উমৰৈত পূৰ্ণোদ্যমে চলিছে বহুজাতিক সামৰিক অনুশীলন ‘প্ৰগতি ২০২৬’
এই অনুশীলনত ১২ খন বন্ধুত্বপূর্ণ দেশৰ ৪ শতাধিক সামৰিক জোৱানে অংশগ্ৰহণ কৰি আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতি এক যৌথ অঙ্গীকাৰ প্ৰকাশ কৰিছে ।

Published : May 25, 2026 at 1:54 PM IST
তেজপুৰ: যোৱা ২০ মে’ৰ পৰা মেঘালয়ৰ উমৰৈত আৰম্ভ হৈছে বহুজাতিক যৌথ সামৰিক অনুশীলন ‘প্ৰগতি ২০২৬’ । এই সামৰিক অনুশীলন এতিয়া পূৰ্ণোদ্যমে অব্যাহত আছে ।
প্ৰথম সংস্কৰণৰ এই অনুশীলনত ১২ খন বন্ধুত্বপূর্ণ দেশৰ ৪ শতাধিক সামৰিক জোৱানে অংশগ্ৰহণ কৰি আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতি এক যৌথ অঙ্গীকাৰ প্ৰকাশ কৰিছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল মহিন্দ্ৰ ৰাৱতে জানিবলৈ দিয়ে ।
সমতা, বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ মনোভাবেৰে অনুষ্ঠিত এই অনুশীলনে অংশগ্ৰহণকাৰী দেশসমূহৰ সেনাবাহিনীক একেলগে প্ৰশিক্ষণ লোৱা, অভিজ্ঞতা বিনিময় কৰা আৰু বহুজাতিক পৰিৱেশত সমন্বয় ক্ষমতা বৃদ্ধিৰ এক গুৰুত্বপূর্ণ মঞ্চ প্ৰদান কৰিছে । অনুশীলনৰ এক বিশেষ বৈশিষ্ট্য হৈছে বিভিন্ন দেশৰ সেনাজোৱানক লৈ গঠিত মিশ্ৰিত দল । তেওঁলোকে এক সাধাৰণ লক্ষ্যৰে একেলগে ব্যাপক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

বিগত পাঁচদিন ধৰি এই মিশ্ৰিত দলসমূহে অৰ্ধ-পাহাৰীয়া আৰু অৰণ্য অঞ্চলত ৰক ক্ৰাফ্ট, এম্বুশ আৰু কাউণ্টাৰ-এম্বুশ ড্ৰিল, শ্লিথাৰিং, জংঘল লেন শ্বুটিং আৰু বাছ ইণ্টাৰভেনচন আদি কৌশলগত অনুশীলন সম্পন্ন কৰিছে । ইয়াৰ উপৰি অপাৰেচনেল দক্ষতা, আত্মবিশ্বাস আৰু পেছাদাৰী বুজাপৰা বৃদ্ধিৰ উদ্দেশ্যে স্নাইপাৰ আৰু AK-203 ফায়াৰিং প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে ।

সামৰিক প্ৰশিক্ষণৰ লগতে খেল-ধেমালি আৰু অনানুষ্ঠানিক মিলন-মেলাৰ জৰিয়তেও পাৰস্পৰিক বন্ধুত্ব আৰু সামৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ চেষ্টা চলোৱা হৈছে । বন্ধুত্বপূর্ণ দেশসমূহৰ সেনাজোৱানসকলে বাস্কেটবল, ভলীবল আৰু 'টাগ অব ৱাৰ' আদি খেলত অংশগ্ৰহণ কৰি দলীয় সমন্বয়, পাৰস্পৰিক বিশ্বাস আৰু সৈনিকসুলভ মনোভাবক অধিক শক্তিশালী কৰিছে ।
‘প্ৰগতি ২০২৬’ অনুশীলনে সামূহিক প্ৰস্তুতি, সামৰিকৰ পৰা সামৰিক সহযোগিতা আৰু আঞ্চলিক অংশীদাৰ দেশসমূহৰ মাজত দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে । যৌথ প্ৰশিক্ষণ, পাৰস্পৰিক শিক্ষা আৰু পেছাদাৰী সহযোগিতাৰ জৰিয়তে সাধাৰণ সুৰক্ষাজনিত প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰাৰ দৃঢ় সংকল্প এই অনুশীলনৰ জৰিয়তে পুনৰ প্ৰতিফলিত হৈছে ।

