ETV Bharat / bharat

ইছলাম ধৰ্মাৱলম্বী লোকে দেশজুৰি পালন কৰিলে পৱিত্ৰ 'ঈদ-উল-ফিটৰ', ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

শনিবাৰে সমগ্ৰ ভাৰততে ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিলে পৱিত্ৰ ধৰ্মীয় উৎসৱ ঈদ-উল-ফিটৰ ৷ ঈদৰ নামাজৰ সমান্তৰালকৈ ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Eid ul Fitr
শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিলে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : March 21, 2026 at 12:14 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: চৌদি আৰৱৰ লগতে শনিবাৰে সমগ্ৰ ভাৰততে ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিছে পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ-উল-ফিটৰ ৷ শুকুৰবাৰে নিশা আকাশত চন্দ্ৰ দেখা পোৱাৰ পিছতে শনিবাৰে ভাৰততো ঈদ-উল-ফিটৰ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ দেশৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

পৱিত্ৰ ঈদ উল ফিটৰ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইছলাম ধৰ্মাৱলম্বী সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজত ঐক্য আৰু সম্প্ৰীতি বৃদ্ধিৰ সংকল্প ল’বলৈ আৰু জাতিটোৰ প্ৰগতিত অৰিহণা যোগাবলৈ সকলোকে আহ্বান জনায় ৷

একেদৰে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক পৱিত্ৰ ঈদ-উল-ফিটৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Xত কয়,"সকলোকে ঈদ-উল-ফিটৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ সকলোৰে শান্তি আৰু সু-স্বাস্থ্য কামনা কৰিছো ৷"

উল্লেখ্য যে, এমাহ ধৰি ৰোজা ৰখাৰ পাছতে শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ পালন কৰিছে ৷ বিশ্ব শান্তিৰ কামনাৰে মছজিদত নামজ পঢ়াৰ লগতে আল্লাৰ ওচৰত দোৱা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

ৰমজান হৈছে ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৷ ইছলামৰ ধৰ্ম মতে, আটাইতকৈ পৱিত্ৰ সময়টো হৈছে এই ৰমজান মাহ ৷ এই মাহতে মুছলমানে লোকে পুৱা পৰা সন্ধিয়ালৈকে কঠোৰ উপবাস পালন কৰে ৷

Eid ul Fitr
ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিলে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ (PTI)

আনহাতে, ঈদ-উল-ফিটৰ আৰম্ভ হয় সূৰ্য উদয়ৰ কিছু সময়ৰ পিছত অনুষ্ঠিত হোৱা বিশেষ জামাতৰ নামাজেৰে । দৈনিক নামাজৰ দৰে পুৱাৰ বিশেষ নামাজত পৰম্পৰাগত প্ৰাৰ্থনা অন্তৰ্ভুক্তৰ বিপৰীতে আল্লাহ বাণী অধিক পাঠ কৰা হয় ৷ উল্লেখ্য যে, নামাজত অংশগ্ৰহণ কৰাৰ পূৰ্বে দুখীয়া লোকক দান-বৰঙণি দিব লাগিব, যাতে আৰ্তজনকো উদযাপনত অংশগ্ৰহণ কৰাব পাৰি ।

ভাৰতৰ ভিন্ন প্ৰান্ততৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পালন কৰিছে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ ৷

পঢ়ক: ভাৰত-পাকিস্তান পাৰমাণৱিক সংঘাতৰ আশংকা অব্যাহত আছে: আমেৰিকাৰ চোৰাংচোৱা প্ৰতিবেদন