ETV Bharat / bharat

পুৱতি নিশা কটকৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ১০

ওড়িশাৰ কটকত ভয়ংকৰ অগ্নিকাণ্ড ৷ ভয়ংকৰ অগ্নিকাণ্ড বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু ৷

A terrible fire incident in Cuttack, Odisha
ওড়িশাৰ এছ চি বি চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 7:44 AM IST

|

Updated : March 16, 2026 at 8:40 AM IST

3 Min Read
Choose ETV Bharat

কটক (ওড়িশা) : ওড়িশাৰ কটকত ভয়ংকৰ অগ্নিকাণ্ড ৷ কটকৰ এছ চি বি মেডিকেল কলেজত সংঘটিত অগ্নিকাণ্ডত বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ জৰুৰীকালীন সেৱাৰ আই চি ইউ কক্ষত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ যাৰ ফলত ১০ জন লোকে মৃত্য়ু হোৱা বুলি শেহতীয়া তথ্য়ত প্ৰকাশ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা ২ বাজি ৩০ মিনিটত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটো ৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ প্ৰথম মহলাত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে চিকিৎসালখনত থকা ৰোগী আৰু ৰোগীৰ আত্মীয় ৷ ইফালে তাৎক্ষণিকভাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, অগ্নিকাণ্ডৰ সময়ত অতি সংকটজনক অৱস্থাত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ আই চি ইউত ১০ জনক ভৰ্তি কৰা আছিল ৷ বৰ্তমান আইটাইকেইজন ৰোগীকে সুৰক্ষিতভাবে উদ্ধাৰ কৰি অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মুকেশ মহলিঙৰ ​​সৈতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে পুৱাতে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত গঠনৰ নিৰ্দেশ দি মুখ্যমন্ত্ৰী মাঝিয়ে X ত কয়, "অনাকাংক্ষিত ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ এই ঘটনাত চিকিৎসালয়খনৰ ১১ জনকৈ কৰ্মচাৰী আহত হৈছে ৷ ঘটনাত নিহত পৰিয়াললৈ ২৫ লাখকৈ এককালীন সাহায প্ৰদান কৰা হ'ব ৷ অগ্নিনিৰ্বাপক বাহিনীৰ ডিজিৰ নেতৃত্বত এটা দলে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিব আৰু এই তথ্যৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷" ইফালে শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে ৷

ইতিমধ্যে ঘটনাত নিহত লোকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে ৷ নিহতসকলৰ ভিতৰত আছে ৰমেশ চন্দ্ৰ পাৰিদা, দাসুৰ মুণ্ডা, এম ডি নয়ুম, গৌৰাং চন্দ্ৰ বাৰিক, এছ কে আব্দুল ছাটাৰ, মধুসূধন দালাই, কুৰশান চন্দ্ৰ বিশৱাল, ৰবিন্দা দাস, ছেৰু পাৰিদা আৰু মেনকা ৰাউট ৷ মুখ্যমন্ত্ৰী মাঝিয়ে Xত উল্লেখ কৰা অনুসৰি, চিকিৎসালয়খনৰ আই চি ইউত ২৩ গৰাকী ৰোগীক ভৰ্তি কৰা আছিল ৷ তাৰে অগ্নিদ্বগ্ধ হৈ ৭জন ৰোগীৰ মৃত্যু হৈছে ৷

ওড়িশাৰ ঘটনাক লৈ শোকপ্ৰকাশ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ৷ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই ৰাষ্ট্ৰপতি মূৰ্মুৱে Xত কয়," ওড়িশাৰ কটকত হোৱা ঘটনা অতি দুখজনক ৷ নিহত পৰিয়াললৈ সমবেদনা জনাইছো ৷ আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰে কামনা কৰিছো ৷"

লগতে পঢ়ক: যুদ্ধজৰ্জৰ ইৰাণৰ পৰা নতুন দিল্লীত উপস্থিত ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথমটো গোট
Last Updated : March 16, 2026 at 8:40 AM IST