ETV Bharat / bharat

আৱেগেও ঢুকি নাপায় বয়সক: নিঃসংগতা নহয়, অৱসৰৰ পিছত সংগীতেই হৈছে জীৱনৰ সংগী

ভাটখাণ্ডে বিশ্ববিদ্যালয়ত সংগীতেৰে নতুন জীৱনৰ আৰম্ভণি ।

Lucknow’s Elderly Find New Life Learning Music At Uttar Pradesh' Bhatkhande University
ভাটখাণ্ডে বিশ্ববিদ্যালয়ত সংগীতেৰে নতুন জীৱনৰ আৰম্ভণি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 6:09 PM IST

5 Min Read
Choose ETV Bharat

লক্ষ্ণৌ: অৱসৰৰ পিছত জীৱনৰ বাকী থকা দিনবোৰ কেনেদৰে কটাব সেই বিষয়টোক লৈ বেছিভাগ মানুহেই চিন্তা কৰে । দিন যায়, ৰাতি নুপুৱাই অৱস্থা হোৱাৰ আশংকাত ভোগে । সময় কেনেকৈ অতিবাহিত কৰিব লাগে সেই বিষয়ে চিন্তা কৰিয়ে আকৌ দুশ্চিন্তাত পৰে । বহুতেই ভাৱে “আমি বুঢ়া হ’লো... এতিয়া আমি কি কৰিম ? এই বয়সত আমি কি কি চখ পূৰাব পাৰো ?”

সাধাৰণতে এইবোৰ হৈছে অৱসৰৰ পিছত আমাৰ চাৰিওফালে থকা বয়স্কসকলৰ মুখত শুনা প্ৰশ্ন । ইয়াৰ বিপৰীতে লক্ষ্ণৌৰ কিছুমান ব্য়ক্তিয়ে নিৰ্ধাৰণ কৰা তেওঁলোকৰ লক্ষ্যৰ কথা জানিলে আপুনিও আচৰিত নহৈ নোৱাৰে । তেওঁলোকে অৱসৰৰ পিছত বাকী জীৱন কেনেকৈ কটাব বিচাৰে সেইবিষয়ে লক্ষ্য় বান্ধি লৈছে । ইয়াত একাংশ প্ৰাণোচ্ছল জ্য়েষ্ঠ নাগৰিকে প্ৰমাণ কৰিছে যে বয়সৰ লগত আবেগৰ কোনো সম্পৰ্ক নাই । অৱসৰৰ পাছত নিসংগতা বা ৰুটিনত ডুব যোৱাৰ পৰিৱৰ্তে তেওঁলোকে এসময়ত হৃদয়ৰ গভীৰতাত স্থান দিলে সংগীতক ।

আবেগে ঢুকি নাপায় বয়সক:

ভাটখাণ্ডে সংগীত বিশ্ববিদ্য়ালয়ত এতিয়া আছে এই জ্য়েষ্ঠসকল যিসকলৰ কিছুমান ককা, কিছুমান আইতাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৰে কৌতুহল আৰু উত্তেজনাৰে শ্ৰেণীত উপস্থিত হৈছে । তেওঁলোকৰ হাত দুখন হয়তো তানপুৰা বা চেতাৰ ধৰিব পৰাকৈ বেছি শক্তিশালী নহ’বও পাৰে, পিঠিখন হয়তো অলপ বেঁকা হৈ গৈছে; কিন্তু তেওঁলোকৰ উৎসাহ মন কৰিবলগীয়া । ইয়াত আবেগে ঢুকি নাপায় বয়সক।

৬০ৰ পৰা ৮৫ বছৰৰ ভিতৰৰ প্ৰায় ১০০ গৰাকী বয়স্ক শিক্ষাৰ্থীয়ে এতিয়া বিশ্ববিদ্যালয়খনত শ্ৰেণীত অংশগ্ৰহণ কৰিছে । কোনোৱে তবলাত ছন্দ মিলাইছে, কোনোৱে হাৰমনিয়ামৰ ওপৰেৰে আঙুলি বুলাইছে, আন বহুতে কণ্ঠ অথবা বাঁহীৰ অনুশীলন কৰাত ব্য়স্ত হৈছে ।

শিক্ষকতকৈ শিক্ষাৰ্থীৰ বয়স বেছি :

যিকোনো শ্ৰেণীকোঠাত ভৰি দিলেই আপুনি জ্য়েষ্ঠসকলক সংগীতত সম্পূৰ্ণৰূপে নিমগ্ন হোৱা প্ৰত্য়ক্ষ কৰিব । ইয়াত আকৌ শিক্ষকসকলৰ বয়স জানিলে হয়তো আপুনিও ভাবিবলৈ বাধ্য় হ'ব । ইয়াৰ শিক্ষক বহুতেই ৩০-৪০ বছৰীয়া । বয়স্কসকলৰ মনোযোগ দেখি তেওঁলোকো আচৰিত হৈ পৰে । মনকৰিবলগীয়া কথা যে এইসকল বয়স্ক শিক্ষাৰ্থীয়ে ঘৰুৱা যিকোনো বিষয় বা স্বাস্থ্যৰ অভিযোগতকৈ ৰাগ, তাল আৰু অনুশীলনৰ সময়সূচীৰ প্ৰতিহে বেছি আগ্ৰহী হৈ পৰে ।

