ETV Bharat / bharat

কাগজৰ নোটৰ সলনি পলিমাৰ নোট, কিয় ?

এই পৰিৱৰ্তন ভাৰতীয় অৰ্থনীতিৰ বাবে আশীৰ্বাদ হৈ পৰিব নে অভিশাপ ? অৰ্থনীতিবিদসকলে কি কয় ?

polymer currency in india
বৰ্তমানৰ ভাৰতীয় নোট আৰু অন্য দেশৰ পলিমাৰ নোট (Getty Images)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 1:51 AM IST

10 Min Read
Choose ETV Bharat

নতুন দিল্লী: আধুনিক বিত্তীয় জগতত প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মুদ্ৰা নোটৰ উৎপাদনতো যথেষ্ট পৰিৱৰ্তন ঘটিছে । ইয়াৰ অংশ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমান ভাৰতত ব্যৱহাৰ হৈ থকা পৰম্পৰাগত কাগজৰ নোটৰ সলনি ‘পলিমাৰ’ বা প্লাষ্টিকৰ নোট ব্যৱহাৰৰ কথা চিন্তা কৰিছে ।

এই পদক্ষেপৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে জালনোটৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে কাগজৰ নোটৰ আয়ুস বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে । কিন্তু অৰ্থনীতিবিদসকলে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতিৰ দেশ ভাৰতত এনে পৰিৱৰ্তন অনাটো সহজ কাম নহয় বুলি মন্তব্য কৰিছে ।

পলিমাৰ নোট প্ৰস্তুতকৰণৰ ব্যয়, এখন দেশৰ এটিএম নেটৱৰ্কৰ প্ৰয়োজনীয় পৰিৱৰ্তন, পৰিৱেশৰ প্ৰভাৱ আদি একো একোটা বৃহৎ প্ৰত্যাহ্বান । বৰ্তমান এই পলিমাৰ নোটসমূহ অষ্ট্ৰেলিয়া, কানাডা, ছিংগাপুৰকে ধৰি ষাঠিখনতকৈও অধিক দেশত সফলতাৰে ব্যৱহাৰ কৰা হৈ আহিছে ।

অৰ্থনীতিবিদসকলৰ মতে এই সিদ্ধান্তই ভাৰতীয় অৰ্থনীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰিব । প্ৰথম পৰ্যায়ত পাইলটভিত্তিত ১০ আৰু ২০ টকীয়া নোট প্ৰৱৰ্তন কৰা হ’ব বুলিও খবৰ পোৱা গৈছে । এনে প্ৰেক্ষাপটত ভাৰতৰ দৰে দেশত পলিমাৰ নোট ৰূপায়ণৰ ব্যৱহাৰিক লাভ আৰু অসুবিধাৰ বৈজ্ঞানিক ভিত্তিত মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ ।

জালনোটৰ উৎপাদন বন্ধ হৈ যাব, এয়া এক ভাল সিদ্ধান্ত : জি বিজয়ৰাঘৱন

কেৰালামৰ উন্নয়ন নীতি নিৰ্ধাৰণ আৰু অৰ্থনৈতিক পৰিকল্পনাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা প্ৰখ্যাত অৰ্থনীতিবিদ তথা বিশেষজ্ঞ জি বিজয়ৰাঘৱনে ইটিভি ভাৰতক কয় যে ছিংগাপুৰ আৰু কানাডাৰ দৰে আন বহু দেশত পলিমাৰ নোট সফলভাৱে কাৰ্যকৰী কৰা হৈছে ৷ ভাৰতে যদি ইয়াক কাৰ্যকৰী কৰে, তেন্তে সেয়া এক বৃহৎ সিদ্ধান্ত হ’ব ।

