ভাৰতত ২৮ মে’ত পালন কৰা হ’ব ঈদ উল আজহা
দেশৰ অধিকাংশ স্থানতে দেওবাৰে সন্ধিয়া চন্দ্ৰ দেখা নগ’ল ৷ যাৰ বাবে ইছলাম ধৰ্মগুৰুসকলে ২৮ মে’ত ঈদ পালনৰ কথা ঘোষণা কৰে ৷

Published : May 18, 2026 at 1:32 PM IST
নতুন দিল্লী: ভাৰতত ২৮ মে’ত ঈদ পালন কৰা হ’ব ৷ ইছলামিক মাহ জিল হিজ্জা আৰম্ভ হোৱা চন্দ্ৰ দেওবাৰে সন্ধিয়া দেশৰ অধিকাংশ স্থানতে দেখা নগ’ল, যাৰ বাবে ইছলাম ধৰ্মগুৰুসকলে ভাৰতত ২৮ মে’ত ঈদ উদযাপন কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ ঈদ উল আজহা চন্দ্ৰ দেখাৰ দশম দিনা পালন কৰা হয় ৷
দিল্লীৰ চান্দনী চ'কত অৱস্থিত ফাতেহপুৰী মছজিদৰ শ্বাহী ইমাম মুফতি মুকাৰ্ৰাম আহমেদে পিটিআইক কয়, "জিল হিজ্জা চন্দ্ৰ দৰ্শনৰ সন্দৰ্ভত দেওবাৰে সন্ধিয়া ধৰ্মীয় গুৰুসকলে দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো নিশ্চিত খবৰ লাভ কৰা নাছিল ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ২৮ মে’ত ঈদ উদযাপন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে ৷"
জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ শ্বাবান বুখাৰীয়েও ভিডিঅ’ বিবৃতিযোগে ঘোষণা কৰিছে যে ২৮ মে’ত ঈদ উল আজহা উদযাপন কৰা হ’ব ৷ তেওঁ লগতে কয় যে দেশৰ ক’তো চন্দ্ৰ দেখাৰ খবৰ নাই ৷
বকৰিদ নামেৰেও পৰিচিত ঈদ উল আজহা ঈদ উল ফিটৰৰ দুমাহ ৯ দিনৰ পাছত উদযাপন কৰা হয় ৷ মুছলমান সংগঠন ইমাৰাত ই শ্বৰিয়া হিন্দেও এক বিবৃতিত কয় যে দেশৰ কোনো প্ৰান্তৰ পৰা চন্দ্ৰ দেখা পোৱাৰ তথ্য নিশ্চিত হোৱা নাই, গতিকে ২৮ মে’ত ঈদ উল আজহা উদযাপন কৰা হ’ব ৷
দেওবাৰে সন্ধিয়াৰ পৰা সমগ্ৰ দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে চন্দ্ৰ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল । বহু ঠাইত মছজিদ আৰু অট্টালিকাৰ ছাদত মানুহ গোট খাইছিল যদিও চন্দ্ৰ দৰ্শন নিশ্চিত নহ’ল । ইয়াৰ পিছতে দিল্লীৰ শ্বাহী জামা মছজিদকে ধৰি মুছলমান ধৰ্মগুৰুসকলে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ।
ঈদ উল আজহাক এটা গুৰুত্বপূৰ্ণ ইছলামিক উৎসৱ হিচাপে গণ্য কৰা হয়, য’ত বলিদানৰ পৰম্পৰা পালন কৰা হয় । দিল্লীকে ধৰি সমগ্ৰ দেশৰ বজাৰ আৰু ছাগলীৰ বজাৰসমূহ এই উৎসৱৰ প্ৰত্যাশাত জীপাল হৈ পৰিছে ।

