ETV Bharat / bharat

দিল্লী আৰক্ষীৰ অনুসন্ধানত জব্দ ৰঙা ৰঙৰ ইক’স্প’ৰ্ট বাহন

দিল্লীৰ বিস্ফোৰণ কাণ্ডত ব্যৱহাৰ কৰাৰ সন্দেহত এখন ৰঙা ৰঙৰ ইক’স্প’ৰ্ট বাহন জব্দ কৰিছে ফৰিদাবাদ আৰক্ষীয়ে ।

CAR EXPLODES IN DELHI
আৰক্ষীয়ে জব্দ কৰা ৰঙা ৰঙৰ ইক’স্প’ৰ্ট বাহনখন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 9:03 PM IST

3 Min Read
Choose ETV Bharat

ফৰিদাবাদ: লালকিল্লাৰ সন্মুখত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰধান সন্দেহযুক্ত ডাঃ ওমৰ উন নবীয়ে ব্যৱহাৰ কৰাৰ সন্দেহত ৰঙা ৰঙৰ এখন ইক’স্প’ৰ্ট(ডি এল ১০ চি কে ০৪৫৮) বাহন জব্দ কৰিছে হাৰিয়ানাৰ ফৰিদাবাদ আৰক্ষীয়ে ।

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ফৰিদাবাদৰ খান্দাৱালী গাঁৱৰ সমীপত বাহনখন ৰখাই থোৱা অৱস্থাত জব্দ কৰা হয় ।

ফৰিদাবাদ আৰক্ষীয়ে জব্দ কৰে বাহনখন

দিল্লীত সংঘটিত বিস্ফোৰণৰ পিছৰে পৰা হাৰিয়ানাৰ সৈতে বিস্ফোৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰা হৈছে । বিস্ফোৰণৰ সৈতে জড়িত ডি এল ১০ চি কে ০৪৫৮ নম্বৰৰ এখন ৰঙা ৰঙৰ ফ’ৰ্ড ইক’স্প’ৰ্ট বাহনৰ সন্ধানত দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল । দিল্লী আৰক্ষীয়ে এই তথ্য হাৰিয়ানা আৰক্ষীৰ সৈতে শ্বেয়াৰ কৰে ।

আৰক্ষীৰ মুখপাত্ৰ যশপাল সিঙে কয়, ‘‘দিল্লী আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে খন্দাৱালী গাঁৱৰ পৰা এখন ৰঙা ৰঙৰ ফ’ৰ্ড ইক’স্প'ৰ্ট বাহন জব্দ কৰিছে । গোচৰটোৰ তদন্ত চলি আছে ।’’

দিল্লী আৰক্ষীয়ে জাৰি কৰিছিল সতৰ্কবাণী

সমগ্ৰ বিষয় সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সতৰ্কতা জাৰি কৰিছিল ৷ আৰক্ষীয়ে লাভ কৰা তথ্য় অনুসৰি সন্দেহজনক বাহনখন ওমৰ উন নবী নামৰ এজন লোকৰ নামত পঞ্জীয়ন কৰা হৈছে । এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, দিল্লী আৰক্ষীয়েও গাড়ীখনৰ সবিশেষ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা আৰক্ষীক প্ৰদান কৰিছে ৷

ওমৰ নবী সন্দৰ্ভত তদন্ত অব্যাহত

সংবাদ সংস্থা এন এন আইৰ তথ্য অনুসৰি সোমবাৰে সন্ধিয়া সংঘটিত কাৰ বোমা বিস্ফোৰণৰ পূৰ্বে ওমৰ নবীয়ে ৰামলীলা ময়দানৰ সমীপৰ আছাফ আলী ৰোডৰ এটা মছজিদত ৰৈছিল । মছজিদৰ পৰা ওলাই অহাৰ পাছত পোনে পোনে চুনহেৰী মছজিদৰ পাৰ্কিং ল’টলৈ গৈছিল অভিযুক্ত । সূত্ৰই জনোৱা মতে, তেওঁ নিজৰ গাড়ীখন ৰখাইছিল প্ৰায় ৩.১৯ বজাত । তদন্তকাৰী সংস্থাসমূহে ওমৰৰ ম’বাইল ফোন আৰু চিগনেল হিষ্ট্ৰী সম্প্ৰতি পৰীক্ষা কৰি আছে ।

এন আই এ- য়ে আল-ফালাহ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ সম্ভাৱনা

সংবাদ সংস্থা এ এন আইৰ মতে, দিল্লী আৰক্ষীয়ে ৰঙা ৰঙৰ ফ’ৰ্ড ইক’স্প’ৰ্ট বাহনখন বিচাৰি দিল্লীৰ প্ৰতিখন থানা, আৰক্ষী চকী আৰু সীমান্তত থকা আউটপোষ্টক সতৰ্ক কৰি দিয়া হৈছিল । তদন্তত প্ৰকাশ পাইছে যে সন্দেহযুক্ত লোকসকলৰ লগত হুণ্ডাই i20 বাহনখনৰ বাহিৰে আন এখন বাহনো আছিল । জইছ-ই-মহম্মদ(জে এ ম)ৰ সৈতে জড়িত দিল্লীৰ কাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ফৰিদাবাদৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ৷

দিল্লী বিস্ফোৰণৰ সৈতে জড়িত বুলি সন্দেহ কৰা ডাঃ ওমৰ নবী ভাটৰ মাতৃ আৰু ভাতৃৰ ডি এন এ নমুনা সংগ্ৰহ কৰি অধিক বিশ্লেষণৰ বাবে এইমছৰ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে ।

ওমৰ নবীৰ বিষয়ে সোধ-পোছ

আনহাতে, দিল্লীৰ গৌতমপুৰী অঞ্চলৰ স্থানীয় ৰাইজে দাবী কৰা অনুসৰি অঞ্চলটো পৰিদৰ্শন কৰা কাৰ বোমা বিস্ফোৰণৰ প্ৰধান সন্দেহযুক্ত ডাঃ ওমৰ উন নবীৰ সৈতে জড়িত এক নিৰ্দিষ্ট ঠিকনাৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

এজন স্থানীয় বাসিন্দাই কয়, ‘‘আৰক্ষীয়ে ওমৰ নবী নামৰ এজন লোকক বিচাৰি আহিছিল ৷ তেওঁৰ পৰিচয় পত্ৰ আৰু ফটো দেখুৱাইছিল । আমি আৰক্ষীক ক'লোঁ যে তেওঁলোকে ইয়াত বিচৰা মানুহজনক আগতে কোনেও দেখা নাছিল ।’’

লগতে পঢ়ক: দেশৰ য'তেই বোমা নুফুটক সম্পৰ্ক কিন্তু হায়দৰাবাদৰ সৈতে !