বিজয় ৰাঘৱনে কয়, ‘‘ইয়াৰ দ্বাৰা দেশত জালনোট বহু পৰিমাণে ৰোধ কৰাত সহায়ক হ'ব । বৰ্তমানৰ নোটসমূহ বহু পৰিমাণে জীৰ্ণ হৈ আহিছে । নোটসমূহৰ প্ৰচলন বন্ধ হোৱাৰ লগে লগে ইয়াৰ মূল্য হ্ৰাস পাইছে ৷ যাৰ বাবে আন সকলো দেশেই পলিমাৰ নোট গ্ৰহণ কৰিছে । এইটো নিশ্চিতভাৱে এটা ভাল সিদ্ধান্ত ।’’

পলিমাৰ নোটৰ আয়ুসকাল নিয়মীয়া কাগজৰ নোটতকৈ তিনিৰ পৰা চাৰিগুণ পৰ্যন্ত অধিক ৷ ই পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি কোৱা যুক্তিটো সাধাৰণতে সঁচা নহয় ৷ সাধাৰণতে কোনেও নোটবোৰ পেলাই নিদিয়ে ৷ সেইবোৰ বাৰে বাৰে ব্যৱহাৰ কৰা হয় অথবা ৰিজাৰ্ভ বেংকলৈ ঘূৰাই পঠিওৱা হয় । ইয়াৰ দ্বাৰা পৰিৱেশৰ কোনো প্ৰভাৱ নপৰে বুলিও তেওঁ ৰাঘৱনে কৰি দিয়ে ।

পলিমাৰ নোট কি ?

এই নোটবোৰ পৰম্পৰাগত কপাহ বা কাগজৰ নোটৰ পৰিৱৰ্তে পাতল, নমনীয় প্লাষ্টিক(পলিমাৰ) ৰে তৈয়াৰ কৰা হয় । এয়া আমি ক্ৰেডিট বা ডেবিট কাৰ্ডত ব্যৱহাৰ কৰা ডাঠ প্লাষ্টিক নহয় । বৰঞ্চ ই অতিশয় পাতল, নমনীয় প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী নোট, যাক কাগজৰ নোটৰ দৰেই ভাঁজ কৰি সহজে ব্যৱহাৰ কৰিব পাৰি ।

পলিমাৰ নোটৰ সুবিধাসমূহ

  • অধিক স্থায়ী

কাগজৰ নোটতকৈ পলিমাৰৰ নোট ২.৫-৪ গুণ পৰ্যন্ত অধক সময় ব্যৱহাৰ কৰিব পাৰি । সহজে চিৰি নাযায় ।

  • পানী আৰু মলি লাগি নধৰে

এই নোটবোৰত পানী, তেল, মলি আদিবোৰ লাগি নধৰে ৷ ভুলবশতঃ ৱাশ্বিং মেচিনত ধুলেও ইয়াত কোনো প্ৰভাৱ নপৰে ।

  • জালনোটৰ ব্যৱহাৰ ৰোধ কৰিব পাৰি

পলিমাৰ নোটবোৰ নকল কৰাটো কাৰ্যতঃ অসম্ভৱ ৷ কাৰণ ইয়াত স্বচ্ছ খিৰিকী আৰু উন্নত হ’ল’গ্ৰাম লগোৱা থাকিব পাৰে ৷

  • দীৰ্ঘম্যাদীভাৱে উৎপাদন ব্যয় হ্ৰাস

ডিজিটেল পেমেণ্ট বৃদ্ধি পোৱাৰ পিছতো ভাৰতত নোটৰ ব্যৱহাৰে অভিলেখ সৃষ্টি কৰিছে(৪২.৮৬ লাখ কোটি) । ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নোট ছপাৰ বাবে ৬,৩৭২.৮ কোটি টকা ব্যয় কৰিছিল । পলিমাৰ নোটৰ প্ৰচলন হ’লে নোটৰ স্থায়িত্ব বৃদ্ধি কৰিবলৈ আৰবিআইয়ে ব্য়য় কৰা ছপা খৰচৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস হ’ব ৷

  • পৰিষ্কাৰ-পৰিচ্ছন্নতা

কাগজৰ নোটৰ দৰে পলিমাৰৰ নোটত বীজাণু আৰু বেক্টেৰিয়া নাথাকে ৷ যাৰ ফলত ই স্বাস্থ্যৰ বাবে অনুকূল বিবেচিত হৈছে ।

