গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ৰুটীৰ ঋণ পৰিশোধ কৰিলে প্ৰভুভক্তই
কুকুৰ প্ৰভুভক্ত বুলি সৰ্বজনবিদিত । কিদৰে কুকুৰে পাহৰি নাযায় গৰাকীৰ মৰম, সেইকথা আকৌ প্ৰমাণিত কৰিলে আন এক ঘটনাই ।

Published : April 22, 2026 at 4:11 PM IST
ফৰিদাবাদ: কুকুৰ হৈছে আনুগত্য প্ৰকাশৰ এক উৎকৃষ্ট উদাহৰণ । যিকোনো প্ৰকাৰে গৰাকীৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে কুকুৰে । পিছে এইবাৰ পোহৰলৈ আহিছে প্ৰভুভক্তৰ আনুগত্যৰ এক কৰুণ কাহিনী । যি গৰাকীয়ে ইমানদিনে খুৱাই-বোৱাই ডাঙৰ-দীঘল কৰিছিল কুকুৰকেইটাক, তেওঁ নিৰুদ্দেশ হৈ পৰিল ৬ দিন ধৰি । গৰাকীৰ সন্ধানত নামি পৰিল কুকুৰকেইটা আৰু অৱশেষত সিহঁতেই উদ্ধাৰ কৰিলে গৰাকীৰ মৃতদেহ ।
ঘটনা ফৰিদাবাদৰ বল্লভগড়ৰ কবুলপুৰ গাঁৱৰ । ১৫ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী ৪৫ বছৰীয়া মহিলা । সেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিলে দুটা গৰাকীবিহীন কুকুৰে । আশ্চৰ্যজনক কথা এয়ে যে এই কুকুৰ দুটাক মৃত মহিলাগৰাকীয়ে প্ৰতিদিনে নিজ হাতেৰে ৰুটী খুৱাইছিল । তাৰেই যেন ঋণ পৰিশোধ কৰিলে কুকুৰ দুটাই । ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহটো আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে ।
১৫ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী:
জানিবপৰা মতে কবুলপুৰ কলনীৰ নিবাসী মহিলাগৰাকী ১৫ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈছিল । পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰত খা-খবৰ কৰিছিল যদিও কোনো শুং-সূত্ৰ পোৱা নাছিল । মহিলাগৰাকীয়ে প্ৰতিদিনে গৰাকীবিহীন শ্বেৰু আৰু ৰকী নামৰ কুকুৰ দুটাক খাদ্য যোগান ধৰিছিল, যাৰ বাবে দুয়োটা কুকুৰক প্ৰায়ে তেওঁৰ ঘৰৰ আশে পাশে দেখা গৈছিল ।
কুকুৰ দুটাই উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ:
মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পাছত আন দিনকেইটাৰ দৰে ১৮ এপ্ৰিলৰ দিনাও পৰিয়ালৰ লোকে অনুসন্ধান অব্য়াহত ৰাখিছিল । ঠিক তেনে সময়তে শ্বেৰু আৰু ৰকীয়ে দ' খাৱৈ এটাৰ ফালে দৌৰিবলে ধৰে । কাষৰ জোপোহা এটাৰ পৰা কুকুৰ দুটাই মহিলাগৰাকীৰ শাৰীখন উদ্ধাৰ কৰে । কাষতে মেটেকাৰে আবৃত্ত এটা নলা আছিল । তৎমুহূৰ্ততে শ্বেৰুৱে নলাটোত জাঁপ দিয়ে । মেটেকাবোৰ আঁতৰি যোৱাৰ লগে লগে পানীত মহিলাগৰাকীৰ ভৰি দেখা পোৱা যায় । ইয়াৰ পাছত স্থানীয় লোকৰ সহযোগত মৃতদেহটো নলাৰ পৰা ওপৰলৈ অনা হয় আৰু আৰক্ষীক খবৰ দিয়া হয় ।
স্থানীয় লোকে জনাই যে মহিলাগৰাকীয়ে প্ৰতিদিনে নিজ হাতেৰে এই কুকুৰ দুটাক ৰুটী খুৱাইছিল । সেইবাবেই কুকুৰ দুটাক তেওঁৰ ঘৰৰ আশে পাশে থাকি পহৰা দি থাকে । কোনো অচিনাকী ব্যক্তিকে ঘৰটোৰ কাষলৈকো আহিবলৈ দিয়া নাছিল ।
হত্যাৰ মূল অভিযুক্তৰ পলায়ন:
আৰক্ষী বিষয়া যশপাল সিঙে কয় যে এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে কবুলপুৰৰ নিবাসী জগমন্দিৰ ডাগৰক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে কয়,"এই হত্যাকাণ্ডৰ মূল অভিযুক্ত তেওঁৰ পুত্ৰ পৰমজিৎ, যি বৰ্তমান পলাতক । তদন্তত পোহৰলৈ আহে যে ১৫ এপ্ৰিলত জগমন্দিৰে মটৰচাইকেলেৰে মহিলাগৰাকীৰ ঘৰত চিলিণ্ডাৰ দিবলৈ গৈছিল । ইয়াৰ পিছত তেওঁ মহিলাগৰাকীক বিদ্যুৎ বিল পৰিশোধ কৰোৱাৰ চলেৰে নিজৰ লগত লৈ যায় । ওভতাৰ পথত তেওঁ মহিলাগৰাকীক নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো নলাত পেলাই দিয়ে ।"

