জেট ইন্ধনত ইথানল ব্যৱহাৰ ভাৰতীয় বিমান পৰিবহণৰ বাবে নিৰাপদ নে ?
বিশেষজ্ঞসকলে কয় যে আধুনিক জেট বিমানসমূহে কোনো সমস্যা নোহোৱাকৈ SAF মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে; প্ৰকৃত প্ৰত্যাহ্বান হ’ব উৎপাদন আৰু যোগান বৃদ্ধি কৰাত ৷


Published : April 24, 2026 at 2:31 PM IST
সুৰভি গুপ্তা
এক বৃহৎ প্ৰশ্নৰ সন্মুখীন হৈছে ভাৰতৰ বিমান পৰিবহণ নীতি ৷ দেশখনে বহনক্ষম বিমান ইন্ধনৰ দিশে সঁচাকৈ আগবাঢ়িছেনে ? নে এয়া কেৱল কাগজত সীমাবদ্ধ নীতি ? ইয়াৰ উত্তৰ নিহিত আছে চৰকাৰে কি সলনি কৰিছে, আৰু কি সলনি কৰা নাই সেই সকলো তথ্য ৷
চৰকাৰে ঠিক কি কৰিছে?
২০২৬ চনৰ ১৭ এপ্ৰিলত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বিমান টাৰ্বাইন ইন্ধন (ATF) নিয়ন্ত্ৰণৰ নিয়ম সংশোধন কৰি ভাৰতত জেট ইন্ধনৰ সংজ্ঞা কেনেকৈ দিয়া হয় তাৰ গাঁথনিগত পৰিৱৰ্তন প্ৰৱৰ্তন কৰে । ইয়াৰ ফলত ATFৰ সংজ্ঞা সম্প্ৰসাৰিত কৰি কৃত্ৰিম বা মানৱসৃষ্ট হাইড্ৰ’কাৰ্বনৰ সৈতে মিহলি হ’ব পৰা যায় ৷ যিয়ে SAFৰ দৰে ইথানল ভিত্তিক ইন্ধনৰ দুৱাৰ মুকলি কৰে ।
অধিসূচনাত কোৱা হৈছে যে ATF এতিয়া আই এছ ১৫৭১ মানদণ্ডৰ (ATFৰ বাবে ভাৰতীয় মানদণ্ড) অধীনত গতানুগতিক হাইড্ৰ’কাৰ্বন ইন্ধনত সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ এতিয়া আই এছ ১৭০৮১ অনুসৰি কৃত্ৰিম হাইড্ৰ’কাৰ্বনযুক্ত মিশ্ৰণো অন্তৰ্ভুক্ত কৰা হৈছে । মূলতঃ ভাৰতত বিমান ইন্ধন এতিয়া আইনগতভাৱে সম্পূৰ্ণৰূপে জীৱাশ্ম ভিত্তিক নহয় ।

এই পৰিৱৰ্তন বিমান টাৰ্বাইন ইন্ধন (বিপণন নিয়ন্ত্ৰণ) সংশোধনী আদেশৰ অধীনত সাধন হৈছে আৰু ই ২০০১ চনৰ কাঠামোৰ ঠাই লয় । ইয়াৰ উপৰিও এই পৰিৱৰ্তনে বলবৎকাৰী বিধানসমূহ আপডেট কৰে আৰু আইবিপি কোম্পানী লিমিটেডৰ দৰে পুৰণি ৰেফাৰেন্স আঁতৰায় । বিশ্বজুৰি বিমান পৰিবহণ খণ্ডই বিকল্প ইন্ধনৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে ইন্ধনৰ মানদণ্ডত স্পষ্টতা অনাটোৱেই ইয়াৰ প্ৰধান উদ্দেশ্য ।
কিয় জাৰি কৰা হ’ল এই অধিসূচনা?
কাৰণবোৰ কৌশলগত, অৰ্থনৈতিক আৰু পৰিৱেশগত । ভাৰতে ইয়াৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় ৮৫% আমদানি কৰে । বিমান পৰিবহণৰ ইন্ধন বিমান সংস্থাসমূহৰ বাবে এক ডাঙৰ খৰচৰ বোজা । ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ বাবে বিশেষকৈ হৰমুজ জলদ্বীপৰ আশে-পাশে বিশ্ব শক্তিৰ পথসমূহ চাপত পৰিছে । তদুপৰি সুস্থ জলবায়ুৰ বাবে কম কাৰ্বন নিৰ্গমনৰ প্ৰয়োজন । সেয়েহে এই নীতিয়ে ভাৰতৰ পেট্ৰ’লৰ সৈতে ইথানল মিহলি কৰা সফলতাৰ ওপৰত চিন্তা কৰি সেই আৰ্হি বিমান পৰিবহণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব বিচাৰিছে ।
আগতেও এই কাম কৰা হৈছে নেকি ?