  • পুনঃব্যৱহাৰৰ সম্ভাৱনা

ম্যাদ উকলি যোৱা পলিমাৰৰ নোটসমূহ সম্পূৰ্ণৰূপে পুনঃব্যৱহাৰ কৰি অন্য পলিমাৰ সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰি

  • এটিএমৰ সামঞ্জস্যতা

পূৰ্বে ২০১২ চনত ভাৰতে কোচিকে ধৰি কেইবাখনো আগশাৰীৰ চহৰত পলিমাৰৰ নোট পৰীক্ষা কৰাৰ চেষ্টা কৰিছিল যদিও এটিএম মেচিনৰ কাৰিকৰী ত্ৰুটিৰ বাবে এই কাম বন্ধ হৈ পৰিছিল । অৱশ্যে বৰ্তমানৰ পৰিকল্পনা অনুসৰি আৰবিআইয়ে নিশ্চিত কৰিব যে এটিএম মেচিনসমূহে যাতে সহজে এই নোটসমূহ চিনি পায় আৰু গ্ৰাহকৰ মাজত উপলব্ধ কৰিব পাৰে ৷

প্ৰত্যাহ্বানসমূহ

উচ্চমাত্ৰাৰ উৎপাদন ব্যয়

পলিমাৰৰ নোট উৎপাদনৰ ব্যয় নিয়মীয়া কাগজৰ নোট ছপা কৰাৰ খৰচৰ প্ৰায় দুগুণ । কিন্তু দীৰ্ঘকালীনভাৱে ইহঁত অধিক অৰ্থনৈতিকভাৱে লাভজনক বুলি প্ৰমাণিত হৈছে ৷ কাৰণ এইবোৰ দীৰ্ঘসময়লৈ ব্যৱহাৰ কৰিব পাৰি ৷

ভাঁজ কৰাত অসুবিধা

ইয়াক সাধাৰণ নোটৰ দৰে সহজে ভাঁজ কৰি সংৰক্ষণ কৰিব নোৱাৰি । এবাৰ ভাঁজ কৰিলে ই পুনৰ মূল আকৃতিলৈ ঘূৰি আহে ।

এঠা খাই ধৰাৰ সম্ভাৱনা

নোট গণনা কৰাৰ সময়ত একেলগে বহুকেইখন নতুন নোট এঠা খাই পৰাৰ সম্ভাৱনা থাকে ৷ যাৰ বাবে গ্ৰাহকে অজানিতে অধিক নোট বিনিময় কৰিব পাৰে ।

মেচিনসমূহৰ পৰিৱৰ্তনৰ প্ৰয়োজন

প্লাষ্টিক বা পলিমাৰৰ নোটসমূহ চিনাক্ত কৰিবলৈ এটিএম আৰু নোট গণনা কৰা মেচিনসমূহ পৰিৱৰ্তন কৰিব লাগিব ।

তাপ প্ৰতিৰোধী নহয়

এই নোটবোৰ ১২০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক তাপমাত্ৰাত গলি যোৱাৰ সম্ভাৱনা আছে ৷ যেনে - ইস্ত্ৰি কৰাৰ সময়ত যদি কোনো নোট ভুলবশতঃ কাপোৰৰ ওপৰত পৰি যায়, তেন্তে ইয়াৰ ক্ষতি হ’ব ।

পৰিৱেশৰ চিন্তা

প্লাষ্টিক হোৱাৰ বাবে ইহঁত মাটিত সহজে মিলি নাযায় । সঠিকভাৱে পুনঃব্যৱহাৰ নকৰিলে পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে ।

