ETV Bharat / bharat

চাৰি মহলীয়া অট্টালিকাত অগ্নিকাণ্ড, নিহত চাৰিজন, আহত এজন

দিল্লীৰ টিগড়ী এক্সটেনচনৰ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে চাৰিজনে, আহত এজন ।

Four people died and one person was injured in a fire that broke out in a four storey building in tigri extension
দিল্লীৰ টিগড়ী এক্সটেনচনৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 10:20 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ টিগড়ী এক্সটেনচন এলেকাত শনিবাৰে সন্ধিয়াৰভাগত এটা চাৰি মহলীয়া অট্টালিকাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত চাৰিজন লোকে কৰুণভাৱে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে এজন লোক গুৰুতৰভাৱে আহত হয় । আহত ব্যক্তিজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ।

ইতিমধ্যে আৰক্ষীয়ে চাৰিওটা মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে । আনহাতে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ ৫ খন বাহন:

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, সন্ধিয়া প্ৰায় ৭ বজাত অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰিছিল । ঘটনাস্থলীত পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে । ভিতৰত আবদ্ধ হৈ থকাসকলক উলিয়াই চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চাৰিজন লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰে, আনহাতে এজন বৰ্তমানো চিকিৎসাধীন হৈ আছে । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হয় ।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অট্টালিকাটোৰ তলৰ মহলাত জোতাৰ দোকান আছিল আৰু তাত ৰাসায়নিক কামো কৰা হৈছিল । ইয়াৰ বাবেই হঠাতে জুই দ্ৰুতগতিত বিয়পি পৰে আৰু কম সময়ৰ ভিতৰতে চাৰি মহলীয়া অট্টালিকাটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে বুলি সন্দেহ কৰা হৈছে ।

স্থানীয় লোকে জনোৱা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । অট্টালিকাৰ পৰা ডাঠ ধোঁৱা ওলাইছিল আৰু ভিতৰত থকা লোকসকলে সহায় বিচাৰি চিঞৰা শুনিবলৈ পোৱা গৈছিল । ঘটনাস্থলীত উপস্থিত থকা লোকসকলেও অগ্নিনিৰ্বাপক বাহিনীক সহযোগ কৰি আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা চলায় । বৰ্তমানলৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ স্পষ্ট হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ তদন্ত আৰু ফৰেনছিক পৰীক্ষাৰ পিছতহে কাৰণ নিশ্চিত হ’ব ।

অগ্নিকাণ্ডৰ প্ৰত্যক্ষদৰ্শী শচীন আৰু তেওঁৰ সংগীসকলে কয় যে জুই দ্ৰুতগতিত বিয়পি পৰিছিল । তেওঁলোকে পানী ঢালি নুমুৱাবলৈ চেষ্টা কৰিছিল । অগ্নিকাণ্ডত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে যদিও চাৰিজন লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক: মটৰ চাইকেলত উঠি দম্পতীৰ ভাৰত ভ্ৰমণ

দিল্লী বিস্ফোৰণ গোচৰ : চাৰি অভিযুক্তৰ 'নিয়া'ৰ জিম্মাৰ ম্য়াদ আৰু ৭ দিনলৈ বৃদ্ধি