ETV Bharat / bharat

দ্বি-নাগৰিকত্ব : ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ, ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশ

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে ৷

fir against rahul gandhi
বিৰোধী দলপতি ৰাহুল গান্ধী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 8:14 PM IST

2 Min Read
Choose ETV Bharat

লক্ষ্ণৌ: বিপদে পিছ এৰা নাই বিৰোধী দলপতি ৰাহুল গান্ধীৰ ৷ নেতাগৰাকীৰ বিপদ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে । দ্বি-নাগৰিকত্ব গোচৰৰ শুনানিৰ সময়ত আদালতে এই নিৰ্দেশ জাৰি কৰে ।

উল্লেখ্য যে, সংসদত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এছ ভিগনেশ শিশিৰে আৱেদন দাখিল কৰিছে । আৱেদনকাৰীয়ে লক্ষ্ণৌৰ সাংসদ/বিধায়ক আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

আৱেদনকাৰীয়ে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত উচ্চ ন্যায়ালয়ত তদন্তৰ দাবী কৰিছিল । ইয়াৰ পূৰ্বে আৱেদনকাৰীয়ে সাংসদ তথা বিধায়ক গান্ধীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল । চলিত বৰ্ষৰ ২৮ জানুৱাৰীত লক্ষ্ণৌৰ সাংসদ/বিধায়ক আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত আবেদনকাৰীৰ অনুৰোধ খাৰিজ কৰে ।

ইয়াৰ পিছতে আৱেদনকাৰীয়ে চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত আৱেদন জনায় । ১৭ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে শিশিৰৰ আৱেদন গ্ৰহণ কৰে । আদালতত এজাহাৰ দাখিল কৰাৰ সময়ত আৱেদনকাৰীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত ৰায়বৰেলীৰ কোতৱালি থানাত গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছিল ।

সাংসদ/বিধায়ক আদালতৰ সিদ্ধান্ত কি আছিল ?

লক্ষ্ণৌৰ সাংসদ/বিধায়ক আদালতত দাখিল কৰা আৱেদন ন্যায়াধীশে ইতিমধ্যে খাৰিজ কৰিছে । তৃতীয়গৰাকী বিশেষ ন্যায়াধীশ(এচিজিএম) আলোক বাৰ্মাই এই নাগৰিকত্ব সন্দৰ্ভত ৰায় প্ৰদান কৰে ।

আৱেদন দাখিল কৰাৰ পিছত আঠ দিন ধৰি শুনানি চলিছিল ৷ তাৰপিছত আদালতে এই আৱেদন খাৰিজ কৰে । আদালতে উল্লেখ কৰে যে এই বিষয়ত এতিয়াও উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে কোনো সিদ্ধান্ত লোৱা নাই । এই আদালতৰ নাগৰিকত্বৰ বিষয়ত বিচাৰ কৰাৰ কৰ্তৃত্ব নাই । আৱেদনকাৰীয়ে নিজৰ নাগৰিকত্ব সন্দৰ্ভত কোনো নতুন আৰু সুনিৰ্দিষ্ট প্ৰমাণ দাঙি ধৰা নাই যাৰ বাবে এই আৱেদন খাৰিজ কৰা হয় ।

লগতে পঢ়ক: খেড়া সিংহ নহয় ভিজা মেকুৰীহে, সেয়ে চোৰৰ দৰে পলাই আছে : বিজেপিৰ তীব্ৰ কটাক্ষ