বিমুদ্ৰাকৰণক অৰ্থনীতিবিদ মেৰী জৰ্জৰ সমালোচনা

কেৰালামৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ তথা ৰাজহুৱা ব্যয় পৰ্যালোচনা সমিতিৰ প্ৰাক্তন অধ্যক্ষ ড৹ মেৰী জৰ্জে কয় যে এয়া বিমুদ্ৰাকৰণৰ দৰেই এক মূৰ্খামিৰ সিদ্ধান্ত । আমেৰিকাকে ধৰি বহু উন্নত দেশে এতিয়াও পলিমাৰ নোটৰ দিশলৈ যোৱা নাই আৰু এনে সিদ্ধান্তই ৫০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণতকৈ বহু বেছি ক্ষতি আৰু অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিব বুলি তেওঁ সমালোচনা কৰে ।

মেৰী জৰ্জে কয়, ‘‘পলিমাৰ নোট গ্ৰহণৰ আকস্মিক সিদ্ধান্ত কিয় লোৱা হৈছে সেয়া মই বুজি পোৱা নাই । কোনো নোটক বিশ্বাস কৰিব নোৱাৰি । ৰিজাৰ্ভ বেংকে বৰ্তমানৰ নোটসমূহক সোণ আৰু উচ্চমূল্যৰ বিদেশী নোটৰে সমৰ্থন কৰিছে । কিন্তু আমি নাজানো যে আমি পলিমাৰ নোট গ্ৰহণ কৰিলে কি হ'ব ।’’

উল্লেখ্য যে, ২০১৬ চনত হোৱা বিমুদ্ৰাকৰণৰ পিছৰে পৰা ভাৰতে এক বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল । একেদৰে যদি দেশখনে শীঘ্ৰে পলিমাৰ নোট গ্ৰহণ কৰাৰ পৰিকল্পনা কৰে, তেন্তে দেশখনে আন এক অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব । মেৰী জৰ্জে কটুভাৱে কয় যে আৰবিআইৰ বিষয়াসকলে কেৱল পদোন্নতি লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পক্ষ লৈছে । সাধাৰণ নোট তিতি যায়, পলিমাৰ নোট তিতি নাযায় । সেইবাবেই আৰবিআইয়ে এনে সিদ্ধান্ত লৈছে নেকি বুলি তেওঁ প্ৰশ্নও কৰে ৷

পলিমাৰ নোট প্ৰচলন কৰা প্ৰথমখন দেশত পৰিণত অষ্ট্ৰেলিয়া

প্লাষ্টিক বা পলিমাৰ বেংক নোটৰ ইতিহাস আৰম্ভ হয় অষ্ট্ৰেলিয়াৰ পৰা । ১৯৮৮ চনত নিজৰ নোটৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে অষ্ট্ৰেলিয়াই বিশ্বৰ প্ৰথমখন পলিমাৰ বেংক নোট প্ৰৱৰ্তন কৰে । তেওঁলোকৰ লক্ষ্য আছিল সম্পূর্ণৰূপে জালনোট প্রতিৰোধ কৰা । এই পৰীক্ষাটো অত্যন্ত সফল হৈছিল আৰু ১৯৯৬ চনলৈকে অষ্ট্ৰেলিয়াই প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল, যিয়ে সকলো কাগজৰ নোট প্ৰচলনৰ পৰা আঁতৰাই সম্পূৰ্ণৰূপে পলিমাৰৰ নোটলৈ সলনি কৰিছিল ।

আগশাৰীৰ দেশবোৰত প্ৰতিখন নোট ১০০% প্লাষ্টিকৰে তৈয়াৰী

অষ্ট্ৰেলিয়াৰ সফলতাৰ কথা জানিব পাৰি বহু দেশে নিজৰ মুদ্ৰা ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিলে ৷

নিউজিলেণ্ড: ১৯৯৯ চনত মুদ্ৰা ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন ।

ৰোমানিয়া: ইউৰোপৰ প্ৰথমখন দেশ, যিয়ে ১৯৯৯ চনৰ পৰা ২০০৩ চনৰ ভিতৰত সকলো নোট পলিমাৰলৈ সলনি কৰিছিল ৷

