ETV Bharat / bharat

প্ৰধানমন্ত্ৰী সন্ত্ৰাসবাদী ! মল্লিকাৰ্জুন খাৰ্গেক নিৰ্বাচন আয়োগৰ কঠোৰ সকীয়নি

প্ৰধানমন্ত্ৰী মোদীক সন্ত্রাসবাদী বুলি আখ্যা দিয়া শীৰ্ষ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেক কঠোৰ সকীয়নি প্ৰদান কৰে নিৰ্বাচন আয়োগে ।

Mallikarjun Kharge
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খাৰ্গে (PTI)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 9:11 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দি নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ খাৰ্গেক কঠোৰ সকীয়নি প্ৰদান কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে । আয়োগে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা খাৰ্গেক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি বিজেপিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ এই দাবীৰ কিছু সময়ৰ পিছতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰা দেখা যায় ।

নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াটো গুৰুত্ব সহকাৰে লক্ষ্য কৰি কঠোৰ সকীয়নি জাৰি কৰিছে । তেওঁলোকে কয় যে নিৰ্বাচন আয়োগে খাৰ্গেলৈ জাননী প্ৰেৰণ কৰি ২৪ ঘণ্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছে ।

পূর্বে নির্বাচন আয়োগক সাক্ষাৎ কৰাৰ পাছত ৰিজিজুৱে কয়, ‘‘মল্লিকাৰ্জুন খাৰ্গেজীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক 'সন্ত্রাসবাদী' বুলি কোৱাটো কেৱল এটা মন্তব্যই নহয়, সমগ্ৰ দেশবাসীক কৰা গুৰুতৰ অপমানহে । এনে লজ্জাজনক আচৰণক স্বাভাৱিক বুলি গণ্য কৰিব নোৱাৰি । আমি আয়োগক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ।’’

‘‘কংগ্ৰেছ দলৰ নেতাসকলে নিজকে গণতান্ত্ৰিক বুলি কোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে । প্ৰধানমন্ত্ৰীক 'সন্ত্রাসবাদী' আখ্যা দি কংগ্ৰেছ দলে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখি ভাৰতবাসীক অপমান কৰিছে । আমি কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো’’ বুলি ৰিজিজুৱে কয় ৷

উল্লেখ্য যে, মঙলবাৰে চেন্নাইত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খাৰ্গেই বিজেপিৰ সৈতে এআইএডিএমকেৰ মিত্ৰতাক সমালোচনা কৰি প্ৰধানমন্ত্ৰীক সন্ত্রাসবাদী আখ্যা দিছিল ৷

অৱশ্যে এই মন্তব্যৰ প্ৰসংগ স্পষ্ট কৰিবলৈ সংবাদ মাধ্যমে হেঁচা প্ৰয়োগ কৰাৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে দেশৰ গণতন্ত্ৰক আতংকিত কৰি তুলিছে ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যাৰে কটাক্ষ কৰিছে শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণ আৰু ৰাজনৈতিক দলৰ মাজত সন্ত্ৰাস চলাই আছে । মই কেতিয়াও তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা নাছিলো(আক্ষৰিক অৰ্থত) । তেওঁ নিজৰ ক্ষমতা আৰু চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰি বিৰোধী দলক গালি-গালাজ আৰু বদনাম কৰিছে ।’’

মঙলবাৰে বিজেপিয়ে নিৰ্বাচন আয়োগক আহ্বান জনাইছিল যে কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্যৰ প্ৰতি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ উপৰিও ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিব লাগে ।

লগতে পঢ়ক: পহলগামৰ বৰ্বৰ আক্ৰমণৰ বৰ্ষপূৰ্তি, আজিও মাৰ যোৱা নাই আতংক