ওনামৰ আগতীয়া উপহাৰ ! ৰামোজী গ্ৰুপ আৰু কেৰালাম ভিজনৰ উদ্যোগত ফিল্ম চিটী ট্যুৰ পেকেজ মুকলি
কেৰালামৰ ১৪খন জিলাতে বুধবাৰৰ পৰা ‘হয় কেৰালাম ভিজন পৰ্যটন ক্লাবৰ সৈতে যাবলৈ সাজু’ শীৰ্ষক আঁচনি আৰম্ভ কৰা হৈছে ৷

Published : August 6, 2026 at 12:56 AM IST
|Updated : August 6, 2026 at 1:04 PM IST
তিৰুৱনন্তপুৰম(কেৰালাম): কেৰালামবাসীৰ বাবে এক সুখবৰ ৷ আহি আছে ওনাম ৷ দেশৰ আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান ৰামোজী গ্ৰুপে এই ওনামৰ প্ৰাকক্ষণত সমগ্ৰ কেৰালামবাসীলৈ উপহাৰ লৈ আহিছে ৷ এই উপহাৰ ওনামৰ প্ৰাকক্ষণত ৰাজ্যখনৰ প্ৰতিগৰাকী লোকে লাভ কৰিব ৷
উদ্যোগক্ষেত্ৰৰ বাবে অতিকৈ পৰিচিত ৰামোজী গ্ৰুপে ৰাজ্যখনৰ সৰ্ববৃহৎ কেবল নেটৱৰ্ক প্ৰদানকাৰী সংস্থা কেৰালাম ভিজনৰ সহযোগত হায়দৰাবাদৰ বিশ্ববিখ্যাত ৰামোজী ফিল্ম চিটীৰ বাবে বিশেষ পৰ্যটন পেকেজ মুকলি কৰিছে । বিশেষভাৱে তৈয়াৰ কৰা এই পেকেজসমূহে কেৰালামৰ ভ্ৰমণকাৰীসকলক বিশ্বৰ সৰ্ববৃহৎ সংহত চলচ্চিত্ৰ ষ্টুডিঅ’ চৌহদটো ভ্ৰমণ কৰাটো সহজ আৰু আকৰ্ষণীয় কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে ।
কেৰালামৰ ১৪খন জিলাতে বুধবাৰৰ পৰা ‘হয় কেৰালাম ভিজন পৰ্যটন ক্লাবৰ সৈতে যাবলৈ সাজু’ শীৰ্ষক পেকেজটো আৰম্ভ কৰা হৈছে ৷ ইতিমধ্যে ৫ হাজাৰৰো অধিক লোকে পেকেজটোৰ সুবিধা আদায় কৰিবলৈ ইয়াৰ সৈতে জড়িত হৈ পৰিছে ৷

বুধবাৰে ৰাজ্যখনত কেৰালাম ভিজন টুৰিজিম ক্লাব উদ্বোধনৰ সময়তে এই অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হয় ৷ তাৰ পিছতে ৰামোজী ফিল্ম চিটী আৰু ক্লাবৰ প্ৰতিনিধিসকলৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ একেটা অনুষ্ঠানতে ৰামোজী ফিল্ম চিটী বিশেষ ট্যুৰ পেকেজটোও মুকলি কৰা হয় ৷
পৰ্যটন ক্লাবটো উদ্বোধন কৰি কেৰালামৰ পৰ্যটন মন্ত্ৰী পিচি বিষ্ণুনাথে ৰাজ্যখনৰ ভৱিষ্যত পৰ্যটনত নিহিত হৈ থকা বুলি মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে পৰ্যটন খণ্ডত কৰা বিনিয়োগক চৰকাৰে উদ্যোগৰ মৰ্যাদা প্ৰদান কৰিব বুলিও ঘোষণা কৰে । কেৰালামৰ প্ৰতিটো অঞ্চলতে পৰ্যটন উন্নয়নৰ অপৰিসীম সম্ভাৱনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তেলেংগানাৰ এআইচিচিৰ সচিব হিচাপে হায়দৰাবাদত প্ৰায় তিনি বছৰ কটোৱাৰ পিছতো কোনোদিনেই ৰামোজী ফিল্ম চিটী ভ্ৰমণ কৰাৰ সুযোগ নোপোৱা বুলি আক্ষেপ কৰে । মন্ত্ৰী বিষ্ণুনাথে লগতে কয়, ‘‘মই আশা কৰিছো যে অতি শীঘ্ৰেই মই তালৈ যাম ।’’
এই অনুষ্ঠানত সভাপতিত্ব কৰে চিঅ’এৰ সভাপতি প্ৰবীণ মোহনে । এই অনুষ্ঠানটোত কেৰালাম ভিজন টুৰিজিম লিমিটেডৰ পৰিচালন সঞ্চালক জ্যোতিকুমাৰ ভিএছ, চিডকোৰ অধ্যক্ষ কে বিজয়কৃষ্ণন আৰু চিঅ’এৰ সাধাৰণ সম্পাদক সুৰেশ পিবি উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷
লগতে পঢ়ক: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বলি হোৱাসকলৰ পৰিয়াললৈ চৰকাৰী চাকৰি