পূৰ্বে ATFৰ নিয়ম কঠোৰ আছিল । কেৱল জীৱাশ্মৰ পৰা আহৰণ কৰা জেট ইন্ধন ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল । জৈৱ ইন্ধন মিশ্ৰণৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাছিল । এয়া প্ৰথমবাৰৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে বিমান ইন্ধনৰ নিয়মত SAFৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰিছে ।
ইথানল পোনপটীয়াকৈ বিমানত ব্যৱহাৰ হ’ব নেকি?
বিমান বিশেষজ্ঞ অজয় জাছৰাই স্পষ্ট কৰি দিয়ে, "ইথানল আৰু ATF সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তক বিমান ইন্ধনত ইথানল প্ৰত্যক্ষভাৱে মিহলি কৰা বুলি ব্যাখ্যা কৰা উচিত নহয় । বৰঞ্চ ইথানলক প্ৰক্ৰিয়াকৰণ কৰি বহনক্ষম বিমান ইন্ধন (SAF)লৈ পৰিণত কৰাৰ লক্ষ্য লোৱা হৈছে ৷ যিয়ে বৰ্তমানৰ বিমান আৰু ইন্ধন ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ জেট গ্ৰেড হাইড্ৰ'কাৰ্বন উৎপাদন কৰে । ইয়াৰ দ্বাৰা গতানুগতিক ATFৰ সৈতে ইথানল মিহলি কৰাৰ বাবে এক স্পষ্ট পথ প্ৰদান কৰা হয় ৷ এই ইন্ধনে সুৰক্ষা আৰু কাৰ্যকৰী দক্ষতাৰ উচ্চতম মানদণ্ড বজাই ৰাখি স্বচ্ছ বিমান পৰিবহণক সমৰ্থন কৰে ।”
সহজ ভাষাত ক’বলৈ গ’লে বিমানৰ টেংকত ইথানল ভৰোৱা নহয় । ইয়াক SAF (ইথানল-টু-জেট প্ৰযুক্তি)লৈ ৰূপান্তৰ কৰা হয় । সেই SAF তাৰ পিছত ATF ৰ সৈতে মিহলি কৰা হয় ।
বিমানৰ বাবে ই নিৰাপদ নেকি?
বহল দৃষ্টিকোণৰ পৰা ইয়াৰ উত্তৰ বহুলাংশে হয় বুলিব পাৰি । বিমান পৰিবহণ বিশেষজ্ঞ সঞ্জয় লাজাৰে কয়, “২০০৮ চনত ভাৰ্জিন আটলাণ্টিকে প্ৰথমবাৰৰ বাবে SAF ব্যৱহাৰ কৰিছিল । আজি বিশ্বৰ ৪০খন দেশ, ৫০টা বিমান সংস্থা, আৰু ১২৫টা বিমানবন্দৰত বিমানত SAF ইন্ধন ব্যৱহাৰ কৰা হৈছে । ২০২৬ চনৰ জানুৱাৰী মাহলৈকে SAFৰ সহায়ত ৩ লাখ ৬০ হাজাৰতকৈ অধিক বিমানত ইন্ধন যোগান ধৰা হ’ব । ভাৰত অতি পলমকৈ SAF গ্ৰহণ কৰা দেশ । ভাৰত আৰু ভাৰতীয় বিমান সংস্থাসমূহে SAF ব্যৱহাৰ কৰাত কোনো সমস্যা নহ’ব ।”
তেওঁ আৰু কয়, “ব’য়িং আৰু এয়াৰবাছৰ দৰে আধুনিক জেট বিমানে ৫০ শতাংশ পৰ্যন্ত মিশ্ৰণেৰে SAF চম্ভালিব পৰাকৈ সম্পূৰ্ণৰূপে সক্ষম । ব্ৰাজিলৰ দৰে কিছুমান দেশত আনকি ১০০ শতাংশ মিশ্ৰণ আছে । গতিকে ভাৰতে ইয়াক গ্ৰহণ কৰাত কোনো সমস্যা নহয় । যদি কোনো সমস্যা হয় তেন্তে ই যোগান আৰু উৎপাদনত হ’ব, কিয়নো আমাৰ চাহিদা অতি বেছি ।”
গতিকে, কাৰিকৰীভাৱে বিমানৰ সামঞ্জস্যতা কোনো প্ৰাথমিক চিন্তাৰ বিষয় নহয় । ইতিমধ্যে বিশ্বজুৰি SAF বহুলভাৱে ব্যৱহাৰ কৰা হৈছে । ইঞ্জিনসমূহে মিশ্ৰিত ইন্ধন চম্ভালিব পৰাকৈ সক্ষম ।
আচল বিষয়টো কি?
