ETV Bharat / bharat

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ ঘৰত ইডিৰ অভিযান

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহৰ লগতে ৰাজ্যখনৰ মুঠ ১২টা স্থানত বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলায় ৷

Opposition Leader Pinarayi Vijayan
কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ ঘৰত ইডিৰ অভিযান (ANI)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 1:35 PM IST

2 Min Read
Choose ETV Bharat

তিৰুৱনন্তপুৰম: কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহত বুধবাৰে বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে তালাচী চলায় ৷ কোচিন মিনাৰেলছ আৰু ৰুটাইল লিমিটেডৰ (চিএমআৰএল) ধন সৰবৰাহৰ গোচৰৰ তদন্তৰ অংশ হিচাপে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত বলৱৎকাৰী সঞ্চালকালয়ে এই অভিযান চলায় ৷

অভিযোগ অনুসৰি ২০১৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড (CMRL) নামৰ এটা ব্যক্তিগত কোম্পানীয়ে বিজয়নৰ কন্যা টি বীনাৰ কোম্পানী এক্সাল’জিক ছলিউচনক প্ৰায় ১.৭২ কোটি টকাৰ ধন অবৈধভাৱে প্ৰদান কৰিছিল যদিও আই টি ফাৰ্মে কোম্পানীটোক কোনো সেৱা আগবঢ়োৱা নাছিল ৷

ইডিৰ বিষয়াসকলে জনোৱা মতে, বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ ভাৰাঘৰকে ধৰি কেৰালামৰ মুঠ ১২টা স্থানত অভিযান চলোৱা হয় ৷ তিৰুৱনন্তপুৰম আৰু কোচিৰ সমান্তৰালকৈ ইডিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিজয়নৰ জোঁৱাই মহম্মদ ৰিয়াছৰ কোঝিকোডস্থিত বাসগৃহটো অভিযান চলায় ৷

অভিযানৰ সময়ত ইডিৰ বিষয়াই বীনা আৰু চিএমআৰএলৰ পৰিচালন সঞ্চালক শশীধৰণ কৰ্থক জেৰা কৰে ৷ কোচিত থকা চিএমআৰএলৰ কৰ্পৰেট কাৰ্যালয় আৰু কৰ্থকৰ মূল বাসগৃহতো অভিযান চলায় ৷

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তদন্তকাৰী দল আহি পোৱাৰ সময়ত বিজয়ন আৰু তেওঁৰ কন্যা দুয়োজনেই তিৰুৱনন্তপুৰমৰ নিজৰ ঘৰত আছিল ৷

কেৰালা উচ্চ ন্যায়ালয়ে চিএমআৰএল আৰু এক্সাল’জিকৰ মাজত হোৱা বিত্তীয় লেনদেনৰ তদন্ত আগবঢ়াই নিবলৈ ইডিক অনুমতি দিয়াৰ পাছতে এই অভিযান চলোৱা হয় । মঙলবাৰে কেৰালা উচ্চ ন্যায়ালয়ে এই বিষয়ত ইডিৰ কাৰ্য্যবিধি বাতিল কৰিবলৈ চিএমআৰএলে দাখিল কৰা আবেদন খাৰিজ কৰে ৷ এই অভিযোগৰ তদন্তৰ বাবে ২০২৪ চনত ইডিয়ে পিএমএলএৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক : বন্ধ ৰেস্তোৰাঁৰ নামত কোটি কোটি টকাৰ লেনদেন ! মমতা চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ

ইডিৰ আবেদনত কেজৰিৱাললৈ নতুন জাননী উচ্চ ন্যায়ালয়ৰ

বংগ নিৰ্বাচনৰ পূৰ্বে পাৰ্থ চেটাৰ্জীৰ ঘৰত পুনৰ ইডিৰ অভিযান, নিযুক্তি কেলেংকাৰী সন্দৰ্ভত জেৰা