
কিন্তু সাধাৰণ ৰাজহুৱা বা প্ৰতিষ্ঠানিক পুথিভঁৰালৰ পৰা এইটো একেবাৰে পৃথক । কিয়নো ইয়াত কিতাপেৰে ভৰি থকা কোনো এটা সম্পূৰ্ণ ক্ষেত্ৰ নাই বা গ্ৰন্থ অধ্যয়নৰ বাবে কোনো নিৰ্দিষ্ট ক্ষেত্ৰ নাই বা আনকি কাৰোবাৰ নামত পঞ্জীয়ন কৰি এই গ্ৰন্থ ঘৰলৈ নিয়াৰ অধিকাৰো নাই । ই কেৱল চৰকাৰী কাৰ্যালয় এটাৰ এক নিস্তব্ধ ঠাই, সেয়া হৈছে বেৰহামপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ৰিচিপচন কক্ষ । ইয়াত মোবাইল ফোন স্ক্ৰ’ল কৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে মানুহে নিজৰ পছন্দৰ কিবা এটা পঢ়িব পাৰে ।
শেহতীয়াকৈ মুকলি কৰা এই পুথিভঁৰালটো হৈছে ওড়িশাৰ যিকোনো আৰক্ষী মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰা এনেধৰণৰ প্ৰথম পদক্ষেপ । লগতে ই দ্ৰুতগতিত এনে এক স্থানলৈ পৰিৱৰ্তন ঘটিছে হৈছে, য’ত দৰ্শনাৰ্থী, চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত কৰ্মচাৰী আৰু আৰক্ষী কৰ্মীয়ে হাতত গ্ৰন্থ লৈ অপেক্ষা কৰি থাকে ।
এই সন্দৰ্ভত বেৰহামপুৰৰ আৰক্ষী অধীক্ষক সৰাৱনা বিবেক এমে কয় যে এই ধাৰণাটো বেৰহামপুৰৰ উৎকল মুক্ত পুথিভঁৰালৰ সৈতে হোৱা আলোচনাৰ পৰাই গ্ৰহণ কৰা হৈছে । তেওঁ কয়, "বিভিন্ন প্ৰয়োজনত মোক লগ কৰিবলৈ বহু লোক আহে । আমি অনুভৱ কৰিছিলোঁ যে তেওঁলোকৰ অপেক্ষাৰ সময় অধিক অৰ্থপূৰ্ণ হ’ব পাৰে, যদিহে আমি তেওঁলোকক ভাল গ্ৰন্থ অধ্যয়নৰ সুবিধা প্ৰদান কৰোঁ ।"
উল্লেখ্য যে বেৰহামপুৰ আৰক্ষী আৰু উৎকল মুক্ত পুথিভঁৰালে যৌথভাৱে এই পদক্ষেপ ৰূপায়ণ কৰে । তেওঁ লগতে কয়, "আচলতে এইটো ধাৰণা তেওঁলোকৰ আছিল আৰু মই ইয়াক আগবঢ়াই লৈ গৈছিলোঁ । উৰিয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ গ্ৰন্থকে ইয়াত অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ কোৱা হৈছে ।"
আনহাতে, উৎকল ৰাজহুৱা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক বিশ্বজিৎ মিশ্ৰই এই ধাৰণা কেনেদৰে তেওঁৰ মনলৈ আহিছিল সেই কথা স্মৰণ কৰে । “এবাৰ মই এছ পি অফিচলৈ এখন বৈঠকলৈ আহিছিলোঁ । তাত মই লক্ষ্য কৰিছিলোঁ যে মানুহবোৰ তাত ৰৈ আছে । কোনোৱে হয়তো নিজৰ ফোনটো চাই আছে, কোনোৱে উচ্চস্বৰে কথা পাতিছে বা আন কোনোৱে ইফালে সিফালে চাই এনেয়ে ঘূৰি ফুৰি আছে । মই ভাবিলোঁ তেওঁলোকৰ সময়খিনি কিয় মূল্যৱান আৰু উৎপাদনশীল নহয় ? গতিকে মই আমাৰ পুথিভঁৰালৰ পৰা কিতাপ আনি ইয়াত ৰখাৰ প্ৰস্তাৱ দিলোঁ ।”
আৰক্ষী অধীক্ষকগৰাকীয়ে এই প্ৰস্তাৱত মান্তি হৈ কিতাপবোৰ ৰখাৰ বাবে ৰেকৰ ব্যৱস্থা কৰে । ইয়াত থকা গ্ৰন্থৰ সংকলনবোৰ প্ৰতি ১০-১৫ দিনৰ মূৰে মূৰে সলনি হৈ থাকে, যাতে মানুহে বিভিন্ন ধাৰাৰ গ্ৰন্থ অধ্যয়নৰ সুবিধা পায় ।
মিশ্ৰই লগতে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যালয়ৰ ৰিচিপচন কক্ষত অধ্যয়ন কক্ষ আৰম্ভ কৰা হৈছে । আনবোৰেও নিজৰ জিলাখনৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়ত এনে আৰ্হি অনুসৰণ কৰিব লাগে ।
আনহাতে, এছ পি কাৰ্যালয়ৰ এই পদক্ষেপক চহৰখনৰ ৰাইজে শলাগ লৈছে । শিক্ষাবিদ ড° মিহিৰ ত্ৰিপাঠীয়ে কয়, "মোৰ কোনো ধাৰণা নাছিল যে এছ পি কাৰ্যালয়ত এই সুবিধা আছে । যেতিয়া মই এখন নিমন্ত্ৰণী পত্ৰ জমা দিবলৈ আহিছিলোঁ, তেতিয়া মই আচৰিত হওঁ যেতিয়া কৰ্মচাৰীসকলে মোক অপেক্ষা এলেকাত থকা গ্ৰন্থবোৰবোৰ চাবলৈ কয় । ই ইমানেই এক সতেজ পৰিৱৰ্তন আছিল যে এছ পিক লগ কৰিবলৈ অপেক্ষা কৰি থাকা সময়খিনিত মই বিৰক্ত অনুভৱ কৰা নাছিলোঁ ।" তেওঁ লগতে সমগ্ৰ ৰাজ্যৰ অন্যান্য প্ৰধান প্ৰশাসনিক কাৰ্যালয়তো এনে পুথিভঁৰাল স্থাপন কৰিব লাগে বুলি কয় ।
এক কথাত ক'বলৈ গ'লে এছ পি কাৰ্যালয়ৰ 'ৱেইটিং লাউঞ্জ লাইব্ৰেৰী' কেৱল 'বুক শ্বেল্ফ' নহয়, ই ৰাজহুৱা স্থানসমূহ কেনেকৈ ব্যৱহাৰ কৰি মানুহক নিমগ্ন কৰাৰ লগতে জ্ঞান লাভৰ সুবিধা দিব পাৰি তাৰ এক অনন্য উদাহৰণ ।