ভিয়েটনাম: ২০০৩ চনত সম্পূৰ্ণৰূপে পলিমাৰৰ নোট প্ৰৱৰ্তন কৰা হয় ৷

কানাডা: ২০১১ চনত মুদ্ৰা সংস্কাৰৰ অংশ হিচাপে পলিমাৰৰ পৰা ডলাৰৰ নোট প্ৰৱৰ্তন কৰা হৈছিল ।

মালদ্বীপ: ভাৰতৰ চুবুৰীয়া দেশ মালদ্বীপে ২০১৫ চনত নিজৰ মুদ্ৰা ৰুফিয়াক সম্পূৰ্ণৰূপে পলিমাৰলৈ ৰূপান্তৰিত কৰে ।

ব্ৰিটেইন: বিশ্বৰ বিত্তীয় শক্তি হিচাপে গণ্য কৰা যুক্তৰাজ্যই ৰূপায়ণ কৰিছে এক বৃহৎ মুদ্ৰা সংস্কাৰ । বেংক অৱ ইংলেণ্ডে ক্ৰমান্বয়ে নিজৰ প্ৰধান বেংক নোট ৫ পাউণ্ড, ১০ পাউণ্ড, ২০ পাউণ্ড আৰু ৫০ পাউণ্ডক পলিমাৰৰ নোটলৈ সলনি কৰিছে । ব্ৰিটেইনে প্ৰমাণ কৰে যে এই নোটবোৰ কাগজৰ নোটতকৈ অধিক পৰিষ্কাৰ আৰু উন্নত ।

আনহাতে, ব্ৰুনাই, পাপুয়া নিউগিনি, মৰিটানিয়া, নিকাৰাগুয়া, ভানুআটু, ট্ৰিনিদাদ আৰু ট’বাগোৰ দৰে দেশসমূহেও নিজৰ নোটসমূহ সম্পূৰ্ণৰূপে পলিমাৰলৈ ৰূপান্তৰিত কৰে ।

মধ্যপ্ৰাচ্য আৰু এছিয়াত আংশিক পৰিৱৰ্তন

একাংশ দেশৰ বজাৰত সৰ্বাধিক প্ৰচলিত আৰু সহজে লেতেৰা হোৱা কিছুমান বিশেষ নোটৰ বাবেহে পলিমাৰ নোট তৈয়াৰ কৰা হৈছে ৷ সংযুক্ত আৰব আমিৰশ্বাহীয়ে ৫, ১০ আৰু ৫০ ডিৰহামৰ পলিমাৰৰ নোট প্ৰৱৰ্তন কৰিছে । ছৌদি আৰৱে জালনোটৰ ব্যৱসায় ৰোধ অভিযানৰ অংশ হিচাপে ৫ ৰিয়ালৰ নোট পলিমাৰলৈ সলনি কৰিছে । ছিংগাপুৰ আৰু মালয়েছিয়াই সৰু সৰু নোটৰ বাবে প্লাষ্টিক ব্যৱহাৰ কৰে, যেনে - ২, ৫ আৰু ১০ ডলাৰ(ছিংগাপুৰ ডলাৰ) আৰু ১ আৰু ৫ ৰিংগিট(মালয়েছিয়া) । ফিলিপাইনছে নিজৰ আটাইতকৈ ডাঙৰ নোট ১০০০ পেছ’ৰ নোট পলিমাৰলৈ সলনি কৰিছে ।

যিবোৰে কেৱল বিশেষ স্মৃতিচাৰণ অনুষ্ঠান হিচাপে এনে নোট প্ৰৱৰ্তন কৰিছিল

চীন, ব্ৰাজিল, ৰাছিয়া আদি বিশ্বৰ বৃহৎ অৰ্থনীতিৰ দেশসমূহে নিজৰ মুদ্ৰা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিব পৰা নাই । বৰং অলিম্পিক বা অন্যান্য ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বৰ্ষপূৰ্তিৰ দৰে ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ স্মৃতিত সীমিত পৰিমাণৰ পলিমাৰৰ নোট ছপা কৰিছে ।

লগতে পঢ়ক: ভাৰতে 'ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ' তুলি দিব ভিয়েটনামক !