পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, ১১ মহীয়া সন্তানক হত্যা
পিতৃ-মাতৃৰ কাজিয়া দেখি শিশুটিয়ে কান্দিছিল, তেতিয়াই অমংগলীয়া শিশু বুলি কান্দি থকা শিশুটিক প্ৰচণ্ড গোৰ মাৰিছিল বিজয়লক্ষ্মীয়ে ৷ তাৰ পিছত...

Published : July 7, 2026 at 5:29 PM IST
বেংগালুৰু: কিমান নিষ্ঠুৰ হ'লে পিতৃয়ে নৃশংসভাবে হত্যা কৰিব পাৰে অবুজ ১১ মহীয়া সন্তানক ! বেংগালুৰুত দম্পতীয়ে নৃশংসভাবে হত্যা কৰিলে ১১ মহীয়া সন্তানক ৷ শেখৰ আৰু তেওঁৰ পত্নী বিজয়লক্ষ্মীয়ে তেওঁলোকৰে ১১ মহীয়া ৰেনুকা নামৰ শিশুটিক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ কিন্তু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পিতৃ শেখৰক ৷ আটক কৰিছে শিশুটিৰ মাতৃ বিজয়লক্ষ্মীক ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয়, "কৰ্ণাটকৰ য়াদগিৰি জিলাৰ শেখৰ আৰু বিজয়লক্ষ্মীয়ে চাৰি বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৷ দুটাকৈ সন্তান থকা দম্পতীৰ মাজত ৯ জুনত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়াই ১১ মহীয়া ৰেনুকাক প্ৰহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু শিশুটিৰ মৃত্যু হৈছে ৷"
বিজয়লক্ষ্মীৰ মন্তব্য অনুসৰি, "দুগ্ধপান কৰাওতে হঠাৎ বিচনাৰ পৰা বাগৰি পৰে শিশুটি ৷ তেতিয়া আহত হৈছিল শিশুটি ৷" আনহাতে শেখৰে তদন্তকাৰী বিষয়াক জনোৱা মতে, দুগ্ধপান কৰাই থকাৰ সময়তে তেওঁৰ পত্নী টোপনি গৈছিল, যাৰ ফলত শিশুটি বিচনাৰ পৰা বাগৰি পৰে ৷ শেখৰৰ মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰে ৷
ইফালে ২২ জুনত শিশুটিৰ মৰণোত্তৰ প্ৰতিবেদনত চিকিৎসকে উল্লেখ কৰিছে যে, আঘাতৰ বাবে শিশুটিৰ শৰীৰৰ আভ্যন্তৰৰ ভিন্ন অংশত ৰক্তক্ষৰণ হৈছিল ৷ শিশুটিৰ গুপ্ত অংগতো আঘাত স্পষ্ট বুলি প্ৰতিবেদনত উল্লেখ আছে ৷ তাৰ পাছতে আৰক্ষীয়ে পিতৃ-মাতৃ দুয়োকে জেৰা কৰে ৷ আৰক্ষীয়ে কৰা তদন্তত পোহৰলৈ আহে যে বিজয়লক্ষ্মীৰ পৰকীয়া প্ৰেমৰ বাবে শেখৰৰ সৈতে প্ৰতিদিনে কাজিয়াৰ সৃষ্টি হৈছিল ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, ৯ জুনত দুপৰীয়াৰ আহাৰৰ বাবে যেতিয়া শেখৰ ঘৰলৈ আহিছিল তেতিয়াই তেওঁৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু ঘৰৰ ভিন্ন সামগ্ৰী ভঙা-চিঙা কৰিছিল ৷ পিতৃ-মাতৃৰ কাজিয়া দেখি শিশুটিয়ে কান্দিছিল, তেতিয়াই অমংগলীয়া শিশু বুলি কান্দি থকা শিশুটিক প্ৰচণ্ড গোৰ মাৰিছিল বিজয়লক্ষ্মীয়ে ৷ লগতে শেখৰেও শিশুটিক দলি মাৰি দিছিল এটা ৰূমলৈ ৷ পৰৱৰ্তী সময়ত আহত শিশুক চিকিৎসালয়লৈ লৈ যায় দুয়ো ৷ কিন্তু চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ৷
ইফালে বিজয়লক্ষ্মীয়ে আৰক্ষীক অভিযোগ দিছিল যে, তেওঁৰ স্বামী শেখৰ আৰু শেখৰৰ ভাতৃয়ে অত্যাচাৰ কৰে বুলি ৷ কিন্তু অৱলাহল্লী আৰক্ষীয়ে তদন্তৰ পাছতে বিজলক্ষ্মীয়ে কৰা সকলো অভিযাগ খণ্ডন কৰে ৷ ইফালে বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক: ৱায়ানাড সুৰংগ প্ৰকল্পত ভয়াবহ ভূমিস্খলন: অৰ্ধ শতাধিক শ্ৰমিক আবদ্ধ

