ETV Bharat / bharat

কলকাতাত অনুভূত ভূমিকম্প, অভিকেন্দ্ৰ বাংলাদেশ

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫ ৷ ক্ষয়-ক্ষতিৰ খবৰ বৰ্তমানলৈকে নাই ৷

Earthquake Tremors Felt In Kolkata, Adjacent Districts
প্ৰতীকী ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 2:09 PM IST

2 Min Read
Choose ETV Bharat

কলকাতা : পশ্চিমবংগত ভূমিকম্পৰ জোকাৰণি । শুকুৰবাৰে দিনৰ ১:২২ বজাত কলকাতাকে ধৰি ইয়াৰ আশে-পাশে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৫২ ছেকেণ্ডৰ ভিতৰত মুঠ ৩ টা কম্পন অনুভূত হয় । ইফালে ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৫ আছিল । ইফালে এঘণ্টা পূৰ্বে ১২:০২ বজাত ছিকিমৰ নামচিতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

আলিপুৰৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰে বিয়লি হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ । ভূমিকম্পৰ উৎপত্তিস্থল ১০ কিলোমিটাৰ গভীৰতাত আছিল । দুপৰীয়া ব্যস্ত কলকাতাত হঠাৎ ভূমিকম্পৰ জোকাৰণিৰ ফলত লোকসকল আতংকিত হৈ পৰে । ঘৰ, কাৰ্যালয় আৰু দোকানৰ পৰা লোকসকলে দৌৰি ওলাই আহে । কেৱল কলকাতাতে নহয়, নাদিয়া আৰু মুৰ্ছিদাবাদৰ দৰে দাঁতিকাষৰীয়া অঞ্চল আৰু জিলাৰ বাসিন্দাসকলে জোকাৰণি অনুভৱ কৰে ।

নাবান্না আৰু ডব্লিউ বি বিধানসভাও খালী কৰা হয় । বহু লোক আতংকিত হৈ ৰাজপথলৈ ওলাই আহে । কলকাতাৰ লগতে ২৪-২ পৰগনা, হাওৰা আৰু হুগলীতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । কলকাতাৰ আনন্দপুৰ, ছল্ট লেক, পাৰ্ক ষ্ট্ৰীটকে ধৰি বিভিন্ন অঞ্চলৰ কেইবাটাও কাৰ্যালয়ৰ কৰ্মচাৰীসকল আতংকিত হৈ ৰাজপথলৈ ওলাই আহে ।

ইয়াৰ পূৰ্বে ৩ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাত ভূমিকম্পই জোকাৰি গৈছিল কলকাতা । ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মধ্য ম্যানমাৰ । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬ । তেতিয়াৰে পৰা লোকসকল কিছু পৰিমাণে আতংকিত হৈ আছিল আৰু শুকুৰবাৰে পুনৰ ভূমিকম্প অহাৰ ফলত কলকাতাৰ লোকসকল অধিক আতংকিত হৈ পৰে ।

যোৱা বৃহস্পতিবাৰেও ভূমিকম্পই জোকাৰি গৈছিল উত্তৰ বংগ । পুৱা ১১:৩৪ বজাত অনুভূত হৈছিল কম্পন । উত্তৰ বংগৰ লগতে কলকাতাৰ শিলিগুৰি, জলপাইগুৰি আৰু দাৰ্জিলিঙৰ এক বিস্তৃত অঞ্চলত মৃদু কম্পন অনুভূত হৈছিল । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৬ আৰু ইয়াৰ অভিকেন্দ্ৰ আছিল ছিকিমৰ ইউকছুম ।

লগতে পঢ়ক :১৯৩০ ৰ পৰা বৰ্তমানলৈ মুঠ ৩৭৪ টা ভূমিকম্পই জোকাৰিলে ৰাজ্যক, সাজু থাকক আগন্তুক বিপদৰ বাবে !