যোগান আৰু উৎপাদন: লেজাৰে আঙুলিয়াই দিয়ে, “সমস্যা যদি হয় তেন্তে যোগান আৰু উৎপাদনৰ ক্ষেত্ৰত হ’ব, কিয়নো আমাৰ চাহিদা যথেষ্ট বেছি । ভাৰত বিশ্বজুৰি বিমান টাৰ্বাইন ইন্ধন (ATF)ৰ শীৰ্ষ ছখন উৎপাদক দেশৰ ভিতৰত অন্যতম, কিন্তু SAFৰ উৎপাদনত বহু পিছ পৰি আছে ৷ এই ক্ষেত্ৰত আমেৰিকা আৰু ব্ৰাজিলৰ দৰে দেশ আগবাঢ়ি আছে ।” বৰ্তমান ভাৰতত বৃহৎ পৰিসৰৰ SAF উৎপাদনৰ অভাৱ । লেজাৰে লগতে কয়, “SAF ৰ উৎপাদন আৰম্ভ কৰিবলৈ আমাক বৰ্তমান ৰিলায়েন্স বা চৰকাৰী তেল বিপণন কোম্পানী (OMC)ৰ প্ৰয়োজন ।’’
খৰচৰ কাৰক: SAF এতিয়াও ব্যয়বহুল । লেজাৰে কয়, ‘‘এয়া অলপ বেছি খৰচী, ইয়াৰ ফলত খৰচ তেনেকৈ হ্ৰাস পোৱা মই দেখা নাই । ভৱিষ্যতে ইথানলে খৰচ হ্ৰাস কৰিব পাৰে যদিও হ্ৰস্বম্যাদী সঞ্চয়ৰ সম্ভাৱনা নাই ।’’
মিশ্ৰণৰ পৰিমাপ: বৰ্তমান মিশ্ৰণৰ মাত্ৰা ন্যূনতম হ’ব । “যেতিয়া আপুনি ২, ৩, ৪ বা ৫ শতাংশৰ কথা ক’ব, তেতিয়া ই কেৱল পৃষ্ঠভাগতহে আঁচোৰ মাৰিব । প্ৰকৃত প্ৰভাৱ তেতিয়াহে আহিব যেতিয়া মিশ্ৰণ ১০-২০ শতাংশ হ’ব, কিয়নো ইয়াৰ উৎপাদন যথেষ্ট বৃদ্ধি পায় ।’’
ইঞ্জিন আৰু কাৰিকৰী বিপদৰ বিষয়ে কি ক’ব পাৰি?
ইথানলে বিমানৰ ব্যৱস্থাত প্ৰভাৱ পেলোৱাৰ বাবে উদ্বেগ প্ৰকাশ পাইছে যদিও বিশেষজ্ঞসকলে কয় যে সেই আশংকাসমূহ অতিৰঞ্জিত । লাজাৰে এই কথাটোক পোনপটীয়াকৈ সম্বোধন কৰি কয়, “এক ভয়ৰ সৃষ্টি হৈছিল যে ইঞ্জিনসমূহক টুইক কৰিব লাগিব, কিন্তু আধুনিক জেট ইঞ্জিনসমূহে বৰ্তমানৰ ইথানল মিশ্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ অতি সক্ষম, ইঞ্জিনৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা নহয় ।”
অৱশ্যে তেওঁ এটা প্ৰকৃত বিষয় উল্লেখ কৰে, "ইন্ধনৰ মানদণ্ড যিটো আমি পৰীক্ষা কৰিব লাগিব আৰু সেইটোৱেই মূল চাবিকাঠি ।" চিন্তা ইঞ্জিনৰ নহয়, উপলব্ধ ইন্ধনৰ মানদণ্ড আৰু ইয়াক জুখিবলৈ প্ৰযোজ্য ভাৰতীয় প্ৰমাণীকৰণ মানদণ্ডৰ প্ৰয়োজন ।
ইথানল ভিত্তিক বিমান ইন্ধনৰ লাভ আৰু লোকচান
ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটৰ সভাপতি কেপ্তেইন চি এছ ৰান্ধৱাই জনোৱা মতে, এই ধাৰণাটোৰ শক্তিশালী লাভ আৰু প্ৰকৃত প্ৰত্যাহ্বান দুয়োটা আছে । ইথানলৰ পৰা জেটলৈ প্ৰযুক্তিয়ে ATFৰ তুলনাত সেউজ গৃহ গেছৰ নিৰ্গমন ৮০ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সম্ভাৱনা আছে ।
