ETV Bharat / bharat

OLX-ৰ জৰিয়তে কিনিছিল গাড়ী, উমান পালে বিক্ৰী নকৰিলোহেঁতেন: দিল্লী বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকী

দিল্লীত বিস্ফোৰণ হোৱা গাড়ীখন হাৰিয়ানাৰ ফৰিদাবাদৰ ৰয়েল কাৰ জ’নৰ পৰা ক্ৰয় কৰা হৈছিল । ডিলাৰশ্বিপৰ মালিক অমিত পেটেলৰ সৈতে কথা ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰ ।

DELHI BLAST
দিল্লী বিস্ফোৰণৰ দৃশ্য (PTI)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 12:09 PM IST

4 Min Read
Choose ETV Bharat

ফৰিদাবাদ : সৰ্বত্ৰে চৰ্চা দিল্লী বিস্ফোৰণৰ প্ৰসংগ ৷ ৰাজধানীত সংঘটিত হোৱা এই বিস্ফোৰণে জোকাৰি গৈছে দেশ ৷ শেহতীয়াকৈ চৰ্চা চলিছে দিল্লী বিস্ফোৰণত ব্যৱহৃত হোৱা হুণ্ডাই i20 গাড়ীখনৰ কথা ৷

দিল্লী বিস্ফোৰণত ব্যৱহৃত হুণ্ডাই i20 গাড়ীখন ক্ৰয় কৰা ফৰিদাবাদৰ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৰ মালিকে কয় যে তেওঁৰ এই গাড়ীখন কোনো অপৰাধমূলক বা ৰাষ্ট্ৰীয় বিৰোধী কামত ব্যৱহাৰ কৰা হ’ব বুলি সামান্যতমো আভাস পালেহেঁতেন তেন্তে তেওঁ কেতিয়াও বিক্ৰী নকৰিলেহেঁতেন ।

সোমবাৰে (১০ নৱেম্বৰ, ২০২৫) দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত i20 গাড়ীখন বিস্ফোৰণ হোৱাত ১২ জন লোকৰ মৃত্যু হয় ৷ এই i20 গাড়ীখন ২৯ অক্টোবৰত হাৰিয়ানাৰ ফৰিদাবাদৰ ৰয়েল কাৰ জ’নৰ পৰা পুলৱামাৰ এগৰাকী বাসিন্দাই ক্ৰয় কৰিছিল ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডিলাৰশ্বিপৰ স্বত্বাধিকাৰী অমিত পেটেলে কয় যে বাহনখন ক্ৰয় কৰিবলৈ পুলৱামাৰ পৰা আমিৰ ৰছিদে OLX- ৰ জৰিয়তে তেওঁলোকক যোগাযোগ কৰিছিল ।

অমিতে কয়, "২৯ অক্টোবৰত আমিৰ ৰছিদে OLX ৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰিছিল । আমাৰ অফিচৰ কৰ্মচাৰী চনুৱে গাড়ীখনৰ সকলো চুক্তিৰ কাম কৰিছিল । এই গাড়ীখন ২০১৩ বা ২০১৪ চনৰ মডেল । নথিপত্ৰসমূহ সম্পূৰ্ণকৈ পৰীক্ষা কৰা হৈছিল আৰু তাৰ পিছত আমাৰ দলটোৱে গাড়ীখন তেওঁক গতাই দিছিল ।"

"মই আন কামত ব্যস্ত আছিলো, গতিকে তেওঁৰ (আমিৰ) ID (পৰিচয়পত্ৰ) ক'ৰ সেয়া দেখা নাপালো । অৱশ্যে মোৰ সামান্যতমো সন্দেহ বা তথ্য থাকিলেহেঁতেন, মই এই গাড়ীখন বিক্ৰী নকৰিলোহেঁতেন ।" অমিতে কয় ৷

প্ৰথমে গুৰুগ্ৰামৰ বাসিন্দা মহম্মদ ছলমানৰ নামত পঞ্জীয়ন কৰা গাড়ীখন, বোমা বিস্ফোৰণৰ পিছতে দিল্লী বিশেষ কোষ আৰক্ষীয়ে ফৰিদাবাদত উপস্থিত হৈ ৰয়েল কাৰ জ’নৰ ছয়ৰ পৰা সাতজন কৰ্মচাৰীক সোধ-পোছৰ বাবে আটক কৰে । ইয়াৰ পিছতে দিল্লী বিশেষ কোষ আৰু তদন্তকাৰী সংস্থাটোৱেও অমিতক সোধ-পোছ কৰে । তদন্তকাৰী সংস্থাটোৱে গাড়ী ব্যৱসায়ীজনৰ পৰা CCTV ফুটেজ আৰু প্ৰাসংগিক নথি-পত্ৰ জব্দ কৰে ৷

