ETV Bharat / bharat

নালছাৰ আইন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ওচৰত ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষৰ ক্ষমা প্ৰাৰ্থনা

শেহতীয়া পৰিঘটনাই আইনৰ শিক্ষাৰ্থীক উদ্বিগ্ন কৰিছে । যাৰ বাবে অৱশেষত ক্ষমা বিচাৰিলে ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই ।

BCI chairperson Manan Kumar Mishra
ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 3:44 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : নালছাৰ আইন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ জাৰি কৰা বিতৰ্কিত নিৰ্দেশক কেন্দ্ৰ কৰি অৱশেষত ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই ক্ষমা বিচাৰিছে । স্বাধীনতা দিৱসৰ দিনা জাৰি কৰা এক বিবৃতিৰ জৰিয়তে মিশ্ৰই শিক্ষাৰ্থীসকলৰ ওচৰত ক্ষমা বিচাৰে । শেহতীয়া পৰিস্থিতিত আইনৰ শিক্ষাৰ্থীৰ মাজত উদ্বেগ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁৰ কোনো কথা বা মন্তব্যই শিক্ষাৰ্থীৰ অনুভূতিত যদি আঘাত কৰিছে তেন্তে তাৰ বাবে দুঃখিত বুলি কয় ।

বিবৃতিটোত কোৱা হৈছে, "বৰ্তমানৰ বিতৰ্কৰ সৈতে জড়িত কোনো কথা, মোৰ কোনো কথা বা পত্ৰই যদি আমাৰ আইনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনুভূতিত আঘাত কৰিছে, তেন্তে মই গভীৰভাৱে অনুশোচনা কৰিছো আৰু ক্ষমা বিচাৰিছোঁ ।"

নালছাৰ আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি প্ৰতিষ্ঠানটোৰ একাংশ শিক্ষাৰ্থীয়ে উপাচাৰ্য, পঞ্জীয়ক আৰু অধ্যাপকসকললৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ হৈছিল ।

তাৰ পিছত ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰই ৰাজ্যিক বাৰ কাউন্সিলসমূহলৈ এক নিৰ্দেশ জাৰি কৰি বৰ্তমান নালছাৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীক অধিবক্তা হিচাপে নামভৰ্তি নকৰিবলৈ কৈছিল । লগতে সমাৱৰ্তন অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ অংশগ্ৰহণৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত অভিযোগ পৰীক্ষা কৰি দোষীক চিনাক্ত কৰাৰ বাবেও প্ৰতিবেদন বিচৰা হৈছিল ।

অৱশ্যে সেই নিৰ্দেশৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন মহলৰ সমালোচনাৰ অন্তত ভাৰতীয় বাৰ কাউন্সিলে সিদ্ধান্ত সলনি কৰে । পৰৱৰ্তী নিৰ্দেশত বাৰ কাউন্সিলে কয় যে অধিকাংশ শিক্ষাৰ্থী নিৰ্দোষী আৰু দুই এজনৰ কথিত আচৰণৰ বাবে সমগ্ৰ শিক্ষাৰ্থী সমাজক শাস্তি দিয়া উচিত নহয় ।

ইফালে যোৱা শুকুৰবাৰে এই বিষয়টোক লৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শিক্ষাৰ্থী আৰু তেওঁৰ মাজৰ বিষয়ত আনৰ হস্তক্ষেপৰ অধিকাৰ নাই বুলিও মুখ্য ন্যায়াধীশে উল্লেখ কৰে ।

নালছাৰ ছাত্ৰ বাৰ কাউন্সিলেও মিশ্ৰক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনায় । বেংগালুৰুৰ এন এল এছ আই ইউৰ স্নাতক শিক্ষাৰ্থী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও একেধৰণে এক যৌথ বিবৃতি প্ৰকাশ কৰি তেওঁলোকৰ সমাৱৰ্তনত বিচিআইৰ অধ্যক্ষ আৰু মুখ্য ন্যায়াধীশৰ উপস্থিতিৰ বিৰোধিতা কৰে ।

এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে স্বাধীনতা দিৱসৰ দিনটোত ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষই ক্ষমা বিচাৰি এক বিবৃতি প্ৰকাশ কৰে । য'ত তেওঁ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল দেশৰ অন্যতম সচেতন আৰু বিবেচনাশীল যুৱ নাগৰিক বুলি অভিহিত কৰি কয়, "আজি তাত অধ্যয়ন কৰা যুৱক-যুৱতীসকল কাইলৈ ​​অধিবক্তা, জ্যেষ্ঠ অধিবক্তা, শিক্ষক, পণ্ডিত আৰু ন্যায়াধীশ হ'ব । ইয়াৰে কিছুমানে হয়তো এদিন আইনী আৰু ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ পদবী দখল কৰিব ।"

শান্তিপূৰ্ণ প্ৰতিবাদ আৰু মতভেদ সাংবিধানিক গণতন্ত্ৰৰ অংশ বুলিও তেওঁ কয় । কিন্তু পৰৱৰ্তী সময়ত নতুন তথ্য বা স্পষ্টীকৰণৰ পোহৰলৈ আহিলে শিক্ষাৰ্থীসকলক বিষয়টো নিৰপেক্ষভাৱে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ।

মিশ্ৰই লগতে কয় যে সমাৱৰ্তন এক বিশেষ অনুষ্ঠান আৰু তাত উপস্থিত থকা বা নথকাৰ সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰ নিজৰ । তেওঁ কয়, "কোনো শিক্ষাৰ্থীক উপস্থিত থকা বা নথকাক লৈ বাধ্য কৰিব নালাগে । মোৰ একমাত্ৰ আবেদন হ'ল যে সিদ্ধান্তটো স্বতন্ত্ৰভাৱে লোৱা উচিত । নিজৰ বিচাৰ অনুসৰি বিবেচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা উচিত ।" তেওঁ আহ্বান জনাই যাতে বিষয়টোৱে বাহ্যিক প্ৰভাৱৰ ফলত ৰাজনৈতিক বা অত্যধিক ৰহণ সানিব নোৱাৰে ।

বিবৃতিটোত কোৱা হৈছে, "আমাৰ আইন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট পৰিপক্ক আৰু বিচক্ষণ যিয়ে তথ্য আৰু স্পষ্টীকৰণ বিবেচনা কৰি স্বতন্ত্ৰ সিদ্ধান্ত ল'ব পাৰে ।" শেষত তেওঁ এই বিতৰ্কৰ সমাধান ন্যায়সংগত, সংলাপ আৰু আলোচনাৰ মাজেৰে কৰাৰ পোষকতা কৰে ।

লগতে পঢ়ক : নালছাৰৰ স্নাতকক নামভৰ্তি নকৰিবলৈ দিয়া বিচিআইৰ নিৰ্দেশক গৰিহণা প্ৰাক্তন ছাত্ৰৰ

এয়া ছাত্ৰ আৰু মোৰ মাজৰ বিষয়, হস্তক্ষেপ কৰিব বিচৰা কোন তেওঁলোক ? নালছাৰ বিবাদত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত