নক্সাল বিৰোধী অভিযানত কেন্দ্ৰীয় সমিতিৰ সদস্য মাদৱী হিদমাওসহ নিহত ৬
চলিত বৰ্ষত ছত্তীশগড়ত সংঘটিত গুলীয়াগুলীৰ ঘটনাত ২৬৩ জন নক্সালবাদী নিহত ।

Published : November 18, 2025 at 2:04 PM IST
মাৰেডুমিল্লী : নক্সাল বিৰোধী অভিযানত আন এক বৃহৎ সফলতা লাভ কৰিলে নিৰাপত্তাৰক্ষীয়ে । মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিল্লী বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ছয়জন মাওবাদী নিহত হৈছে । এই অভিযানত মাওবাদীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় সমিতিৰ সদস্য মাদৱী হিদমাও নিহত হয় । এই ঘটনাৰ বিষয়ে সদৰী কৰিছে আল্লুৰি সীতাৰামা ৰাজু জিলাৰ আৰক্ষী অধীক্ষক অমিত বৰদাৰে ।
আনহাতে, ছত্তীশগড়তো সংঘটিত হৈছে আন এক ঘটনা । মঙলবাৰে পুৱা ছত্তীশগড়ৰ ছুকমা জিলাৰ এৰাবৰ অঞ্চলত সেনা বাহিনীৰ সৈতে মাওবাদীৰ গুলীচালনা হোৱাত আন এজন মাওবাদী নিহত হয় । বিষয়াসকলৰ মতে, নিৰাপত্তাৰক্ষীয়ে এই অঞ্চলটোত মাওবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ।
জিলা আৰক্ষী অধীক্ষক কিৰণ চাভানে এই বিষয়ে উল্লেখ কৰি কয়, "এৰাবৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত বনাঞ্চলত পুৱা মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।

আল্লুৰি সীতাৰামা ৰাজু জিলাৰ আৰক্ষী অধীক্ষকে সদৰী কৰা মতে, মাৰেডুমিল্লী মণ্ডলৰ অন্তৰ্গত বনাঞ্চলৰ গভীৰতাত পুৱা ৬.৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা । আজি আল্লুৰি জিলাত সংঘটিত এই ঘটনাত ছয়জন মাওবাদী নিহত হৈছে ।"
কোন এই হিদমা ?
মাদৱী হিদমা ওৰফে সন্তোষৰ জন্ম হৈছিল ছত্তীশগড়ৰ সুকমা জিলাৰ পূৰ্বতী গাঁৱত । তেওঁ কম সময়ৰ ভিতৰতে বাস্তৰ আৰু দান্তেৱাড়া দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ পৰে । হিদমাই কম বয়সতে মাওবাদী কেন্দ্ৰীয় সমিতিত যোগদান কৰিছিল । তেওঁ গেৰিলা আক্ৰমণৰ মূল কৌশলবিদ হিচাপে পৰিচিত আছিল । তেওঁক পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় আৰু পিছলৈ দণ্ডকাৰ্য বিশেষ খণ্ড সমিতিৰ সদস্য হয় ।
উল্লেখ্য় যে, বৰ্তমানলৈকে চলিত বৰ্ষত ছত্তীশগড়ত সংঘটিত গুলীয়াগুলীৰ ঘটনাত ২৬৩ জন নক্সালবাদী নিহত হৈছে ।