"যেতিয়া জৈৱিক সামগ্ৰীৰ পৰা উৎপাদিত হয়, তেতিয়া ইথানলে কাৰ্বন-নিৰপেক্ষ বা আনকি কাৰ্বন-ঋণাত্মক জীৱনচক্ৰৰ সৃষ্টি কৰিব পাৰে । ইথানলৰ মিশ্ৰণে কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰা দেখা গৈছে ৷ শেষত, ঘৰুৱাভাৱে উৎপাদিত জৈৱ ইথানল ব্যৱহাৰ কৰিলে আমদানিকৃত পেট্ৰ’লিয়াম ভিত্তিক ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব ।"
বিমানৰ বাবে আটাইতকৈ ডাঙৰ ক্ষতি হ’ল ইথানলত প্ৰতি একক আয়তনত কেৰাচিনতকৈ প্ৰায় ৩৪ শতাংশ কম শক্তি থাকে, অধিক পৰিশোধন কৰি ATF উৎপাদন কৰা হয় । তদুপৰি ইথানলে পানীৰ সৈতে বান্ধ খায়, যাৰ ফলত পৰ্যায় পৃথকীকৰণ আৰু অণুজীৱৰ বৃদ্ধি হয় । ই দ্ৰাৱক হিচাপেও কাম কৰে আৰু ছিল সামগ্ৰীৰ অৱক্ষয় ঘটাব পাৰে, যাৰ বাবে ব্যয়বহুল পৰিৱৰ্তনৰ প্ৰয়োজন হয় । প্ৰত্যক্ষ ইথানল মিশ্ৰণে (প্ৰথমে SAF উৎপাদন নকৰাকৈ), ইঞ্জিন চলোৱা সময় বৃদ্ধি কৰিব পাৰে আৰু গতিশীল সঁহাৰি লেহেমীয়া কৰিব পাৰে ।
ৰান্ধৱাই লগতে কয়, “কাৰিকৰী বাধাৰ বাবে ইথানলৰ প্ৰত্যক্ষ মিশ্ৰণ সীমিত হৈ থকাৰ বিপৰীতে ইথানলৰ পৰা জেটলৈ (ইটিজে) ৰূপান্তৰ প্ৰযুক্তিক এক কাৰ্যকৰী বিকল্প হিচাপে বিবেচিত কৰা হৈছে যিয়ে প্ৰচলিত কেৰাচিনৰ সৈতে ৰাসায়নিকভাৱে একেধৰণৰ ইন্ধন উৎপাদন কৰি এই বহুতো বিসংগতি অতিক্ৰম কৰে ।”
ভাৰতে এই পৰীক্ষা কৰিছেনে?
ভাৰতত এনে পৰীক্ষণ কৰা হৈছে, কিন্তু সেয়া ক্ষুদ্ৰ পৰিসৰত । আগতীয়াকৈ গ্ৰহণ কৰাসকলৰ ভিতৰত আছে ভাৰতীয় বায়ুসেনা (IAF) আৰু স্পাইচজেট, যি জৈৱ ইন্ধনৰ মিশ্ৰণ ব্যৱহাৰ কৰি পৰীক্ষামূলক বিমান চলাচল কৰিছে । লাজাৰে লক্ষ্য কৰা মতে, “পৰীক্ষা, ইতিমধ্যে কৰা হৈছে, নিয়মটো তেতিয়াও অহা নাছিল । এতিয়া অৱশেষত নীতিৰ কাঠামো স্থাপন হ’ল ।’’
ই সঁচাকৈয়ে নিৰাপদ নেকি?
এতিয়া চৰকাৰী নীতিয়ে ইথানলৰ বাবে পৰোক্ষ পথৰ অনুমতি দিছে যে প্ৰথমে ইথানল মিহলাই SAF তৈয়াৰ কৰিব পাৰি, তাৰ পিছত ATF মিহলাই ল’ব পাৰি । এইটো বিশ্বৰ বিমান পৰিবহণৰ ধাৰাসমূহৰ সৈতে মিল খায় ৷ কিন্তু বাস্তৱত ভাৰতত এতিয়াও এনেকুৱা হোৱা নাই, কাৰণ ভাৰতত বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধা নাই, যাৰ ফলত খৰচ অধিক হৈছে, মিশ্ৰণৰ মাত্ৰা ন্যূনতম, এই সকলোবোৰে বিমান সংস্থাসমূহে ইয়াক গ্ৰহণ কৰাটো এতিয়াও অনিশ্চিত কৰি ৰাখিছে ।
লগতে পঢ়ক: পশ্চিম এছিয়াৰ সংঘাত উত্তৰ-পূবৰ পৰ্যটন খণ্ডৰ বাবে এক আশীৰ্বাদ

