নাগৰিকৰ প্ৰশ্ন সমাধানৰ বাবে ভোটাৰ সহায়ক হেল্পলাইন মুকলি নিৰ্বাচন আয়োগৰ
১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ এছ আই আৰ ঘোষণাৰ পিছতে নিৰ্বাচন আয়োগে এই শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Published : October 29, 2025 at 9:05 PM IST
নতুন দিল্লী : নাগৰিকসকলৰ সকলো প্ৰশ্ন আৰু অভাৱ-অভিযোগৰ সমাধানৰ লক্ষ্যৰে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । নিৰ্বাচন আয়োগে বুধবাৰে ৩৬ খন ৰাজ্য আৰু জিলা পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় ভোটাৰ হেল্পলাইন সক্ৰিয় কৰে ।
নিৰ্বাচন আয়োগে লগতে ‘Book-a-Call with BLO’ সুবিধাও মুকলি কৰে । ইয়াৰ সহায়ত নাগৰিকে ECINET প্লেটফৰ্মত উপলব্ধ বৈশিষ্ট্যৰ জৰিয়তে নিজৰ নিজৰ বুথ পৰ্যায়ৰ বিষয়াৰ (বি এল অ’) সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ।
১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছ আই আৰ) ঘোষণা কৰাৰ পিছতে শেহতীয়া এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
নিৰ্বাচন আয়োগে কয়, "নাগৰিকসকলৰ সকলো প্ৰশ্ন/অভিযোগৰ সমাধানৰ লক্ষ্যৰে ই চি আয়ে ৰাষ্ট্ৰীয় ভোটাৰ হেল্পলাইন সক্ৰিয় কৰিছে । ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্ৰই (National Contact Centre, NCC) সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে কেন্দ্ৰীয় হেল্পলাইন হিচাপে কাম কৰিব ।"
এন চি চিয়ে দৈনিক পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টোল ফ্ৰী নম্বৰ ১৮০০-১১-১৯৫০ৰ জৰিয়তে কাম কৰে বুলি উল্লেখ কৰি কয় যে ফোনসমূহ প্ৰশিক্ষিত ব্যক্তিয়ে চম্ভালিব আৰু তেওঁলোকে নাগৰিক আৰু অন্যান্য অংশীদাৰসকলক নিৰ্বাচনী সেৱা আৰু প্ৰশ্নৰ ক্ষেত্ৰত সহায় কৰিব ।
নিৰ্বাচন আয়োগে লগতে কয় যে সময়মতে আৰু স্থানীয় সঁহাৰি নিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল আৰু জিলাক ক্ৰমে নিজাকৈ ৰাজ্যিক যোগাযোগ কেন্দ্ৰ (State Contact Centre, SCC) আৰু জিলা যোগাযোগ কেন্দ্ৰ (District Contact Centre, DCC) স্থাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।
এই কেন্দ্ৰসমূহে সমগ্ৰ বছৰটোৰ সকলো কৰ্মদিনতে কাৰ্যালয়ৰ সময়ত কাম কৰিব আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ আঞ্চলিক ভাষাত সহায় আগবঢ়াব । লগতে কোৱা হৈছে যে সকলো অভিযোগ আৰু প্ৰশ্ন ৰাষ্ট্ৰীয় অভিযোগ সেৱা পৰ্টেলৰ (National Grievance Service Portal, NGSP 2.0) জৰিয়তে ৰেকৰ্ড আৰু অনুসৰণ কৰা হ'ব ।
নিৰ্বাচন আয়োগে লগতে কয় যে সকলো মুখ্য নিৰ্বাচন বিষয়া (চি ই অ’), ডি ই অ’, ই আৰ অ’ক নিয়মিতভাৱে অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ আৰু ইউজাৰৰ অনুৰোধ ৪৮ ঘণ্টাৰ ভিতৰত ক্ষিপ্ৰতাৰে নিষ্পত্তি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
নিৰ্বাচন আয়োগে জনাইছে, "এই সুবিধাসমূহ নিৰ্বাচন সম্পৰ্কীয় অভিযোগসমূহৰ সমাধানৰ বাবে থকা বৰ্তমানৰ ব্যৱস্থাৰ উপৰি নাগৰিকে complaints@eci.gov.in লৈ ইমেইলো প্ৰেৰণ কৰিব পাৰে ।"
নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য, মতামত, পৰামৰ্শ আৰু অভিযোগৰ বাবে প্ৰদান কৰা ভোটাৰ হেল্পলাইন নম্বৰটো হৈছে ১৯৫০ ।

