SIRত বিধিগত ক্ষমতাৰ অপব্যৱহাৰ : পশ্চিম বংগৰ ৭ বিষয়াক নিলম্বন নিৰ্বাচন আয়োগৰ
অনুশাসনমূলক কার্যব্য়ৱস্থা আৰম্ভ কৰিবলৈ পশ্চিম বংগৰ মুখ্য সচিবক নির্দেশ ।

Published : February 16, 2026 at 4:40 PM IST
নতুন দিল্লী: বিধিগত ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত পশ্চিম বংগ চৰকাৰৰ ৭ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে । পশ্চিম বংগত চলি থকা নিৰ্বাচনী তালিকাৰ SIR ৰ সৈতে জড়িত এই বিষয়া কেইগৰাকীৰ বিৰুদ্ধে অসৎ আচৰণৰ লগতে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সোমবাৰে এই বিষয়ে সদৰী কৰিছে নিৰ্বাচন আয়োগে ।
এই বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক কার্যব্য়ৱস্থা আৰম্ভ কৰিবলৈ প’ল পেনেলে পশ্চিম বংগৰ মুখ্য সচিবক নির্দেশ দিছে ৷ এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে কয় ,"১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৩ চিচি ধাৰাত থকা ক্ষমতা ব্যৱহাৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে পশ্চিম বংগত SIRৰ সৈতে জড়িত গুৰুতৰ অসৎ আচৰণ, কৰ্তব্যত অৱহেলা আৰু বিধিগত ক্ষমতাৰ অপব্যৱহাৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৭ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে ।"
প'ল পেনেলে পুনৰ কয়, “আয়োগে পশ্চিম বংগৰ মুখ্য সচিবক আৰু নিৰ্দেশ দিছে যে এই বিষয়াসকলৰ বিৰুদ্ধে শীঘ্ৰে তেওঁলোকৰ নিজ নিজ সংশ্লিষ্ট কৰ্তৃপক্ষই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই সন্দৰ্ভত আয়োগক অৱগত কৰা হ’ব ।”
ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নিলম্বিত বিষয়াসকল হৈছে-এ ই আৰ অ’, জিলা মুৰ্ছিদাবাদৰ চমছেৰগঞ্জ বিধানসভা সমষ্টিৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক ডাঃ ছেফৌৰ ৰহমান; ফৰাক্কা বিধানসভা সমষ্টিৰ ফৰাক্কা আৰু এ ই আৰ অ’ৰ ৰাজহ চক্ৰ বিষয়া নীতিশ দাস; মায়নাগুৰি উন্নয়ন খণ্ডৰ মহিলা উন্নয়ন কাৰ্যালয় আৰু মায়নাগুৰি বিধানসভা সমষ্টিৰ এ ই আৰ অ’ ডালিয়া ৰয় চৌধুৰী; চুটি বিধানসভা সমষ্টিৰ বাবে মুৰ্ছিদ আলম,এ ডি এ, সুতি ব্লক আৰু এ ই আৰ অ’; সত্যজিৎ দাস, জে টি বিডিঅ’ আৰু জয়দীপ কুণ্ডু, এফ ই অ’, দুয়োজনেই কেনিং পুৰ্বো বিধানসভা সমষ্টিৰ ইৰ’, জেটি বিডিঅ’ আৰু দেব্ৰা বিধানসভা সমষ্টিৰ এ ই আৰ অ’ দেৱাশীষ বিশ্বাস ।
উল্লেখ্য় যে যোৱা সপ্তাহত প’ল পেনেলে পশ্চিম বংগৰ নির্বাচনী তালিকাৰ বিশেষ SIRৰ সময়সূচী সংশোধন কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সংশোধন কৰা হয় এই সূচী ।
ই চি আইৰ সচিব পৱন দিৱানে পশ্চিম বংগৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত কয়, "SIRৰ সৈতে জড়িত আয়োগৰ ২৭.১০.২০২৫, ৩০.১২.০২০২৫ আৰু ১৫.০১.২০২৬ তাৰিখৰ পত্ৰসমূহ উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ ০৯.০২.২০২৬ তাৰিখৰ পত্ৰ মৰ্মে পশ্চিম বংগৰ বাবে WP(C) নং ১০৮৯/২০২৫ আৰু সংযুক্ত বিষয়সমূহত আদেশ আগবঢ়াবলৈ মোক নিৰ্দেশ দিয়া হৈছে ।"
ইচিআইৰ সচিব পৱন দিৱানে পুনৰ উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি আয়োগে পশ্চিম বংগ ত চলি থকা SIRৰ কাৰ্যসূচী সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ২৮ ফেব্ৰুৱাৰীত নিৰ্বাচনী তালিকাৰ চূড়ান্ত প্ৰকাশ হ’ব ।

