ETV Bharat / bharat

মাজনিশা দিল্লীত উচ্ছেদৰ সময়তে হিংসাত্মক পৰিস্থিতি; কেইবাগৰাকী আৰক্ষী আহত

পৌৰ নিগমৰ লোক আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুষ্কৃতিকাৰীৰ । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আৰক্ষীয় আটক কৰিছে ।

Demolition drive in Delhi
ৰামলীলা ময়দানৰ সমীপত উচ্ছেদ অভিযান (PTI)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 1:08 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত ৮ গৰাকী আৰক্ষী জোৱান আহত হয় ।

জানিব পৰা মতে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি দিল্লী পৌৰ নিগমে প্ৰায় ৩২ খন বুলডজাৰ আৰু বৃহৎ আৰক্ষী দলৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় । সাধাৰণতে দিনৰ ভাগত এনে অভিযান চলে যদিও নিৰাপত্তাজনিত কাৰণত আৰু প্ৰতিবাদৰ আশংকাৰ বাবে প্ৰশাসনে নিশা ১:৩০ বজাতে এই উচ্ছেদ অভিযান আৰম্ভ কৰে ।

Demolition drive near a mosque at Delhi's Turkman Gate
ৰামলীলা ময়দানৰ সমীপত উচ্ছেদ অভিযান (PTI)

এই উচ্ছেদৰ উদ্দেশ্য আছিল ফৈজ-ই-এলাহি মছজিদৰ সমীপত আৰু ৰামলীলা ময়দানৰ ভূমিত থকা অবৈধ নিৰ্মাণ ভাঙি পেলোৱা । তাত এটা কমিউনিটি হল, এখন প্ৰাথমিক চিকিৎসালয় আৰু একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান । বুলডজাৰেৰে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে স্থানীয় লোকসকলে প্ৰতিবাদ আৰম্ভ কৰে আৰু কম সময়ৰ ভিতৰতে পৰিস্থিতি উত্তেজিত হৈ পৰে । সেই সময়ত একাংশ দুষ্কৃতিকাৰীয়ে আৰক্ষী আৰু পৌৰসভাৰ কৰ্মীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে ।

Demolition drive near a mosque at Delhi's Turkman Gate
ফৈজ-ই-এলাহি মছজিদৰ সমীপত পৌৰ নিগমৰ উচ্ছেদ অভিযান (PTI)

দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয় যে এই হিংসাত্মক ঘটনাত প্ৰায় ৫ গৰাকী (বাতৰি লিখা পৰলৈকে ৮গৰাকী) আৰক্ষী জোৱান আহত হৈছে । আৰক্ষীয়ে জনোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ চেষ্টা কৰে ।

উপ আৰক্ষী আয়ুক্ত (কেন্দ্ৰীয়) নিধিন ভালছানে কয় যে এম চি ডিয়ে ৬ জানুৱাৰীৰ নিশা উচ্ছেদৰ দিন নিৰ্ধাৰণ কৰিছিল, তাৰ পিছত আৰক্ষী জোৱানসকলক সেই স্থানত নিয়োগ কৰা হৈছিল, কিন্তু এক্সেভেটৰকে ধৰি এম চি ডিৰ গধুৰ যন্ত্ৰপাতি আহি পোৱাৰ পিছতে প্ৰায় ১০০-১৫০ গৰাকী লোক তাত গোট খাইছিল ।

Demolition drive near a mosque at Delhi's Turkman Gate
ফৈজ-ই-এলাহি মছজিদৰ সমীপত উচ্ছেদ (PTI)

তেওঁ কয় যে একাংশ লোকক ভালদৰে বুজাই দিয়াৰ পিছত আঁতৰি যায় । কিন্তু কিছুমানে হুলস্থুল আৰম্ভ কৰে আৰু শিলগুটি নিক্ষেপ কৰে । বাতৰি লিখা পৰলৈকে ৮ গৰাকী আৰক্ষী সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হয় । ডি চি পিয়ে কয়, "আমি ভিৰ নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় ।"

ইফালে চি চি টি ভিৰ দৃশ্য পৰীক্ষা কৰি আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । একেদৰে দিল্লী আৰক্ষীয়ে ড্ৰোণ কেমেৰা ব্যৱহাৰ কৰি সমগ্ৰ অঞ্চলটো নিৰীক্ষণ কৰি আছে । বৰ্তমান অঞ্চলটোত অধিক আৰক্ষী আৰু ৰেপিড এক্সন ফ'ৰ্চ মোতায়েন কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

জানিব ৰা মতে অঞ্চলটোত প্ৰায় ২,৫১২ বৰ্গফুট পি ডব্লিউ ডিৰ ভূমি আৰু ৩৬,২৮৪ বৰ্গফুট পৌৰসভাৰ ভূমি বেদখল কৰি আছিল । দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ধৰ্মীয় বা কবৰস্থানৰ ভূমি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব নোৱাৰিব, যেনে ব্যক্তিগত কমিউনিটি হল বা ক্লিনিক । এম চি ডিৰ বিষয়াসকলৰ মতে, "এই ব্যৱস্থা সম্পূৰ্ণ আইনী আৰু আদালতৰ আদেশ অনুসৰি কৰা হৈছে । চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰাটো আমাৰ অগ্ৰাধিকাৰ ।"

Demolition drive near a mosque at Delhi's Turkman Gate
তুৰ্কমান গেট অঞ্চলত উচ্ছেদৰ সময়ত হিংসাত্মক পৰিস্থিতি (PTI)

আৰক্ষীয়ে জনোৱা মতে দিল্লী পৌৰ নিগমে (এম চি ডি), আগতীয়াকৈ আৰক্ষীক এই উচ্ছেদ অভিযানৰ কথা অৱগত কৰি আইন-শৃংখলা বজাই ৰখাৰ বাবে সহায় বিচাৰিছিল । আৰক্ষীয়ে জনোৱা মতে এই হিংসাত্মক ঘটনাত জড়িত ৫ জন লোকক আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীৰ মতে উচ্ছেদৰ সময়ত প্ৰায় ২৫-৩০ গৰাকী লোকে আৰক্ষী আৰু এম চি ডিৰ বিষয়াসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল ।

Demolition drive near a mosque at Delhi's Turkman Gate
দিল্লীত পৌৰ নিগমৰ উচ্ছেদ অভিযান (PTI)

ৰাজনৈতিক ক্ষেত্ৰতো ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে । বিজেপিৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালেৰ মতে আদালতৰ নিৰ্দেশ অনুসৰি উচ্ছেদ চলোৱা হৈছিল । একেদৰে বিজেপি নেতা শ্বাহনৱাজ হুছেইনে এই শিলগুটি নিক্ষেপৰ ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে ।

তেওঁ কয়, "অবৈধ নিৰ্মাণ কাৰ্য নিশ্চয় ভাঙি পেলোৱা হ'ব, কিন্তু তাত যি শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল সেয়া অতি দুৰ্ভাগ্যজনক । দিল্লীৰ ক'তো এয়া গ্ৰহণযোগ্য নহয়... এয়া দুখৰ বিষয় ।"

লগতে পঢ়ক :ONGC তেল কূপৰ অগ্নিকাণ্ড: দ্বিতীয়দিনাও বিস্ফোৰণ অব্যাহত, দিল্লী-মুম্বাইৰ দলৰ অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা