ETV Bharat / bharat

বাৰাণসী বিমানবন্দৰত গুলীয়াগুলী, দুজন কৰ্মচাৰী আহত

অনুজ্ঞাপত্ৰ থকা এটা পিষ্টলৰ পৰা অকস্মাতে ওলোৱা গুলীয়ে বিমানবন্দৰটোৰ দুজনকৈ কৰ্মচাৰীক আহত কৰে ৷ ঘটনাস্থলীত শীৰ্ষ আৰক্ষীৰ দল উপস্থিত ৷

VARANASI AIRPORT FIRING
বাৰাণসী বিমানবন্দৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 2:00 PM IST

2 Min Read
Choose ETV Bharat

বাৰাণসী(উত্তৰ প্ৰদেশ): উত্তৰ প্ৰদেশৰ অন্যতম ব্যস্ত চহৰ বাৰাণসী ৷ এই চহৰস্থিত বাৰাণসী বিমানবন্দৰত দেওবাৰে পুৱা এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত দুগৰাকীকৈ ব্যক্তি আহত হয় ৷

দেওবাৰে পুৱা বাবাটপুৰস্থিত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আকস্মিকভাৱে গুলীচালনাৰ এই ঘটনা সংঘটিত হয় । এই ঘটনাত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ এগৰাকী মহিলা কৰ্মীৰ লগতে আন এজন ব্যক্তি আহত হয় ৷ সম্প্ৰতি দুয়োকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আনহাতে, এই ঘটনাৰ অভিযুক্ত সম্প্ৰতি নিৰাপত্তাৰক্ষীৰ জিম্মাত । গুলীচালনাৰ ফলত ভালেখিনি সময় বিমানবন্দৰটোত আতংকৰ সৃষ্টি হৈছিল ।

গোমতী জ’নৰ উপ-আৰক্ষী আয়ুক্ত নীতু কাদিয়ানে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ আইএক্স ১৮১০ নং বিমানখনেৰে মুম্বাইলৈ যাত্ৰা কৰিবলৈ আজমগড় জিলাৰ বাসিন্দা কমলেশ ৰায় নামৰ লোকজনে দেওবাৰে পুৱা সপত্নীক বিমানবন্দৰটোত উপস্থিত হৈছিল ৷

যাত্ৰীজনে অনুজ্ঞাপত্ৰ থকা নিজৰ পিষ্টলটোও লগতে লৈ আহে । বিমানবন্দৰটোত সুৰক্ষাজনিত কাৰণত পিষ্টলটো তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হয় যদিও অকস্মাতে পিষ্টলটোৰ পৰা গুলী নিৰ্গত হয় ৷ এই গুলীয়ে কৰ্তব্যৰত এগৰাকী মহিলা সুৰক্ষা কৰ্মীৰ ভৰি আৰু ওচৰতে থিয় হৈ থকা আন এজন ব্যক্তিক আঘাত কৰে । যাৰ ফলত দুয়োগৰাকীয়ে আঘাত পায় ৷ তাৰ পাছতে দুয়োগৰাকী আঘাতপ্ৰাপ্তক স্থানীয় লক্ষ্মী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ৷ গোমতী জ’নৰ উপ-আয়ুক্ত আৰু সহকাৰী আৰক্ষী আয়ুক্ত পিন্দ্ৰকে ধৰি অন্যান্য আৰক্ষীৰ জোৱানসকলো বিমানবন্দৰটোত উপস্থিত হয় । বিমানবন্দৰটো পৰিদৰ্শন কৰাৰ পাছত আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে ৷ বিষয়টোত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

স্থানীয় ফুলপুৰ আৰক্ষীৰ মতে, এই কাণ্ড আকস্মিকভাৱে সংঘটিত হৈছিল আৰু সম্প্ৰতি বিষয়টোৰ তদন্ত অব্যাহত আছে । ইফালে বাৰাণসী বিমানবন্দৰৰ সঞ্চালক পুনিত গুপ্তাই এই সন্দৰ্ভত সবিশেষ তথ্য শীঘ্ৰে প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মাইলেজ সালসলনিৰ বাবে কেৱল ই-২০য়েই দায়ী নহয়, ড্ৰাইভিং, মেইণ্টেনেন্স আদিও হ'ব পাৰে কাৰক