ETV Bharat / bharat

ধন সৰবৰাহৰ তদন্তক লৈ দিল্লীৰ ওখলাত আল-ফালাহ বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয়ত ED ৰ অভিযান

ED ৰ এই অভিযানত পোহৰলৈ আহিব পাৰে ১০ নৱেম্বৰত সংঘটিত হোৱা দিল্লী গাড়ী বিস্ফোৰণ ঘটনাৰ অভিযুক্তকেইটা ৷

ED Raid on Al Falah University
Al Falah Universityত ED ৰ অভিযান (PTI)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 12:03 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লীৰ ওখলা অঞ্চলৰ মুখ্য কাৰ্যালয়কে ধৰি আল-ফালাহ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ২৫ টা স্থানত মঙলবাৰে বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলায় । বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ মালিক আৰু পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।

ANI-এ প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানটো ধন সৰবৰাহৰ (PMLA) গোচৰৰো জড়িত হৈ আছে । এই অনুসন্ধান হৈছে ১০ নৱেম্বৰত সংঘটিত হোৱা দিল্লী গাড়ী বিস্ফোৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ তদন্ত কৰা ৷ য’ত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হৈছিল ৷

ED-এ আল ফালাহৰ চৌহদত অভিযান : সংবাদ সংস্থা ANI ৰ মতে, ED-এ ওখলাত থকা আল ফালাহ ট্ৰাষ্টৰ মুখ্য কাৰ্যালয়, বিশ্ববিদ্যালয়ৰ চৌহদ আৰু ইয়াৰ পৰিচালকসকলৰ ব্যক্তিগত বাসগৃহকে ধৰি ২৫টা স্থানত অভিযান চলায় । মঙলবাৰে পুৱাৰে পৰা দিল্লীৰ জামিয়া নগৰ, ওখলা বিহাৰ আৰু ফৰিদাবাদৰ ছেক্টৰ ২২ৰ কেম্পাছত ED ৰ দল মোতায়েন কৰা হয় । আল ফালাহ আৰু ইয়াৰ মালিকৰ সৈতে জড়িত আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰি PMLAৰ গোচৰ ৰুজু কৰিছে ED-এ ।

স্থানীয় আৰক্ষীয়ে নিৰাপত্তা অধিক কটকটীয়া কৰে : ED-ৰ দলটোৱে নথি-পত্ৰ, বেংক একাউণ্টৰ সবিশেষ, লেপটপ, মোবাইল ফোন আৰু অন্যান্য ডিজিটেল ডিভাইচ জব্দ কৰে । বৰ্তমানো অভিযান চলি আছে আৰু বিয়লিৰ ভিতৰত আৰু অধিক স্থানত অভিযান চলোৱাৰ সম্ভাৱনা আছে । ED ৰ এই কাৰ্যত দিল্লী আৰক্ষী আৰু স্থানীয় প্ৰশাসনে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা অধিক কটকটীয়া কৰি ৰাখিছে । এই গোচৰত আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো লোক গ্ৰেপ্তাৰ হোৱাৰ নিশ্চিত হোৱা নাই ।

ধন সৰবৰাহৰ তদন্ত অব্যাহত আছে : কেইমাহমানৰ আগতে ED-এ আল ফালাহ বিশ্ববিদ্যালয় আৰু ইয়াৰ মালিকৰ বিৰুদ্ধে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত গোচৰ ৰুজু কৰিছিল । অভিযোগ উত্থাপন হৈছে যে বিশ্ববিদ্যালয় আৰু ট্ৰাষ্টৰ নামত কোটি কোটি টকা অবৈধভাৱে পুঁজি দিয়া হৈছিল, বিদেশী অনুদান(foreign donations)ৰ নিয়ম উলংঘা কৰা হৈছিল, সম্পত্তিৰ অপব্যৱহাৰৰ জৰিয়তে ক’লা ধন সৰবৰাহ কৰা হৈছিল ।

দিল্লীৰ গাড়ী বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত চলি থকা অভিযান : দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল । দিল্লীৰ লালকিল্লাৰ সমীপত ১০ নৱেম্বৰত সংঘটিত হোৱা বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱাৰ ঘটনাত কেবাজনো চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পিছতে আল ফালাহ বিশ্ববিদ্যালয় তদাৰকীৰ আওতালৈ আহে । কাশ্মীৰী চিকিৎসক ওমৰ উন নবী নামৰ আত্মঘাতী বোমাৰুজন বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত আছিল বুলি অনুমান কৰা হৈছে ।

বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু : সংবাদ সংস্থা ANIৰ মতে, "দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লী আৰক্ষীৰ অপৰাধ শাখাই আল ফালাহ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক জৱাদক বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে ৰুজু হোৱা দুটা গোচৰৰ সন্দৰ্ভত জেৰা কৰিব । এই বিষয়ত তেওঁক ইতিমধ্যে আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে ।

ক্ৰাইম ব্ৰাঞ্চে আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দুটা পৃথক গোচৰ ৰুজু কৰিছে । এই গোচৰসমূহ জালিয়াতি আৰু প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু কৰা হৈছে ।

দুয়োটা গোচৰতে আৰক্ষীৰ তদন্ত চলি আছে : এটা FIR ত অভিযোগ কৰা হৈছে যে প্ৰতিষ্ঠানটোৱে নিজৰ চৰকাৰী ৱেবছাইটত UGC 12B প্ৰমাণপত্ৰ মিছাকৈ দাবী কৰি ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ বাবে প্ৰলোভিত কৰিছিল ৷ আনহাতে দ্বিতীয় FIR টো ২০১৮ চনত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ (NAAC) স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ পিছতো বিশ্ববিদ্যালয়ে নামভৰ্তি কৰা হৈছিল । দুয়োটা গোচৰতে আৰক্ষীৰ তদন্ত চলি আছে ।

সোমবাৰে আন এজনক গ্ৰেপ্তাৰ কৰা হয় : ইয়াৰ পূৰ্বে সোমবাৰে এই গোচৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই কয় যে বিস্ফোৰণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ আন এজন সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে, যিয়ে ড্ৰোণক আৰু অধিক উন্নত কৰাৰ লগতে ৰকেট নিৰ্মাণৰ চেষ্টা কৰি সন্ত্ৰাসবাদী আক্ৰমণটো সম্পন্ন কৰিবলৈ কাৰিকৰী সহায় আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা NIA -এ গ্ৰেপ্তাৰ কৰে জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক, তেওঁও কাশ্মীৰী ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণ : অপৰাধমূলক ষড়যন্ত্ৰৰ অধীনত নতুন গোচৰ ৰুজু আৰক্ষীৰ

লগতে পঢ়ক : লালকিল্লাৰ সমীপৰ বিস্ফোৰণত নিহতৰ সংখ্য়া ১৫ লৈ বৃদ্ধি