২২ বছৰীয়া যেন অনুভৱ হয় :

৮০ বছৰীয়া অৰবিন্দ গুপ্তাই এসময়ত কলকাতা আৰু মুম্বাইৰ খাদ্য সুৰক্ষা বিভাগত সেৱা আগবঢ়াইছিল । পত্নীক হেৰুওৱাৰ পিছত তেওঁ নিঃসংগ হৈ পৰে । সেয়েহে অৰবিন্দ গুপ্তাই সংগীতৰ আশ্ৰয় লৈ সংগীতকেই জীৱনৰ সংগী কৰি ল'লে । এই সন্দৰ্ভত গুপ্তাই কয়, “যেতিয়া মই শ্ৰেণীকোঠাত উপস্থিত হও তেতিয়া আকৌ ২২ বছৰীয়া যেন অনুভৱ হয়, ঠিক এজন ছাত্ৰৰ দৰেই যিয়ে নিজৰ বা আনৰ ভুলৰ পৰা শিকিব পৰা ।”

একেদৰে হোমিঅ’পেথিক চিকিৎসক নবীন মালহোত্ৰাই সদায় সংগীত ভাল পাইছিল যদিও ব্যস্ততাৰ বাবে কেতিয়াও শিকিবলৈ সময় নাপালে । এতিয়া তেওঁ হাৰমনিয়াম শিকিছে । আনকি ৰোগীসকলক থেৰাপী হিচাপে সংগীত ব্যৱহাৰ কৰিবলৈও উৎসাহিত কৰা ডাঃ নবীন মালহোত্ৰাই কয়, “মোৰ মনত আক্ষেপ থাকিল । মই সচেতন যে সংগীত হৈছে মনৰ ঔষধ ।”

আনহাতে, ৬০ বছৰীয়া ৰাজেশ গৌতমৰ শৈশৱৰ প্ৰেম আছিল বাঁহী । সেইবাবে শৈশৱৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ পাঁচমাহ পূৰ্বে তেওঁ প্ৰশিক্ষণ আৰম্ভ কৰে । "কৰ্ম আৰু দায়িত্বই মই ভালপোৱা কামটো কৰিবলৈ কেতিয়াও সময় দিয়া নাছিল; কিন্তু এতিয়া মই মুক্ত আৰু বাঁহীটো মোৰ সকলো হৈ পৰিছে । মই নতুন উদ্য়মেৰে শিকিছো । মই বজোৱাৰ সময়ত মোৰ মনটো সুৰৰ মাজত নিমগ্ন হৈ পৰে ।" এইদৰে কয় ৰাজেশ গৌতমে ।

অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেশ কুমাৰ তিৱাৰীয়ে ১৯৮৮ চনত প্ৰথমে ভাটখাণ্ডে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল । পিচে তেওঁ চৰকাৰী চাকৰি লাভ কৰাৰ পিছত বিশ্ববিদ্যালয় এৰিবলগীয়া হৈছিল । তেওঁ কয়, "সংগীত ত্যাগ কৰাৰ বোজা মই সদায় কঢ়িয়াই লৈ ফুৰিছিলো । অৱসৰৰ পিছত ভগৱানে মোক দ্বিতীয়বাৰৰ বাবে সুযোগ দিলে ।"

ড৹ লেলি সিঙে শৈশৱতেই বাদ্যযন্ত্ৰ শিকিব বিচাৰিছিল; কিন্তু পৰিয়ালে সেই অনুমতি প্ৰদান নকৰা বাবে আশা পূৰণ নহ'ল । লেলিয়ে কয়, "মোৰ পৰিয়ালে মোক সৰুতে শিকিবলৈ দিয়া নাছিল । এতিয়া ৬৬ বছৰত মই সন্তুৰ পাঠৰ প্ৰতি আকৰ্ষিত হৈছো । এই সম্পৰ্কে মই মোৰ সন্তানক অৱগত কৰাত ঘৰত সকলোৱে উত্তেজিত হৈ পৰে ।"

এই বয়স্ক লোকসকলৰ শিক্ষক ড৹ দিনকাৰৰ বয়স মাত্ৰ ৩৫ বছৰ । এতিয়া পিচে জ্য়েষ্ঠসকলক পাঠদান কৰাটো তেওঁৰ বাবে একেবাৰে সুকীয়া অভিজ্ঞতা হৈ পৰিছে । এই সম্পৰ্কে নিজৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ কয়, "তেওঁলোকৰ আবেগ অতুলনীয় । তেওঁলোকে কিশোৰ-কিশোৰীতকৈ অধিক গুৰুত্বসহকাৰে শিকে । সেয়া আমাৰ বাবে প্ৰেৰণাদায়ক ।"

লগতে পঢ়ক:২০২৫ বৰ্ষৰ ৰামোজী উৎকৰ্ষ বঁটা লাভ কৰা ব্যক্তিসকল...

সমাজৰ প্ৰকৃত নায়কসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৰামোজী উৎকৰ্ষ বঁটা