তোমাৰ ল'ৰাটো দেখাত তোমাৰ দৰে নহয় ! ঠাট্টা-মস্কৰাৰ চৰম পৰিণতি
পুত্ৰক কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ নি পিতৃয়ে কৰিলে হত্যা ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Published : April 15, 2026 at 8:50 PM IST
বিজয়পুৰা(কৰ্ণাটক): প্ৰতিৱেশীৰ ঠাট্টা, মস্কৰা পৰিণত হ’ল হত্যাকাণ্ডলৈ ৷ মানুহে কিমান তললৈ নামিলে এনেদৰে আন এজন লোকক হত্যাকাৰীত পৰিণত কৰিব পাৰে, সেয়া ভাবিলে আপোনাৰো দুচকু কপালত উঠিব ৷
এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বিজয়াপুৰা জিলাৰ নগাথানা গাঁৱত ৷ প্ৰতিৱেশীৰ ঠাট্টা-মস্কৰা সহিব নোৱাৰি কৃষ্ণা নদীত পেলাই নিজ সন্তানক হত্যা কৰে পিতৃয়ে ৷ প্ৰতিৱেশীসকলে প্ৰায়ে লোকজনক ‘তোমাৰ ল'ৰাটো দেখাত তোমাৰ দৰে নহয়’ জাতীয় কথাৰে ব্যতিব্যস্ত কৰি তুলিছিল ৷ তাৰে পৰিণতিত এটা নাবালকে অকালতে প্ৰাণ হেৰুৱায় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা ।
জিলা আৰক্ষী অধীক্ষক লক্ষ্মণ নিম্বৰ্গীয়ে কয় যে প্ৰাথমিক তদন্তত বিজয়াপুৰা তালুকৰ নাগাথানা গাঁৱৰ মল্লিকাৰ্জুন আৰ্কেৰীয়ে ছবছৰীয়া পুত্ৰক কৃষ্ণা নদীত পেলাই হত্যা কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।
সামান্য কথাতে হত্যাকাণ্ড
একাংশ লোকে অভিযুক্ত মল্লিকাৰ্জুনক তেওঁৰ সন্তানটোক লৈ প্ৰায়ে ঠাট্টাসূচক কথা শুনাইছিল ৷ ‘তোমাৰ ল’ৰাটো দেখাত তোমাৰ দৰে নহয় । তোমাৰ ল’ৰাৰ মুখখনৰ তোমাৰ মুখৰ লগত মিল নাই’ বুলিও প্ৰতিৱেশীয়ে লোকজনক ঠাট্টা-মস্কৰা কৰিছিল । আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে মল্লিকাৰ্জুনে নিতৌ এই কথাবোৰ শুনি ক্ষুব্ধ হৈ নিজৰ পুত্ৰক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ।
১৬ মাৰ্চত অভিযুক্তই পুত্ৰক কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ সিন্ধগীলৈ লৈ যায় ৷ কিন্তু আদবাটতে পৰিকল্পনা সলনি কৰি তালৈ নগৈ মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ কাৰাদৰ সমীপৰ কৃষ্ণা নদীলৈ গৈ পুত্ৰক নদীৰ বুকুলৈ দলিয়াই উভতি আহে ৷ ল’ৰাটোৰ মাতৃ ভাগ্যশ্ৰী আৰু আইতাক সুমিত্ৰাই কান্দি কান্দি আৰক্ষীক কয় যে এই হত্যাকাণ্ডৰ পিছত অভিযুক্তই একো নজনাৰ দৰে ভাও জুৰিছিল ৷
আন এক নাটকীয় ঘটনা
অভিযুক্তৰ পত্নী তথা ভুক্তভোগীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত এনেদৰে কয়, ‘‘যেতিয়া মই মোৰ স্বামীক আমাৰ ল’ৰাৰ লগত কথা পাতিবলৈ ক’লোঁ, তেতিয়া তেওঁ কাৰোবাক ফোন কৰিলে । ফোন ৰিচিভ কৰা ব্যক্তিজনে ক’লে, ‘নাই, তোমাৰ ল’ৰাটোৱে কথা পাতিবলৈ বিচৰা নাই, সি বৰ্তমান খেলা-ধূলাত ব্যস্ত ৷ কিন্তু তেওঁলোকে মোক গোটেই দিনটো নানাধৰণৰ কথাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰে ৷ মোৰ সন্দেহ ওপজাত মই গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ল’লোঁ । কিন্তু মোৰ স্বামীয়ে তেওঁলোকৰ সন্মুখতো কোনো কথা প্ৰকাশ নকৰিলে ৷ শেষত মোৰ ওচৰলৈ আহি ‘তোৰ ল’ৰাৰ কথা পাহৰি যা’ বুলি কৈ ঘৰৰ পৰা ওলাই যায় ।’’
মহাৰাষ্ট্ৰ আৰক্ষীৰ বিবৃতি প্ৰকাশ
কৃষ্ণা নদীত উদ্ধাৰ হোৱা অচিনাক্ত নাবালকৰ মৃতদেহৰ ফটোসহ সতৰা আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰে । পিছত মাতৃ ভাগ্যশ্ৰীয়ে গ্ৰাম্য আৰক্ষী থানাত পুত্ৰ আৰু পিতৃ দুয়োৰে নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।
আৰক্ষী অধীক্ষক নিম্বৰগীয়ে জনোৱা মতে, অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে অভিযুক্ত মল্লিকাৰ্জুনক বিচাৰি উলিয়াই আটক কৰে ৷ অভিযুক্তই জেৰাৰ সময়ত নিজৰ পুত্ৰক কৃষ্ণা নদীত দলিয়াই হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷
লগতে পঢ়ক: লণ্ডন বিশ্ববিদ্যালয়ত পঢ়িবলৈ এতিয়া আৰু লণ্ডনলৈ যাব নালাগে : শিক্ষাৰ্থীলৈ এটা ভাল খবৰ

