প্ৰতিজন কাশ্মীৰী সন্ত্ৰাসবাদী নহয়: দিল্লী বিস্ফোৰণ প্ৰসংগত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
দিল্লী বিস্ফোৰণত নিৰীহ লোকক হত্যা কৰা ঘটনাক গৰিহণা ওমৰ আব্দুল্লা । জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো ধৰ্মই হত্যাৰ অনুমতি নিদিয়ে ।

By PTI
Published : November 14, 2025 at 9:27 AM IST
শ্ৰীনগৰ: দিল্লী বিস্ফোৰণক লৈ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জম্মু-কাশ্মীৰৰ প্ৰতিজন ব্যক্তি বিশেষকৈ কাশ্মীৰী মুছলমান সন্ত্ৰাসবাদী নহয় আৰু দিল্লী বিস্ফোৰণৰ সৈতে জড়িত কাকো সন্দেহৰ দৃষ্টিৰে চোৱা উচিত নহয় ।
জম্মু বিশ্ববিদ্যালয়ৰ বিশেষ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ওমৰ আব্দুল্লাই দিল্লী বিস্ফোৰণত নিৰীহ লোকক হত্যা কৰা ঘটনাক গৰিহণা দি কয় যে কোনো ধৰ্মই এনেদৰে নিৰীহ লোকক হত্যা কৰাৰ অনুমতি নিদিয়ে আৰু এই সন্দৰ্ভত তদন্ত চলি আছে ।
VIDEO | Jammu and Kashmir CM Omar Abdullah speaking on the recent blast near Delhi's Red Fort, says, " not every resident of jammu and kashmir is a terrorist. it is only a handful of people who have always tried to disturb the peace and brotherhood in kashmir."
— Press Trust of India (@PTI_News) November 13, 2025
(full video… pic.twitter.com/PrntfxDUdP
জম্মু-কাশ্মীৰৰ সকলো সন্ত্ৰাসবাদী নহয়:
আব্দুল্লাই কয়,"আমি মনত ৰাখিব লাগিব যে জম্মু-কাশ্মীৰৰ প্ৰত্যেকগৰাকী ব্যক্তি সন্ত্ৰাসবাদী নহয় বা সন্ত্ৰাসবাদক সমৰ্থন নকৰে । যেতিয়া জম্মু-কাশ্মীৰৰ সকলোকে, বিশেষকৈ কাশ্মীৰী মুছলমানসকলক সন্ত্ৰাসবাদী বুলি ধাৰণা গঢ়ি তোলে, তেতিয়া মানুহক সঠিক পথত ৰখাটো কঠিন হৈ পৰে । এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিয়া উচিত, কিন্তু কোনো নিৰীহ ব্যক্তিৰ ক্ষতি হ'ব নালাগে ।"
চিকিৎসকগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে:
শিক্ষিত যুৱক-যুৱতী সন্ত্ৰাসবাদী কাৰ্য-কলাপত জড়িত হোৱা আৰু চিকিৎসকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"শিক্ষিত যুৱক-যুৱতীসকলে এনে কাৰ্যত লিপ্ত নহয় বুলি ক'ত লিখা আছে ? আমি আগতেও দেখিছোঁ যে এজন সহকাৰী অধ্যাপক ইয়াৰ সৈতে জড়িত আছিল । সন্ত্ৰাসবাদৰ অভিযোগত এজন ব্যক্তিক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল, তেতিয়া কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।"
কোনো নিৰীহ ব্যক্তিৰ ক্ষতি হ’ব নালাগে:
ওমৰে প্ৰশ্ন উত্থাপন কৰে যে যদি তেওঁৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁৰ বিৰুদ্ধে প্ৰমাণ আছে, তেন্তে সেই প্ৰমাণৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱা নহ’ল কিয় ? কেৱল তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰিলেই বিষয়টো সমাধান নহ’ল আৰু ফলাফল আপোনালোকৰ সন্মুখত । তেওঁ কয়,"কিন্তু মই পুনৰ ক’ব বিচাৰোঁ যে ইয়াৰ বাবে অতি কম সংখ্যক লোক দায়ী আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত, কিন্তু নিৰীহ লোকক শাস্তি দিয়া উচিত নহয় ।"
জম্মু-কাশ্মীৰৰ কেইবাজনো বাসিন্দাক গ্ৰেপ্তাৰ কৰা হৈছে:
সম্ভৱতঃ বিভিন্ন স্থানত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা সন্ত্ৰাসবাদী মডিউলৰ অংশ হিচাপে জম্মু-কাশ্মীৰৰ কেইবাজনো বাসিন্দাক গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে, শেহতীয়া চিচিটিভি ফুটেজ ওলাইছে য’ত মূল অভিযুক্ত ডাঃ ওমৰ উন নবীক বদৰপুৰ সীমান্তৰ পৰা i20 গাড়ীৰে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰা দেখা গৈছিল, যাৰ ফলত বিস্ফোৰণৰ তদন্তত অভিযুক্তক জালত পেলোৱাৰ ক্ষেত্ৰত প্ৰমাণ কটকটীয়া হৈ পৰিছে । ফুটেজত দেখা গৈছে যে ওমৰে বদৰপুৰ টোল প্লাজাত উপস্থিত হৈ নিজৰ বাহনখন ৰখাই নগদ ধন উলিয়াই টোল সংগ্ৰাহকক দিছিল ।
সূত্ৰ অনুসৰি নিৰাপত্তা সংস্থাসমূহে দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিলৰ ডায়েৰী উদ্ধাৰ কৰিছে, য’ত ৮ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে তাৰিখ সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ পৰা বুজা যায় যে সেই সময়ছোৱাৰ বাবে এনে কাণ্ডৰ পৰিকল্পনা কৰা হৈছিল । সূত্ৰ অনুসৰি ডায়েৰীসমূহত প্ৰায় ২৫ জন ব্যক্তিৰ নামো আছে, যাৰ অধিকাংশই জম্মু-কাশ্মীৰ আৰু ফৰিদাবাদৰ বাসিন্দা ।

