ETV Bharat / bharat

মধ্যপ্ৰদেশৰ জিলা চিকিৎসালয়ৰ NICU ত জুই: গুৰুতৰভাৱে আহত তিনিটি নৱজাতক

মধ্যপ্ৰদেশৰ জিলা চিকিৎসালয়ৰ শিশু ৱাৰ্ডৰ ৱাৰ্মাৰ মেচিনত অগ্নিকাণ্ড সংঘটিত হয় ৷ ফলত তিনিটিকৈ নৱজাতক আহত হয় ৷ আটাইকে উন্নত চিকিৎসাৰ বাবে জবলপুৰলৈ প্ৰেৰণ কৰা হৈছে ।

Fire breaks out in a warmer machine at Chhindwara Hospital in Madhya Pradesh
প্ৰতিনিধিত্বমূলক ফটো (File Photo)
author img

By ETV Bharat Assamese Team

Published : August 22, 2026 at 8:53 AM IST

|

Updated : August 22, 2026 at 9:09 AM IST

2 Min Read
Choose ETV Bharat

ছিন্দৱাৰা(মধ্যপ্ৰদেশ) : মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলা চিকিৎসালয়ত অঘটন ৷ শুকুৰবাৰৰ মাজনিশা প্ৰায় 2 বজাত নৱজাতকক ৰখা NICU-ৰ এটা ৱাৰ্মাৰ মেচিনত অগ্নিকাণ্ড সংঘটিত হয় । ফলত ৱাৰ্মাৰ মেচিনৰ ভিতৰত থকা তিনিটা নৱজাত শিশুৰ দেহত দুই লাগে ৷

এই ঘটনাৰ পাছতে চিকিৎসালয়খনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ এই ঘটনাৰ পাছতে দুজন চিকিৎসকৰ তত্বাৱধানত জুয়ে পোৰা আটাইকেইটি শিশুকে অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জবলপুৰলৈ প্ৰেৰণ কৰা হয় ।

জিলা চিকিৎসালয়খনৰ চিভিল চাৰ্জন কাঞ্চন ডুবেই কয়, "নৱজাতক জন্মৰ পাছত সিঁহতৰ শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ এই মেচিনত ৰখা হয় ৷ কিন্তু ৰাতি হঠাতে ৱাৰ্মাৰৰ হিটিং ইউনিটত জুই লাগে ৷ ৱাৰ্মাৰত থকা তিনিটা নৱজাতক গুৰুতৰভাৱে জ্বলি যায় ।"

চিভিল চাৰ্জনৰ মতে, "তিনিওটি শিশুকে উন্নত চিকিৎসাৰ বাবে হাস্পতালখনৰ পৰা ৰেফাৰ কৰা হৈছে । তিনিওটি শিশুৰ ভিতৰত এটি শিশুৰ অৱস্থা অতি সংকটজনক ৷ সম্ভৱতঃ শিশুটিক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব । এই দুৰ্ঘটনাৰ পাছত চিকিৎসালয় পৰিচালনা সমিতিয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।" কোনো কাৰিকৰী বিজুতি বা শ্ব'ৰ্ট চাৰ্কিটৰ ফলতে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে ৷

Fire breaks out in a warmer machine at Chhindwara Hospital in Madhya Pradesh
মধ্যপ্ৰদেশৰ জিলা চিকিৎসালয়ৰ NICU-ত জুই (ETV Bharat)

ভূপালৰ দীপশিখা চিকিৎসালয়ত অগ্নিকাণ্ড

ভূপালৰ দীপশিখা চিকিৎসালয়তো শুকুৰবাৰ নিশা আন এক অগ্নিকাণ্ড সংঘটিত হয় । হঠাতে ভূপালৰ বিদ্যানগৰৰ দীপশিখা চিকিৎসালয়ৰ পৰা জুইৰ শিখা আৰু ধোঁৱা ওলোৱা দেখি ৰোগী, আত্মীয়, চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত এক আতংকৰ সৃষ্টি কৰিছিল ।

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে বাঘসেৱানীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীৰ দল আৰু কৰ্মচাৰীয়ে লগে লগে চিকিৎসালয়ৰ ভিতৰৰ পৰা ৰোগীক উলিয়াই আনে ৷ জানিব পৰা মতে, এই ঘটনাৰ ফলত কোনো লোক আহত বা নিহত হোৱা নাই ।

লগতে পঢ়ক : এইবাৰ মীনাক্ষী মন্দিৰৰ ৬০ কোটি টকীয়া ভূমি কেলেংকাৰী : গ্ৰেপ্তাৰ প্ৰাক্তন উপ-পঞ্জীয়ক
Last Updated : August 22, 2026 at 9:09 AM IST