অত্যাধুনিক অগ্নি মিছাইল সফলতাৰে উৎক্ষেপণ ডিআৰডিঅ'ৰ,চিন্তিত পাকিস্তান-চীন
ডিআৰডিঅ'ৰ বৃহৎ সফলতা ৷ এপিজে আব্দুল কালাম দ্বীপত অত্যাধুনিক অগ্নি মিছাইলৰ পৰীক্ষা সুকলমে সম্পন্ন ডিআৰডিঅ'ৰ

Published : May 9, 2026 at 8:49 PM IST
নতুন দিল্লী: ডিফেঞ্চ ৰিছাৰ্জ এণ্ড ডেভ্লপমেন্ট অৰগেনাইজেশ্বন চমুকৈ ডিআৰডিঅ'ৰ বৃহৎ সফলতা ৷ ৮ মে' তাৰিখে ওড়িশাৰ এপিজে আব্দুল কালাম দ্বীপত অত্যাধুনিক অগ্নি মিছাইলৰ পৰীক্ষা সুকলমে সম্পন্ন কৰিলে ডিআৰডিঅ'ই ৷ এই কথা সদৰি কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷
এই সন্দৰ্ভত ডিআৰডিঅ'য়ে এক্স'ত উল্লেখ কৰে,"অত্যাধুনিক অগ্নি মিছাইলৰ লগতে একেসময়তে বহু টাৰ্গেট ধ্বংস কৰিব পৰা যন্ত্ৰ চুমকৈ এমআইআৰভিৰো সফলতাৰে পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ওড়িশাৰ এপিজে আব্দুল কালাম দ্বীপত ৮ মে' তাৰিখে এই পৰীক্ষণ সম্পন্ন কৰা হয় ৷ এই মিছাইলে বহু বিস্ফোৰক সামগ্ৰী কঢ়িয়াই লৈ যোৱাৰ লগতে একেটা সময়তে কেইবাটাও লক্ষ্য ভেদ কৰিব পাৰিব ৷"
Advanced Agni missile with MIRV (Multiple Independently Targeted Re-Entry Vehicle) system was successfully tested from Dr. APJ Abdul Kalam Island, Odisha on 08th May 2026.
— DRDO (@DRDO_India) May 9, 2026
The missile was flight tested with Multiple payloads, targeted to different targets spatially distributed… pic.twitter.com/W7ufT7pwbt
এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক্সত কয়,"জাহাজবন্দৰ বা ভিন্ন স্থানৰ পৰা অত্যাধুনিক অগ্নি মিছাইলটোৰ ট্ৰেকিং কৰি পাৰিব ৷ এই অত্যাধুনিক মিছাইলটোৱে একেটা সময়তে পৃথক পৃথক স্থানত থকা লক্ষ্য ভেদ কৰিব পাৰিব ৷"
ডিআৰডিঅ'ৰ বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই পৰীক্ষণে ভাৰতীয় সেনাৰ মনোৱল বৃদ্ধি কৰিব বুলি উল্লেখ কৰি এক্সত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, "অত্যাধুনিক অগ্নি মিছাইলৰ সফল পৰীক্ষণে ভাৰতৰ সামৰিক ক্ষেত্ৰক অধিক মজুবুত কৰিলে ৷ ভাৰতৰ বাবে প্ৰত্যাহ্বান হোৱা যিকোনো বাধাকে নিঃশেষ কৰিবলৈ ভাৰত সক্ষম আৰু ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো পদক্ষেপকে উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত ৷"
উল্লেখ্য যে, ভাৰত মহাসাগৰত চীনৰ কাৰ্যকলাপ বৃদ্ধি, আমেৰিকা-ইৰানৰ যুদ্ধ আনফালে পাকিস্তানৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সামৰিক খণ্ডক মজবুত কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে ৷
লগতে পঢ়ক:বেংগালুৰুত বুলেট ট্ৰেইনৰ ডবা নিৰ্মাণৰ নতুন কাৰখানা মুকলি