অমিতে কয়, "বিস্ফোৰণৰ পিছত দিল্লী বিশেষ কোষৰ এটা দল আমাৰ কাৰ্যালয়ত উপস্থিত হৈ আমাৰ কৰ্মচাৰীসকলক সোধ-পোছৰ বাবে লৈ যায় । আমাৰ হাতত যি প্ৰমাণ আছিল, আমি তেওঁলোকৰ হাতত গতাই দিলো, তাৰ পিছত তেওঁলোকে আমাৰ সকলো কৰ্মচাৰীকে মুকলি কৰি দিয়ে । অৱশ্যে এতিয়াও তদন্ত চলি আছে আৰু তেওঁলোকে যেতিয়াই আমাক যেতিয়াই ফোন কৰে তেতিয়াই তদন্তকাৰী বিষয়াৰ ওচৰত যাবলৈ কোৱা হৈছে ।"

"আমি ছেকেণ্ড হেণ্ড গাড়ীৰ ব্যৱসায় কৰো আৰু সমগ্ৰ ভাৰতৰ গ্ৰাহক আছে । এনে ক্ষেত্ৰত আমি গাড়ীখন পৰীক্ষা কৰাৰ পিছত যিসকলৰ নথি-পত্ৰ ক্ৰমত থাকে তেওঁলোকক গতাই দিওঁ আৰু এই ক্ষেত্ৰতো একে পদ্ধতি অনুসৰণ কৰা হৈছিল ।" তেওঁ কয় ৷

ফৰিদাবাদ আৰক্ষীৰ মুখপাত্ৰ যশপাল সিঙে কয়, "দিল্লীত বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখন ফৰিদাবাদৰ ৰয়েল কাৰ জ'নৰ পৰা ক্ৰয় কৰা হৈছিল । বিস্ফোৰণৰ পিছত বিশেষ কোষৰ আৰক্ষীয়ে ৰয়েল কাৰ জ'নৰ কাৰ্যালয়ত উপস্থিত হয় । সেই সময়ছোৱাত কৰ্মীসকলে একাংশ লোকক আটক কৰাৰ লগতে মালিককো সোধ-পোছৰ বাবে ফোন কৰা হৈছিল । সোধ-পোছৰ পিছত এতিয়াৰ বাবে সকলোকে মুকলি কৰি দিয়া হয় । কিন্তু যেতিয়াই আৰক্ষীয়ে তেওঁলোকক সোধ-পোছৰ বাবে মাতিব, তেতিয়াই তেওঁলোক আহিব লাগিব ।"

দিল্লী বিস্ফোৰণৰ তদন্ত তন্নতন্নকৈ কৰি থকা হৈছে ৷ NIA-কে ধৰি একাধিক ৰাজ্যৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বিস্ফোৰণৰ কাৰণ, ইয়াৰ পৰিঘটনাসমূহৰ তদন্ত কৰি আছে ৷

জম্মু-কাশ্মীৰ আৰক্ষীয়ে যিটোক ‘হোৱাইট কলাৰ’ (White Collar) সন্ত্ৰাসবাদী মডিউল বুলি অভিহিত কৰিছে, সেইটোক গুৰুত্ব দিয়া হৈছে, যিটো মডিউল শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা আৰক্ষীয়ে আটক কৰিছিল, যাৰ ফলত কাশ্মীৰৰ কেইবাজনোকে ধৰি বিভিন্ন ৰাজ্যৰ কেইবাজনো চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ফৰিদাবাদত অভিযানৰ সময়ত আৰক্ষীয়ে ২৯ হাজাৰ কিলোগ্ৰাম IED নিৰ্মাণ সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ জব্দ কৰে । যেতিয়া এই বিস্ফোৰণ সংঘটিত হৈছিল তেতিয়া ইয়াৰে এজন চিকিৎসক উমৰ নবীয়ে i20 গাড়ী চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ উমৰ নবীয়ে চলাইছিল; DNA পৰীক্ষাত হৈছে নিশ্চিত

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ অনুসন্ধানত জব্দ ৰঙা ৰঙৰ ইক’স্প’ৰ্ট বাহন